হোটেলত বিধ্বংসী অগ্নিকাণ্ড, ১৪ জন লোকৰ মৃত্যু, জপিয়াই নিজৰ জীৱন ৰক্ষা কৰিলে বহু লোকে

পশ্চিমবংগৰ ৰাজধানী কলকাতাৰ হোটেলত নিশা বিধ্বংসী অগ্নিকাণ্ড। এই ঘটনাত ১৪ জন লোকৰ মৃত্যু হয়। জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে অগ্নিনিৰ্বাপক বাহিনীয়ে। তীব্ৰগতিত চলি আছে সাহায্য আৰু উদ্ধাৰৰ কাম। অগ্নিকাণ্ডৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় কলকাতাৰ মেয়ৰ ফিৰহাদ হাকিম আৰু মন্ত্ৰী শশী পাঞ্জা।

হোটেলত বিধ্বংসী অগ্নিকাণ্ড, ১৪ জন লোকৰ মৃত্যু, জপিয়াই নিজৰ জীৱন ৰক্ষা কৰিলে বহু লোকে

কলকাতাৰ হোটেলত নিশা বিধ্বংসী অগ্নিকাণ্ড

Updated On: 

30 Apr 2025 | 08:37 AM

নিশা কলকাতাৰ এখন হোটেলত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ড সংঘটিত হৈছিল সেই হোটেলখনৰ নাম হৈছে শ্ৰুতুৰাজ হোটেল।  কলকাতাৰ মেচুৱাপট্টি অঞ্চলত অৱস্থিত এই হোটেলখন। মঙলবাৰে নিশা হোটেলখনত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড ।  জুই লগাৰ পিছত ততাতৈয়াকৈ অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীক দিয়া হয়। অগ্নিকাণ্ডৰ খবৰ পোৱাৰ লগে লগে সেই স্থানত উপস্থিত হৈ জুই নিয়ন্ত্ৰণৰ চেষ্টা আৰম্ভ কৰে অগ্নিনিৰ্বাপক বাহিনীৰ বাহনসমূহে। এই অগ্নিকাণ্ড ইমানেই ভয়াৱহ আছিল যে ১৪ জনকৈ লোকে প্ৰাণ হেৰুৱালগীয়া হয়।

অগ্নিকাণ্ডক লৈ কলকাতা আৰক্ষী আয়ুক্ত মনোজ কুমাৰ বাৰ্মাই কয়, “নিশা প্ৰায় ৮:১৫ বজাত শ্ৰুতুৰাজ হোটেলত সংঘটিত এই অগ্নিকাণ্ড। ১৪টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। উদ্ধাকাৰী দলসমূহে বহু লোকক উদ্ধাৰ কৰিছে। নিয়ন্ত্ৰণলৈ অনা হৈছে জুই। সাহায্য আৰু উদ্ধাৰৰ কাম চলি আছে। ঘটনাৰ কাৰণবিচাৰি অধিক তদন্ত চলি আছে। তদন্তৰ বাবে গঠন কৰা হৈছে এটা বিশেষ দল ।”

ইফালে হোটেলখনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ পোৱাৰ পিছতে সেই স্থানত উপস্থিত হয় কলকাতাৰ মেয়ৰ ফিৰহাদ হাকিম। ঘটনাস্থলীত উপস্থিত হৈছে মন্ত্ৰী শশী পাঞ্জা। অগ্নিকাণ্ড সন্দৰ্ভত ফিৰহাদ হাকিমে কয়, “মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তেওঁৰ পৰা এই ঘটনাৰ তথ্য লৈছে।” উল্লেখ্য যে,  এই ঘটনাৰ পিছৰে পৰা পলাতক অৱস্থাত আছে হোটেলখনৰ স্বত্বাধিকাৰী । ইফালে এই অগ্নিকাণ্ডৰ ঘটনাৰ পিছত ৰাজ্য চৰকাৰক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে কেন্দ্ৰীয় মন্ত্ৰী তথা পশ্চিমবংগ বিজেপিৰ সভাপতি সুকান্ত মজুমদাৰে ।

কি ক’লে পশ্চিমবংগ বিজেপিৰ সভাপতিয়ে?

ইয়াৰ সমান্তৰালকৈ পশ্চিমবংগ বিজেপিৰ সভাপতিয়েও চৰকাৰক অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত লোকসকলক উদ্ধাৰ কৰি তাৎক্ষণিক সহায় আগবঢ়াবলৈ কয়। এটা পোষ্টত তেওঁ কয়, ‘মই ৰাজ্য প্ৰশাসনক অনুৰোধ কৰিছো যে ক্ষতিগ্ৰস্ত লোকসকলক শীঘ্ৰে উদ্ধাৰ কৰি তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰক। তেওঁলোকক প্ৰয়োজনীয় চিকিৎসা আৰু মানৱীয় সাহায্য প্ৰদান কৰা। ইয়াৰ উপৰিও ভৱিষ্যতে এনে মৰ্মান্তিক কাণ্ড ৰোধ কৰিবলৈ অগ্নিনিৰ্বাপক ব্যৱস্থাৰ সম্যক পৰ্যালোচনা আৰু অধিক কঠোৰ নিৰীক্ষণৰ বাবে আবেদন জনাইছো।’

এই ঘটনাক লৈ কলকাতা নিগমক সমালোচনা কৰে পশ্চিমবংগ কংগ্ৰেছৰ সভাপতি সুভাংকৰ সৰকাৰে। এই ঘটনা অতি দুখজনক বুলি কয় কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। তেওঁ কয়, “এতিয়াও বহু লোক অট্টালিকাটোত আবদ্ধ হৈ আছে। নিৰাপত্তাৰ কোনো ব্যৱস্থা নাছিল। নিগমে কি কৰি আছে নাজানো।”

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...