কামাখ্যা মন্দিৰক অপমান কৰা ৱাজাহাট খানক কলকাতাত গ্ৰেপ্তাৰঃ এই গোচৰতো আছিল জড়িত…

সামাজিক মাধ্যম যোগে কামাখ্যা মন্দিৰ সন্দৰ্ভত অপমানজনক মন্তব্য কৰাৰ অভিযোগত অভিযুক্ত ৱাজাহাট খানক গ্ৰেপ্তাৰ কৰা হৈছে। কলকাতা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিতৰ্কিত ৱাজাহাট খানক। ধৃত খানৰ বিৰুদ্ধে হিন্দু দেৱতা, হিন্দু পৰম্পৰা আৰু সমাজক লক্ষ্য কৰি অপমানজনক, উচতনিমূলক আৰু যৌনগন্ধী ভাষা ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।

কামাখ্যা মন্দিৰক অপমান কৰা ৱাজাহাট খানক কলকাতাত গ্ৰেপ্তাৰঃ এই গোচৰতো আছিল জড়িত…

কামাখ্যা মন্দিৰক অপমান কৰা ৱাজাহাট খানক গ্ৰেপ্তাৰ

Updated On: 

10 Jun 2025 | 10:23 AM

গ্ৰেপ্তাৰ হৈছে ৱাজাহাট খান। সাম্প্ৰদায়িক বিদ্বেষমূলক মন্তব্যৰ অভিযোগত কলকাতা আৰক্ষীয়ে সোমবাৰে ৱাজাহাট খানক গ্ৰেপ্তাৰ কৰে। কলকাতা আৰক্ষীয়ে প্ৰকাশ কৰা মতে, গলফ গ্ৰীণ থানাত ৰুজু হোৱা গোচৰত ৱাজাহাট খানক আমহাৰ্ষ্ট ষ্ট্ৰীট পি এছ এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। সামাজিক মাধ্যম যোগে ঘৃণামূলক বক্তব্যৰে ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অভিযোগত তেওঁৰ বিৰুদ্ধে বিএনএছ ধাৰা ১৯৬(১)(ক)/২৯৯/৩৫২/৩৫৩(১)(গ)ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে বুলি জানিব পৰা গৈছে।

বিতৰ্কিত ৱাজাহাট খানৰ বিৰুদ্ধে দাখিল কৰা গোচৰসমূহত হিন্দু দেৱতা, হিন্দু পৰম্পৰা আৰু সমাজক লক্ষ্য কৰি অপমানজনক, উচতনিমূলক আৰু যৌনগন্ধী ভাষা ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। কলকাতাৰ লগতে অসম আৰু দিল্লীত ৱাজাহাট খানৰ বিৰুদ্ধে কেইবাখনো এফআইআৰ ৰুজু হৈছে। ৱাজাহাট খানে সামাজিক মাধ্যম যোগে কামাখ্যা মন্দিৰ সন্দৰ্ভত অপমানজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছিল।

ইয়াৰ পিছতে গুৱাহাটীৰ পানবজাৰ থানাত তেওঁৰ বিৰুদ্ধে এক গোচৰ ৰুজু হৈছিল। এই গোচৰৰ ভিত্তিত ৱাজাহাট খানক গ্ৰেপ্তাৰৰ বাবে অসম আৰক্ষীয়ে পশ্চিম বংগত বাহৰ পতা বুলি জানিবলৈ দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু এই গোচৰত কলকাতা আৰক্ষীয়ে ৱাজাহাট খানক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত অসম আৰক্ষীক সহযোগিতা আগবঢ়াবনে, সেয়া সন্দেহ আছে বুলিও তেওঁ মন্তব্য কৰিছিল।

 

মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ বিপৰীতে অৱশ্যে অসম আৰক্ষীয়ে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাছিল। লক্ষণীয়ভাৱে ৱাজাহাট খান পোনপ্ৰথমে চ’ছিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ শৰ্মিষ্ঠ পাণোলিৰ বিৰুদ্ধে গোচৰৰ বাবে চৰ্চালৈ আহিছিল। আইনৰ ছাত্ৰী তথা ইনফ্লুৱেঞ্চাৰ শৰ্মিষ্ঠ পাণোলিৰ বিৰুদ্ধে গোচৰৰ অন্যতম মূল অভিযোগকাৰী আছিল ৱাজাহাট খান।

পাণোলিয়ে অপাৰেচন সিন্দুৰ সন্দৰ্ভত এক পোষ্ট যোগে ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অভিযোগ উত্থাপন কৰিছিল ৱাজাহাট খানে। সম্প্ৰতি ডিলিট হোৱা এই ভিডিঅ’টোত পাণোলিয়ে পাকিস্তানৰ বিৰুদ্ধে সামৰিক অভিযানক লৈ মৌনতা অৱলম্বন কৰাৰ বাবে বলীউডৰ মুছলমান তাৰকাসকলৰ বিৰুদ্ধে বিদ্বেষমূলক আৰু সাম্প্ৰদায়িক মন্তব্য কৰা দেখিবলৈ পোৱা গৈছিল।

ইয়াৰ পিছতে পাণোলিৰ বিৰুদ্ধে কেইবাখনো এফআইআাৰ ৰুজু কৰা হৈছিল। এনে গোচৰৰ ভিত্তিত কলকাতা আৰক্ষীয়ে পাণোলিক গ্ৰেপ্তাৰ কৰিছিল। ইফালে পাণোলিৰ গ্ৰেপ্তাৰৰ পিছতে ৱাজাহাট খানৰ সামাজিক মাধ্যম একাউণ্টতো হিন্দু ধৰ্মৰ বিৰুদ্ধে কেতবোৰ অশালীন আৰু বিদ্বেষমূলক কথা-বতৰা পোহৰলৈ আহে আৰু তাৰ পিছতে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়।

ইয়াৰ পিছৰে পৰা ৱাজাহাট খানৰ সন্ধানত আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছিল যদিও তেওঁ পলাতক অৱস্থাত আছিল। লক্ষণীয়ভাৱে ৱাজাহাট খানৰ পিতৃয়ে সংবাদ মাধ্যমৰ আগত ৱাজাহাট খান নিজ গৃহলৈ ঘূৰি যোৱা নাই আৰু পাণোলিৰ জীৱন ধ্বংস কৰাৰ অভিযোগত তেওঁলোকৰ পৰিয়ালে বহু ভাবুকি লাভ কৰা বুলি মন্তব্য কৰিছিল। তেওঁ লগতে পুত্ৰ ৱাজাহাটৰ সামাজিক মাধ্যম একাউণ্ট হেক হোৱা বুলিও দাবী কৰিছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...