ক’ভিডৰ নতুন ভেৰিয়েণ্টৰ পৰিব নেকি গুৰুতৰ প্ৰভাৱ! বিশেষজ্ঞই ক’লে এইদৰে..

শেহতীয়া কিছুদিনত দেশৰ ভিন্ন স্থানত দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা। চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি ক’ভিড আক্ৰান্তৰ সংখ্যাই এক হাজাৰ অতি্ক্ৰম কৰিছে। এনে পৰিস্থিতিত প্ৰশ্ন হয় যে ভাৰততো ক’ভিডৰ নতুন ভেৰিয়েণ্টে গুৰুতৰ প্ৰভাৱ দেখুৱাব পাৰে নেকি আৰু এই ভাবুকি ৰোধ কৰাত ভেকচিন নহ’ব সফল নেকি?

ক’ভিডৰ নতুন ভেৰিয়েণ্টৰ পৰিব নেকি গুৰুতৰ প্ৰভাৱ! বিশেষজ্ঞই ক’লে এইদৰে..

ভয়াৱহৰ হ’ব নেকি ক’ভিডৰ নতুন ভেৰিয়েণ্ট!

Published: 

30 May 2025 00:09 AM

দেশত পুনৰ দেখা গৈছে ক’ভিডৰ প্ৰাদুৰ্ভাৱ। শেহতীয়া কিছুদিনত দেশৰ ভিন্ন স্থানত দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা। চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি ক’ভিড আক্ৰান্তৰ সংখ্যাই এক হাজাৰ অতি্ক্ৰম কৰিছে। কেৰালা, মহাৰাষ্ট্ৰ আৰু দিল্লীত সৰ্বাধিক ক’ভিড আক্ৰান্তৰ সংখ্যা। আমেৰিকাৰ পৰা আৰম্ভ কৰি জাপান, স্পেইন, ফ্ৰান্সলৈকে ক’ভিডৰ নতুন ভেৰিয়েণ্টে ক্ৰমাৎ প্ৰভাৱ বিস্তাৰ কৰিছে। এনে পৰিস্থিতিত প্ৰশ্ন হয় যে ভাৰততো ক’ভিডৰ নতুন ভেৰিয়েণ্টে গুৰুতৰ প্ৰভাৱ দেখুৱাব পাৰে নেকি আৰু এই ভাবুকি ৰোধ কৰাত ভেকচিন নহ’ব সফল নেকি?

এইক্ষেত্ৰত প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন হ’ল, ক’ভিডৰ নতুন ভেৰিয়েণ্টৰ পৰা ভয়াৱহ বিপদৰ সৃষ্টি হ’ব পাৰে নেকি? স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, ২০২২ চনৰ পিছত ক’ভিড আক্ৰান্তৰ সংখ্যা বহুগুণ বৃদ্ধি পাইছে যদিও ৩ বছৰত কেতিয়াও কোনো ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই। গতিকে এইবাৰো কোনো গুৰুতৰ সমস্যাৰ সম্ভাৱনা নাই। অৱশ্যে ক’ভিডৰ এই ভাবুকি কিমান দিনলৈ চলিব সেই সম্পৰ্কে বিশেষজ্ঞসকলৰ মতামত বেলেগ বেলেগ। বৰ্তমান ইয়াৰ সঠিক অনুমান কৰাটো কঠিন।

একাংশ বিশেষজ্ঞই কৈছে যে এই নতুন ভেৰিয়েণ্টৰ প্ৰভাৱ ৪ সপ্তাহলৈকে থাকিব পাৰে। এই সময়ছোৱাত ভেকচিন গ্ৰহণ কৰা লোকসকলো সংক্ৰমিত হ’ব পাৰে, কাৰণ ভেকচিনে সংক্ৰমণ সম্পূৰ্ণৰূপে প্ৰতিৰোধ নকৰে। বৰঞ্চ ভাইৰাছৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে, যাৰ ফলত ভাইৰাছৰ গুৰুতৰ প্ৰভাৱৰ সম্ভাৱনা হ্ৰাস পায়। ভাৰতত এতিয়ালৈকে দেখিবলৈ পোৱা ক’ভিড আক্ৰান্তৰ অধিকাংশই Omicron JN.1 ভেৰিয়েণ্টৰ সৈতে জড়িত।

বিশেষজ্ঞসকলৰ মতে, ভাৰতীয় ভেকচিনত Omicron ভেৰিয়েন্টৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা আছে। কৰ’না ভাইৰাছৰ বহু উপ-ভেৰিয়েণ্টো বৰ্তমান সক্ৰিয় হৈ আছে। গতিকে ভিন্নতা অনুসৰি কোনো পৃথক ভেকচিন নাই। কৰ’নাৰ যিকোনো ঢৌত কিমান বিপদ হ’ব সেয়া ভাইৰাছৰ ভেৰিয়েণ্টৰ পৰা অনুমান কৰা হৈছে। বৰ্তমান প্ৰভাৱ দেখা পোৱা JN.1 ভেৰিয়েণ্ট হৈছে Omicron ৰ এটা ষ্ট্ৰেইন। এই ভেৰিয়েণ্ট প্ৰথমবাৰৰ বাবে ২০২৩ চনৰ আগষ্ট মাহত দেখা গৈছিল।

