গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত জম্মু-কাশ্মীৰ সীমান্তত পাকিস্তানী ড্ৰ’ন, হাই এলাৰ্টত সেনা…
গণৰাজ্য দিৱসৰ ঠিক আগতে জম্মু-কাশ্মীৰত পাকিস্তানৰ ড্ৰ’নৰ কাৰ্যকলাপ তীব্ৰভাৱে বৃদ্ধি পোৱাৰ ফলত নিৰাপত্তা বাহিনীক হাই এলাৰ্টত ৰখা হৈছে। আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু নিয়ন্ত্ৰণ ৰেখাত ৫ খনতকৈও অধিক ড্ৰ’ন দেখা গৈছিল, ইয়াৰে এখন ড্ৰ’ন নৌশ্বেৰাত সেনাৰ গুলীত ধ্বংস হয়।

জম্মু-কাশ্মীৰত পাকিস্তানৰ ড্ৰ’নৰ কাৰ্যকলাপ
জম্মু-কাশ্মীৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু নিয়ন্ত্ৰণ ৰেখাত ড্ৰ’নৰ কাৰ্যকলাপ বৃদ্ধি পাইছে। গণৰাজ্য দিৱসৰ ঠিক পূৰ্বে ভাৰতৰ সীমান্তৰ সমীপত ড্ৰ’নৰ কাৰ্যকলাপ বৃদ্ধি কৰিছে পাকিস্তানে। যাৰ ফলত নিৰাপত্তা বাহিনীক হাই এলাৰ্টত ৰখা হৈছে। নিৰাপত্তা সংস্থাৰ তথ্য অনুসৰি আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু এল অ’ চিৰ বিভিন্ন অঞ্চলত মুঠ ৫ খন ড্ৰ’ন দেখা গৈছে।
পুঞ্চ, নৌশ্বেৰা, ধৰ্মশালা, ৰামগড়, আৰু পৰাখ অঞ্চলৰ পৰা ড্ৰোন দেখাৰ খবৰ পোৱা গৈছে। ৰাজৌৰী জিলাৰ নৌশ্বেৰা ছেক্টৰৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত দেখা গ’ল এখন পাকিস্তানী ড্ৰ’ন। ভাৰতীয় সেনাই তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ড্ৰ’নক লক্ষ্য কৰি গুলী চলায়।
সীমান্ত অঞ্চলত কটকটীয়া নিৰাপত্তা
ড্ৰ’নৰ কাৰ্যকলাপৰ বাবে সীমান্ত অঞ্চলত নিৰাপত্তা আৰু অধিক কটকটীয়া কৰা হৈছে। হাই এলাৰ্টত থকাৰ লগতে আৰু যিকোনো অনুপ্ৰৱেশ বা ষড়যন্ত্ৰ বিফল কৰিবলৈ পৰিস্থিতিৰ ওপৰত অহৰহ নিৰীক্ষণ কৰি আছে সেনা, বি এছ এফ, আৰু অন্যান্য নিৰাপত্তা সংস্থাসমূহে। প্ৰতিটো কোণত সেনা জোৱান মোতায়েন কৰা হৈছে।
বিষয়াসকলে জনোৱা মতে, সকলো ড্ৰ’ন পাকিস্তানৰ পৰা আহি ভাৰতৰ ভূখণ্ডৰ ওপৰত কেইমিনিটমান উৰি থকাৰ পিছত উভতি যায়। তেওঁলোকে উল্লেখ কৰে যে ৰাজৌৰীৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ নৌশ্বেৰা ছেক্টৰত পহৰা দি থকা সেনা জোৱানে সন্ধিয়া প্ৰায় ৬:৩৫ বজাত গণিয়া-কালছিয়ান গাঁৱৰ ওপৰত ড্ৰ’নৰ কাৰ্যকলাপ পৰ্যবেক্ষণ কৰি মেচিনগানেৰে গুলীচালনা কৰে।
ৰাজৌৰী জিলাৰ তেৰিয়াথৰ খব্বৰ গাঁৱত সন্ধিয়া ৬:৩৫ বজাত আন এখন ড্ৰ’ন দেখা যায়। তেওঁলোকে উল্লেখ কৰা মতে, সন্ধিয়া প্ৰায় ৭:১৫ বজাত সাম্বাৰ ৰামগড় ছেক্টৰৰ চক বাবৰাল গাঁৱৰ ওপৰত প্ৰায় দুমিনিটমান ড্ৰ’ন সদৃশ বস্তু এটা উৰি থকা দেখা গৈছিল। পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰৰ মানকোট ছেক্টৰত সন্ধিয়া ৬:২৫ বজাত আন এখন ড্ৰ’ন দেখা গৈছিল।
শনিবাৰে (১০ জানুৱাৰী) আখনূৰ ছেক্টৰৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত এটা সন্দেহজনক পাৰ চৰাই ধৰা পৰে। কৰাহ গাঁৱৰ আৰিয়ান নামৰ এটা ল’ৰা ধৰে পাৰ চৰাই । যাৰ বাওঁ ভৰিত এটা ৰঙা আঙুঠি ৰেহমত চৰকাৰ (03158080213) লিখা আছিল। সোঁ ভৰিৰ হালধীয়া আঙুঠিত ৰিজৱান ২০২৫ (017282) লিখা আছিল। ইয়াৰ উপৰিও পাৰটোৰ ডেউকাত ষ্টাম্প লগোৱা হৈছিল। পাৰটোৰ ডেউকাত পাকিস্তানৰ নৌশ্বেৰা চহৰৰ “নৌশ্বেৰা আইলিং পিজোন ক্লাব”ৰ ষ্টাম্প লগোৱা আছিল। নৌশ্বেৰা পাকিস্তানৰ এখন চহৰ। তথ্য লাভ কৰাৰ লগে লগে নিৰাপত্তা বাহিনীয়ে সেই স্থানত উপস্থিত হৈ পাৰ চৰাইটোক জিম্মাত লৈ তদন্ত আৰম্ভ কৰে।
লগতে শুকুৰবাৰে নিশা ছাম্বা জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপৰ ঘগৱালৰ পালোৰা গাঁৱত পাকিস্তানৰ পৰা ড্ৰ’নে নিক্ষেপ কৰা অস্ত্ৰ উদ্ধাৰ কৰে নিৰাপত্তা বাহিনীয়ে। উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ ভিতৰত আছে দুটা পিষ্টল, তিনিটা মেগজিন, ১৬টা গুলী, আৰু এটা গ্ৰেনেড। অনুমান কৰা হৈছে যে এই অস্ত্ৰ সীমান্তৰ সিপাৰে সন্ত্ৰাসবাদী বা তেওঁলোকৰ সহযোগীসকলক যোগান ধৰাৰ চেষ্টা কৰা হৈছিল।