Kishtwar Cloud Burst: এফালে স্বাধীনতাৰ আনন্দ, আনফালে জম্মু-কাশ্মীৰত মৃত্যু প্ৰায় ৪৫জনৰ, সন্ধানহীন ২০০ৰো অধিক…
এফালে স্বাধীনতাৰ আনন্দ আনফালে জম্মু-কাশ্মীৰত বহু লোকৰ মৃত্যু। কিষ্টৱাৰ জিলাত সংঘটিত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত বহু লোকৰ মৃত্যু হোৱাৰ লগতে বহু আহত হয়। ইয়াৰোপৰি প্ৰায় ২০০ জন সন্ধানহীন হৈ আছে।

জম্মু-কাশ্মীৰ
এফালে দেশে পালন কৰি আছে ৭৯ সংখ্যক স্বাধীনতা দিৱস, আনফালে জম্মু-কাশ্মীৰত মৃত্যু হৈছে বহু লোকৰ। বৃহস্পতিহাৰে দুপৰীয়া ১২.৩০ বজাত হঠাতে জম্মু-কাশ্মীৰৰ কিষ্টৱাৰত ডাৱৰ বিস্ফোৰণ হয়। এই ঘটনা মচৈলা মাতা মন্দিৰৰ তীৰ্থযাত্ৰাত সংঘটিত হয়, য’ত চিআইএছএফৰ দুজন জোৱানকে ধৰি প্ৰায় ৪৫জন লোকৰ মৃত্যু হয়। মৃত্যু হোৱা লোকৰ সংখ্যা পৰৱৰ্তী সময়ত বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।
ইয়াৰোপৰি সন্ধানহীন হৈ আছে ২০০ জনতকৈ অধিক লোক। জানিব পৰা মতে, ঘটনাস্থলীত ডাৱৰ বিস্ফোৰণৰ পাছতে হঠাতে অঞ্চলটোত ভয়ংকৰ বানপানী আৰু ভূমিস্খলন হয়। য’ত ১০০ জনতকৈ অধিক লোক আহত, ইয়াৰে ৩৭ জনৰ অৱস্থা সংকটজনক হৈ আছে। এই সকলোবোৰ চিকিৎসাধীন অৱস্থাত আছে।
জানিব পৰা মতে, মচৈলা মাতা মন্দিৰলৈ যোৱাৰ পথত চাশোটি গাঁৱত এই ঘটনা সংঘটিত হয়। এই সময়ত উক্ত স্থানত যথেষ্ঠ সংখ্যক লোক সমবেত হৈ আছিল। ৯৫০০ ফুট উচ্চতাত অৱস্থিত মচাইল মাতা মন্দিৰলৈ যাবলৈ ভক্তসকলে প্ৰথমে মটৰ গাড়ীৰেহে যাব পাৰে। পাছত খোজকাঢ়ি ৮.৫ কিলোমিটাৰ যাত্ৰা কৰিব লগা হয়। বিষয়াসকলৰ মতে, এতিয়ালৈকে বহু মৃতদেহ উদ্ধাৰ কৰা হৈছে যদিও মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে। এতিয়াও প্ৰায় ২০০ জন সন্ধানহীন হৈ আছে।
কিষ্টৱাৰ চহৰৰ পৰা প্ৰায় ৯০ কিলোমিটাৰ দূৰত অৱস্থিত এই গাঁওখন। এই অঞ্চলত ভক্তৰ বাবে লাংগাৰ স্থাপন কৰা হৈছে। যিস্থানত এই ঘটনা সংঘটিত হয় তাত বহু সংখ্যক ভক্ত আছিল। ডাৱৰ বিস্ফোৰণ ফলত হোৱা ভয়ংকৰ বানপানীয়ে অঞ্চলটোৰ দোকান-পোহৰ, নিৰাপত্তাৰক্ষীৰ বেষ্টনী আদি উটুৱাই লৈ যায়। লগে লগে সেই স্থানত উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। বৰ্তমান অঞ্চলটোত উদ্ধাৰ অভিযান অব্যাহত আছে।
এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ কয় যে, জম্মু-কাশ্মীৰৰ কিষ্টৱাৰ জিলাৰ ডাৱৰ বিস্ফোৰণৰ ফলত ক্ষতিগ্ৰস্ত হোৱা সকলো লোকৰ সৈতে তেওঁ আছে। লোকসকলক সকলো ধৰণৰ সহায় কৰাৰ আশ্বাস দিয়ে তেওঁ। এই সন্দৰ্ভত সামাজিক মাধ্যমত এক পোষ্ট দি মোদীয়ে কয় যে,জম্মু-কাশ্মীৰৰ কিষ্টৱাৰত ডাৱৰ বিস্ফোৰণ আৰু বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা সকলো লোকলৈ মোৰ সমবেদনা আৰু প্ৰাৰ্থনা। পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰখা হৈছে। উদ্ধাৰ আৰু সাহায্য অভিযান চলি আছে।
অন্য খবৰ পঢ়কঃ Independence Day 2025: আজি স্বাধীনতা দিৱসঃ জানক এই দিনটোৰ ইতিহাস, মহত্ব আদি সকলো…