মাত্ৰ ৩৫ টকাত এক্স ৰে, ৭ টকাত তেজ পৰীক্ষা! ‘দুখীয়াৰ বন্ধু’ৱে খুলিছে নতুন চিকিৎসালয়, দূৰ হ’ব দৰিদ্ৰজনৰ চিন্তা

তেওঁৰ লক্ষ্য এটাই— দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলক সহজে শিক্ষা প্ৰদান কৰা। এইবাৰ তেওঁ আন এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। কেৱল শিক্ষাই নহয়, দেশৰ স্বাস্থ্য ব্যৱস্থাতো ডাঙৰ পৰিৱৰ্তন আনিব তেওঁ। জানো আহক এই বিষয়ে।

মাত্ৰ ৩৫ টকাত এক্স ৰে, ৭ টকাত তেজ পৰীক্ষা! ‘দুখীয়াৰ বন্ধু’ৱে খুলিছে নতুন চিকিৎসালয়, দূৰ হ’ব দৰিদ্ৰজনৰ চিন্তা

খান চাৰে খুলিছে নতুন চিকিৎসালয়

Updated On: 

19 Jan 2026 | 01:53 PM

ইউটিউবৰ পৰা ছ’চিয়েল মিডিয়ালৈকে দেশজুৰি অত্যন্ত জনপ্ৰিয় এটি নাম খান চাৰ। এতিয়া ঘৰে ঘৰে এই খান চাৰ এক চিনাকি মুখ। চৰকাৰী চাকৰিৰ প্ৰস্তুতি চলাওঁতে যিবোৰ বিষয় পঢ়িবলৈ শিক্ষাৰ্থীসকল সমস্যাৰ সন্মুখীন হয়, সেই বিষয়সমূহ অত্যন্ত সহজ ভাষাৰে বুজাই দিয়ে খান চাৰে। তেওঁৰ লক্ষ্য এটাই— দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলক সহজে শিক্ষা প্ৰদান কৰা। এইবাৰ খান চাৰে আৰু এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। কেৱল শিক্ষাই নহয়, দেশৰ স্বাস্থ্য ব্যৱস্থাতো ডাঙৰ পৰিৱৰ্তন আনিব খান চাৰে।

পাটনাত খান চাৰে আৰম্ভ কৰিছে এক সুলভ মূল্যৰ হাস্পতাল। ইয়াত চৰকাৰী হাস্পতালতকৈও কম খৰচত চিকিৎসা সেৱা পোৱা যাব। যিদৰে তেওঁ লাখ লাখ শিক্ষাৰ্থীৰ ওচৰত সহজে শিক্ষা বিলাইছে, তেনেদৰেই এই হাস্পতালে কম খৰচত চিকিৎসাৰ ব্যৱস্থা কৰিব।

খান চাৰে জনাইছে যে এই হাস্পতালখন তেওঁ দৰিদ্ৰ মানুহৰ বাবে নিৰ্মাণ কৰিছে, যিসকল লোকৰ বাবে ব্যক্তিগত স্বাস্থ্য কেন্দ্ৰলৈ গৈ চিকিৎসা কৰোৱা সম্ভৱ নহয়। তেওঁ এনে এক স্বাস্থ্য সেৱা গঢ়ি তুলিব বিচাৰে যি সকলোৰে সাধ্যৰ ভিতৰত থাকে, অথচ চিকিৎসা সেৱাত কোনো ত্ৰুটি নাথাকে।

পাটনা প্ৰেছক দিয়া এক সাক্ষাৎকাৰত খান চাৰে কয়, “আমাৰ লক্ষ্য এটাই, সকলোৰে সাধ্যৰ ভিতৰত চিকিৎসাৰ ব্যৱস্থা কৰা। আমাৰ হাস্পতালত চিকিৎসা চৰকাৰী হাস্পতালতকৈও কম দামত হ’ব।” খান চাৰে জনাইছে যে তেওঁৰ মাতৃৰ সৈতে হোৱা সাধাৰণ কথা-বতৰাৰ পৰাই হাস্পতাল নিৰ্মাণৰ পৰিকল্পনা আহে।

এদিন তেওঁৰ মাতৃয়ে দৰিদ্ৰ মানুহৰ সমস্যা আৰু ধনৰ অভাৱত কেনেকৈ তেওঁলোক চিকিৎসাৰ পৰা বঞ্চিত হয়, সেই বিষয়ে কৈ আছিল। মাতৃৰ কথা শুনিয়েই খান চাৰে নিজাকৈ হাস্পতাল নিৰ্মাণৰ সিদ্ধান্ত লয়। খান চাৰে উল্লেখ কৰা মতে পাটনাত নিৰ্মিত এই হাস্পতালত বিভিন্ন তেজ পৰীক্ষা মাত্ৰ ৭ টকাত কৰিব পৰা যাব।

একেদৰে ইচিজি কৰিব পৰা যাব মাত্ৰ ২৫ টকাত। এক্স-ৰে কৰিব পৰা যাব ৩৫ টকাত। ডিজিটেল এক্স-ৰে পোৱা যাব ৭০ টকাত। এই হাস্পতালত অত্যাধুনিক এক্স-ৰে মেচিনৰ পৰা আৰম্ভ কৰি উন্নত ডায়ালাইচিছ ইউনিট থাকিব। অপাৰেচন থিয়েটাৰো থাকিব।

খান চাৰে জানিবলৈ দিয়া মতে তেওঁৰ মাতৃয়ে নিজেই এই মূল্য ধাৰ্য কৰি দিছে। দিনমজুৰ, ৰিক্সাচালকৰ দৰে দৰিদ্ৰ মানুহেও যাতে দ্ৰুত চিকিৎসা লাভ কৰে আৰু ধনৰ অভাৱত জৰুৰী চিকিৎসাৰ পৰা বঞ্চিত নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা কৰা হৈছে।

যিহেতু টাইলছত বহুতো বেক্টেৰিয়াৰ জন্ম হয়, সেয়েহে এই হাস্পতালত টাইলছৰ পৰিৱৰ্তে বিশেষ ‘মেডিকেল গ্ৰেড মেট’ ব্যৱহাৰ কৰা হৈছে। কেৱল কম খৰচত চিকিৎসাই নহয়, খান চাৰৰ হাস্পতালত ৰোগী আৰু তেওঁৰ পৰিয়ালক বিনামূলীয়াকৈ খাদ্যও দিয়া হ’ব। খৰচ কম হ’লেও কোনো ত্ৰুটি নাথাকিব চিকিৎসা বা পৰিষ্কাৰ-পৰিচ্ছন্নতাত।

জিভাৰ ৰঙে দিব আপোনাৰ দেহত নীৰৱে বাঢ়ি অহা সমস্যাৰ সংকেত! জানিলে হ’ব পাৰিব সাৱধান
আহিব দুখ-দুৰ্দশা! ঘৰৰ সন্মুখত নাৰাখিব এই বস্তু...
হ'ব সমস্যা! ভুলতো ব্যৱহাৰ নকৰিব মৃতকৰ এই ৫ বস্তু...
মৃত্যুৰ কিমান দিন পিছত আত্মাই নতুন শৰীৰত প্ৰৱেশ কৰে? জানক...
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি