দেশৰ ৫০ শতাংশতকৈ অধিক গ্ৰাম্য পৰিয়ালে লাভ কৰিছে হৰ ঘৰ জল আঁচনিৰ সুবিধা : চৰকাৰী তথ্য

চৰকাৰী তথ্যত উল্লেখ কৰা অনুসৰি, বৰ্তমানলৈকে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫০ শতাংশতকৈ অধিক গ্ৰাম্য পৰিয়ালত টেপৰ পানীৰ সংযোগ প্ৰদান কৰা হৈছে । ইফালে, ১১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ১০০ শতাংশ গ্ৰাম্য পৰিয়ালয়ত ইতিমধ্যে টেপৰ পানীৰ সংযোগ সম্পন্ন হৈছে ।

দেশৰ ৫০ শতাংশতকৈ অধিক গ্ৰাম্য পৰিয়ালে লাভ কৰিছে হৰ ঘৰ জল আঁচনিৰ সুবিধা : চৰকাৰী তথ্য

প্ৰতীকী ফটো

Published: 

07 Sep 2024 | 03:36 PM

ভাৰতৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যৰ ৫০ শতাংশতকৈ অধিক গ্ৰাম্য পৰিয়ালে জল জীৱন অভিযানৰ অধীনত হৰ ঘৰ জল আঁচনিৰ সুবিধা লাভ কৰিছে । চৰকাৰী তথ্যত উল্লেখ কৰা অনুসৰি, বৰ্তমানলৈকে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫০ শতাংশতকৈ অধিক গ্ৰাম্য পৰিয়ালত টেপৰ পানীৰ সংযোগ প্ৰদান কৰা হৈছে । ইফালে, ১১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ১০০ শতাংশ গ্ৰাম্য পৰিয়ালয়ত ইতিমধ্যে টেপৰ পানীৰ সংযোগ সম্পন্ন হৈছে ।

১০০ শতংশ কভাৰেজ থকা ৰাজ্যসমূহ

গ্ৰাম্য পৰিয়ালত টেপৰ পানী সংযোগৰ ১০০ শতাংশ কভাৰেজ থকা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ হ’ল- গোৱা, আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জ, দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ, হাৰিয়ানা, তেলেংগানা, পুডুচেৰী, গুজৰাট, পঞ্জাৱ, হিমাচল প্ৰদেশ, অৰুণাচল প্ৰদেশ আৰু মিজোৰাম।

৫০ শতাংশতকৈ অধিক কভাৰেজ থকা ৰাজ্যসমূহ

তথ্য অনুসৰি, পশ্চিম বংগত ৫২.৩০ শতাংশ, ৰাজস্থানত ৫২.৯১ শতাংশ, কেৰালাত ৫৩.৬২ শতাংশ, ঝাৰখণ্ডত ৫৪.২৬ শতাংশ আৰু মধ্যপ্ৰদেশত ৬৪.৮৪ শতাংশ গ্ৰাম্য পৰিয়ালক কভাৰেজ কৰা হৈছে । মুঠ ১৯,৩৩,৩৮,২৩৪ (১৯.৩৩ কোটি) গ্ৰাম্য পৰিয়ালৰ ভিতৰত ১৬,০৯,৭৫,৩৯৬ (১৬.০৯ কোটি) গ্ৰাম্য পৰিয়ালক এতিয়ালৈকে টেপৰ পানীৰ সংযোগ প্ৰদান কৰা হৈছে।

অসমত ইয়াৰ প্ৰভাৱ কি ?

২০২৪ চনৰ ভিতৰত প্ৰতিজন গ্ৰাম্য পৰিয়ালক প্ৰতিদিনে ৫৫ লিটাৰ টেপৰ পানী যোগান ধৰাৰ লক্ষ্যৰে ২০১৯ চনত কেন্দ্ৰীয় জল শক্তি মন্ত্ৰালয়ে জল জীৱন অভিযানৰ অধীনত হৰ ঘৰ জল আঁচনি আৰম্ভ কৰিছিল। অসমৰ সন্দৰ্ভত এগৰাকী বিষয়াই সদৰী কৰিছে যে, সংখ্যাৰ বাহিৰেও অসমৰ দৰে বানৰ প্ৰৱণ অঞ্চলত এই অভিযানৰ প্ৰভাৱ দেখা গৈছিল । য’ত প্ৰাকৃতিক দুৰ্যোগৰ সময়তো বিশুদ্ধ পানীৰ সুবিধা নিশ্চিত কৰা হৈছিল বুলি দাবী কৰিছে বিষয়া গৰাকীয়ে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...