এই ভেৰিয়েণ্টৰ প্ৰায় ৩০টা মিউটেচন আছে, যি ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰে। এই ভাইৰাছ অধিক দ্ৰুতগতিত বিয়পে যদিও ভয়াৱহ নহয়। গতিকে বিশেষজ্ঞৰ পৰামৰ্শ, এই ভেৰিয়েণ্টক লৈ ভীতিগ্ৰস্ত হোৱাৰ কোনো প্ৰয়োজন নাই, মাত্ৰ সজাগ হৈ থাকক। আমেৰিকাৰ জনছ হপকিন্স বিশ্ববিদ্যালয়ৰ মতে, JN.1 অন্য ভেৰিয়েণ্টতকৈ অধিক সহজে বিয়পে যদিও ইয়াৰ প্ৰভাৱ গুৰুতৰ নহয়। JN.1 ভেৰিয়েন্টৰ লক্ষণ কেইদিনমানৰ পৰা সপ্তাহলৈকে থাকিব পাৰে।

যদি আপোনাৰ লক্ষণসমূহ দীৰ্ঘদিন ধৰি থাকে, আৰোগ্য হোৱাৰ পিছতো ক’ভিড-১৯ৰ কিছুমান লক্ষণ স্থায়ী হৈ থাকে। আনহাতে, ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি (IIT) কানপুৰৰ সঞ্চালক অধ্যাপক মনিন্দ্ৰ আগৰৱালাই কয় যে ২০২২ চনৰ পিছত নতুন ভেৰিয়েণ্টৰ বাবে Covid ৰোগীৰ সংখ্যা বহুগুণ বৃদ্ধি পাইছে যদিও কোনো গুৰুতৰ পৰিস্থিতি দেখা পোৱা নাই। সেয়ে এইবাৰো চিন্তা কৰাৰ প্ৰয়োজন নাই বুলি অনুমান কৰা হৈছে।

একে সময়তে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ অধ্যাপক জ্ঞানেশ্বৰ চৌবেৰ মতে, যদি Covid ৰ চতুৰ্থ ঢৌ আহে, তেতিয়া ইয়াৰ প্ৰভাৱ ২১ৰ পৰা ২৮ দিনলৈকে থাকিব। দ্বিতীয় ঢৌৰ দৰে ইয়াৰ মাৰাত্মক প্ৰভাৱ দেখা পোৱা নাযাব বুলিও তেওঁ জানিবলৈ দিয়ে।

Related Stories
হোটেলৰ নিৰাপত্তাৰক্ষীৰ ৰূপত পাকিস্তানৰ চোৰাংচোৱা! পৰিল নিয়াৰ জালত, চলিছে তদন্ত
ভাৰতৰে এখন ৰাজ্যত পাঁচ বছৰত সন্ধানহীন প্ৰায় ১৩০০০ শিশু, পোহৰলৈ আহিছে ভয়ংকৰ ছবি
সন্ত্ৰাসবাদৰ বিৰুদ্ধে স্পষ্ট বাৰ্তা দিলে অপাৰেচন সিন্দূৰে, পাকিস্তানক পুনৰ সকীয়নি প্ৰধানমন্ত্ৰী মোদীৰ
‘অদৃশ্য’ হৈ শত্ৰুক কৰিব পাৰিব নিৰ্মূল ! ভাৰতৰ সীমান্তৰক্ষী বাহিনীয়ে লাভ কৰিব বিশেষ ডিজিটেল ইউনিফৰ্ম…
“মই প্ৰতিদিনে পাকিস্তানৰ পৰা ৫০খন চিঠি পাওঁ…”, মুছলমানৰ প্ৰতি ভালপোৱা প্ৰকাশ কৰিলে মমতা কুলকাৰ্ণীয়ে
গাড়ীৰে গৈ থাকোতেই হঠাৎ পাহাৰৰ পৰা খহি আহিল শিল-মাটি, মুহূৰ্ততে প্ৰাণ হেৰুৱালে শিশুসহ ৭ গৰাকীয়ে
বৃক্ক-যকৃতৰ পৰা হৃদযন্ত্ৰলৈ, কুন্দুলীৰ এনে স্বাস্থ্য উপকাৰী গুণৰ কথা জানেনে আপুনি?
প্ৰস্ৰাৱৰ সৈতে তেজ ওলোৱাটো কি ৰোগৰ লক্ষণ? বিশেষজ্ঞৰ পৰা জানো আহক
নিশা শুই থাকোঁতেও পিয়াহত ডিঙি শুকাই যায় নেকি? হ’ব পাৰে নেকি কোনো ৰোগৰ লক্ষণ…
পানীত পৰিল গুজৰাট টাইটানছৰ ১৮ কোটি টকা, ট্ৰফীৰ নামত আহিল ৩৩টা ছয়…