“দেশৰ বাবে জেহাদ অপৰিহাৰ্য, পাঠ্যক্ৰমতো অন্তৰ্ভুক্ত হ’ব লাগে”, জেহাদৰ সমৰ্থনত মাহমুদ মাদানীৰ বিস্ফোৰক মন্তব্য
বিতৰ্কিত বক্তব্যৰ বাবে পৰিচিত মাহমুদ মাদানীয়ে জেহাদৰ বিষয়ে মুকলিকৈ বক্তব্য প্ৰদান কৰে। তেওঁ কয় যে জেহাদ ইছলামৰ ধাৰ্মিক আৰু পবিত্ৰ শব্দ। জেহাদৰ অপব্যৱহাৰ কৰাসকল ইছলামৰ শত্ৰু। ইয়াৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে দেশৰ জনসাধাৰণে জেহাদ কি, ইয়াৰ বিভিন্ন প্ৰকাৰ, কি পৰিস্থিতিত জেহাদ কৰা হয় সেয়া জানি লোৱাটো অতি গুৰুত্বপূৰ্ণ।

মৌলানা মাহমুদ মাদানী
জমিয়ত উলেমা-ই-হিন্দৰ মুৰব্বী মৌলানা মাহমুদ মাদানীয়ে নিজৰ বক্তব্যৰ বাবে ধাৰাবাহিকভাৱে শিৰোনাম দখল কৰি আহিছে। এইবাৰ তেওঁ জেহাদ সন্দৰ্ভত এক চাঞ্চল্যকৰ বক্তব্য আগবঢ়াইছে। তেওঁ উল্লেখ কৰে যে দেশৰ বাবে জেহাদ অপৰিহাৰ্য। লগতে জেহাদ কি আৰু কিমান প্ৰকাৰৰ আছে সেই কথাও দেশৰ জনসাধাৰণে জনা উচিত বুলি কয় মাদানীয়ে।
বিতৰ্কিত বক্তব্যৰ বাবে পৰিচিত মাহমুদ মাদানীয়ে জেহাদৰ বিষয়ে মুকলিকৈ বক্তব্য প্ৰদান কৰে। তেওঁ কয় যে জেহাদ ইছলামৰ ধাৰ্মিক আৰু পবিত্ৰ শব্দ। জেহাদৰ অপব্যৱহাৰ কৰাসকল ইছলামৰ শত্ৰু। ইয়াৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে দেশৰ জনসাধাৰণে জেহাদ কি, ইয়াৰ বিভিন্ন প্ৰকাৰ, কি পৰিস্থিতিত জেহাদ কৰা হয় সেয়া জানি লোৱাটো অতি গুৰুত্বপূৰ্ণ। কেতিয়া ইয়াৰ অনুশীলন কৰিব পৰা যায়, কোনে ইয়াৰ অনুশীলন কৰিব পাৰে, আৰু কোনে নোৱাৰে সেয়াও জনাটো জৰুৰী বুলি কয় মাদানীয়ে।
সংবাদ সংস্থাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে, “আমাৰ দেশবাসীয়ে জনা উচিত যে জেহাদ ইছলামৰ পবিত্ৰ শব্দ। যদি কোনোবাই ইছলামৰ প্ৰতি শত্ৰুতা কৰে তেন্তে তেওঁ ইছলামৰ শত্ৰু বুলি ঘোষণা কৰিব লাগে আৰু ইছলাম বা ইয়াৰ অনুগামীসকলক তেওঁ গ্ৰহণ নকৰে বুলি ক’ব লাগে। তাৰ পাছত জেহাদক গালি দিলে মোৰ কোনো আপত্তি নাই।”
জেহাদৰ বিৰোধিতা কৰা সকল জাতিৰ প্ৰতি বিশ্বাসঘাতক: মাদানী
