দেশবাসীৰ হৃদয় জিনিলে তিনি মহিলা সেনা বিষয়াইঃ এনে মহৎ উদ্দেশ্যত দান কৰিব KBCত জয় কৰা ২৫ লাখ টকা

এই তিনিওগৰাকী সেনা বিষয়াই এই শ্ব’টোৰ হট চিটত বহি ২৫ লাখ টকাৰ ধনৰাশি লাভ কৰে। অনুষ্ঠানৰ আঁত ধৰোঁতা অমিতাভ বচ্চনে তিনিগৰাকী মহিলা বিষয়াৰ পৰা এই ধনৰাশি তেওঁলোকে কিদৰে খৰচ কৰিব, সেই বিষয়ে জানিব বিচাৰে। বিগ বিৰ এই প্ৰশ্নত সেনা বিষয়াকেইগৰাকীয়ে দিয়া উত্তৰে স্বাধীনতা দিৱসৰ মহান ক্ষণত পুনৰ এবাৰ দেশবাসীৰ জয় কৰে।

দেশবাসীৰ হৃদয় জিনিলে তিনি মহিলা সেনা বিষয়াইঃ এনে মহৎ উদ্দেশ্যত দান কৰিব KBCত জয় কৰা ২৫ লাখ টকা

দেশবাসীৰ হৃদয় জিনিলে তিনি মহিলা সেনা বিষয়াই

Updated On: 

16 Aug 2025 | 12:43 PM

স্বাধীনতা দিৱস উপলক্ষে শুকুৰবাৰে সমগ্ৰ দেশ দেশপ্ৰেমৰ ভাৱধাৰাৰে উদ্বুদ্ধ হৈ উঠে এই মহান দিনটোত দেশৰ স্বাধীনতাৰ যুঁজৰ প্ৰতিগৰাকী সেনানীক সশ্ৰদ্ধ স্মৰণ কৰিলে সকলোৱে লগতে দেশৰ নিৰাপত্তাত নিয়োজিত নিৰাপত্তাৰক্ষীসকলৰ প্ৰতিও সকলোৱে জনালে সন্মান টেলিভিচনৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ‘কৌন বনেগা কড়োৰপতি ১৭ সংখ্যক সংস্কৰণৰ ১৫ আগষ্টৰ খণ্ডটোও দেশৰ নামত উৎসৰ্গা কৰা হয়। বিগ বি অমিতাভ বচ্চনৰ এই অনুষ্ঠানৰ শুকুৰবাৰৰ খণ্ডত ভাৰতীয় সেনাৰ তিনিগৰাকী সাহসী মহিলা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বী, উইং কমাণ্ডাৰ ব্যোমিকা সিং আৰু কমাণ্ডাৰ প্ৰেৰণা দেৱস্থলী উপস্থিত থাকে

এই তিনিওগৰাকী সেনা বিষয়াই এই শ্বটোৰ হট চিটত বহি ২৫ লাখ টকাৰ ধনৰাশি লাভ কৰে। অনুষ্ঠানৰ আঁত ধৰোঁতা অমিতাভ বচ্চনে তিনিগৰাকী মহিলা বিষয়াৰ পৰা এই ধনৰাশি তেওঁলোকে কিদৰে খৰচ কৰিব, সেই বিষয়ে জানিব বিচাৰে বিগ বিৰ এই প্ৰশ্নত সেনা বিষয়াকেইগৰাকীয়ে দিয়া উত্তৰে স্বাধীনতা দিৱসৰ মহান ক্ষণত পুনৰ এবাৰ দেশবাসীৰ জয় কৰে

দেশৰ নিৰাপত্তাত নিয়োজিত এই মহিলা সেনা বিষয়াসকলে KBCত লাভ কৰা সমুদায় ধনৰাশি সেনাৰ সৈতে জড়িত কল্যাণমূলক পুঁজিলৈ দান কৰাৰ কথা ঘোষণা কৰে। তেওঁলোকৰ এই পদক্ষেপে জয় কৰে সকলোৰে হৃদয় এনে পদক্ষেপৰ দ্বাৰা এই সাহসী মহিলাসকল যে দেশৰ নিৰাপত্তা ৰক্ষাৰ সমান্তৰালকৈ সৈনিক আৰু সৈনিকসকলৰ পৰিয়ালৰ কল্যাণৰ বাবেও সম্পূৰ্ণৰূপে উৎসৰ্গিত, সেয়া পুনৰবাৰ প্ৰমাণ কৰে

কৰ্ণেল ছফিয়া কুৰেশ্বীয়ে তেওঁৰ বিজয়ী ধনৰাশি ভাৰতীয় সেনা জোৱানৰ পৰিয়ালৰ কল্যাণৰ বাবে কাম কৰা ‘Indian Army Central Welfare’লৈ দান কৰাৰ কথা ঘোষণা কৰে। একে সময়তে উইং কমাণ্ডাৰ ব্যোমিকা সিঙে কয় যে Air Force Family Welfare Association- এ বিশেষভাৱে সক্ষম শিশুৰ শিক্ষা আৰু যত্নৰ বাবে কাম কৰা ‘উমীদ’ নামৰ এখন বিদ্যালয় চলাই আছে।

নিজৰ বিজয়ী ধনৰাশি এই উদাৰ কামৰ বাবে আগবঢ়াব বুলি তেওঁ জানিবলৈ দিয়ে। আনহাতে নৌসেনাৰ কমাণ্ডাৰ প্ৰেৰণা দেৱস্থলীয়ে তেওঁৰ বিজয়ী ধনৰাশি ‘Indian Navy Welfare and Wellness’লৈ আগবঢ়াব বুলি ঘোষণা কৰে তেওঁলোকৰ এই ঘোষণাৰ লগে লগে অনুষ্ঠানত উপস্থিত থকা দৰ্শকসকলে হাত চাপৰিৰে অভিবাদন জনায়

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...