তেওঁ কয়, “জেহাদৰ বিৰোধিতা কৰাসকল জাতিৰ প্ৰতি বিশ্বাসঘাতক, জাতিৰ প্ৰতি শত্ৰুতা আৰু সন্ত্ৰাসবাদ বিয়পোৱাৰ চেষ্টা কৰে তেওঁলোকে। দেশদ্ৰোহীৰ কাম কৰি আছে। তেওঁলোক আমাৰ জাতিৰ শত্ৰু, যেনে পাকিস্তান আৰু অন্যান্য দেশৰ এজেণ্ডা পূৰণ কৰি আছে। সেয়ে জেহাদৰ কথা প্ৰচাৰ কৰাটো মোৰ বাবে জৰুৰী আৰু মই প্ৰচাৰ কৰিলোঁ।”
জেহাদক মুকলিকৈ সমৰ্থন কৰি মৌলানা মাদানীয়ে কয় যে জেহাদ অতি গুৰুত্বপূৰ্ণ আৰু ইয়াক বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা উচিত। তেওঁ কয় যে ই সকলো ধৰ্মতে আছে।
সঠিক হওক বা ভুল, আদালতে সিদ্ধান্ত ল’ব: মাদানী
দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণৰ পিছত কেইবাজনো লোকক গ্ৰেপ্তাৰ বা আটক কৰি ৰখা হৈছে। বিস্ফোৰণত জড়িত বুলি সন্দেহ কৰা কাশ্মীৰী চিকিৎসকক গ্ৰেপ্তাৰ সন্দৰ্ভত মাদানীয়ে কয় যে তদন্তকাৰী সংস্থাই নিজৰ কাম কৰি আছে। তেওঁলোক সঠিক নে ভুল সেইটো আদালতত নিৰ্ণয় কৰা হ’ব। “তদন্তকাৰী সংস্থাসমূহক নিজৰ কাম কৰিবলৈ দিয়া উচিত বুলি মই বিশ্বাস কৰোঁ” বুলিও তেওঁ কয়। “আমি ইতিমধ্যে সন্ত্ৰাসবাদী কাণ্ডৰ বিৰোধিতা কৰিছো আৰু গৰিহণা দিছো। আমি সকলোৱে সন্ত্ৰাসবাদৰ বিস্তাৰৰ যন্ত্ৰণা অনুভৱ কৰিছো।”মাদানীয়ে কয়।
কংগ্ৰেছ দলে মুছলমানৰ স্বাৰ্থক লৈ প্ৰশ্ন উত্থাপন নকৰাৰ সন্দৰ্ভতো মাদানীয়ে দলটোক লক্ষ্য কৰি কয় যে এইটো এটা অতি ৰাজনৈতিক প্ৰশ্ন, কাৰণ কোনো ডাঙৰ দলে কেৱল মুছলমানৰ বাবে যুঁজি নিজৰ সমস্যা উত্থাপন কৰিব বুলি আশা কৰাটো ন্যায্য নহয়। যদি কংগ্ৰেছে নিজৰ বিষয় উত্থাপন কৰিবলৈ অক্ষম, তেন্তে আন কাৰোবাৰ বিষয় কেনেকৈ উত্থাপন কৰিব?
ইয়াৰ পূৰ্বে ভূপালৰ এক অনুষ্ঠানত মৌলানা মাহমুদ মাদানীয়ে জেহাদৰ অপব্যৱহাৰ আৰু মুছলমানৰ বিৰুদ্ধে ক্ৰমাৎ বৃদ্ধি পোৱা নেতিবাচক ধাৰণাক লৈ গভীৰ অসন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে ইছলামিক শব্দ জেহাদক গালি-গালাজৰ প্ৰতিশব্দলৈ ৰূপান্তৰিত কৰা হৈছে। ধৰ্মক বদনাম কৰা হৈছে। লগতে তেওঁ কয় যে যেতিয়াই অত্যাচাৰ হ’ব তেতিয়াই জেহাদ হ’ব।