ভাৰতত কেনেকৈ জীয়াই আছে তথা বংশবৃদ্ধি হৈছে চিতাবাঘৰ?

২০২৫ চনৰ ডিচেম্বৰ মাহলৈকে ভাৰতত ৩২টা চিতাবাঘৰ তথ্য পোৱা গৈছে। এই জনসংখ্যাই ভাৰতত চিতাবাঘৰ বাসস্থানৰ সন্দৰ্ভত আশাৰ সঞ্চাৰ কৰিছে। ইয়াৰে ২১টা ভাৰতত জন্মগ্ৰহণ কৰা পোৱালি।

ভাৰতত কেনেকৈ জীয়াই আছে তথা বংশবৃদ্ধি হৈছে চিতাবাঘৰ?

আন্তঃৰাষ্ট্ৰীয় চিতা দিৱস

Published: 

04 Dec 2025 | 12:17 PM

আজি আন্তঃৰাষ্ট্ৰীয় চিতা দিৱস। ভাৰতৰ অভিলাষী প্ৰচেষ্টাই চিতাবাঘক ইয়াৰ প্ৰাকৃতিক বাসস্থানলৈ পুনৰ প্ৰৱৰ্তন কৰাৰ বাবে এক আশাব্যঞ্জক নতুন পৰ্যায়ত প্ৰৱেশ কৰিছে। চিতাবাঘৰ জনসংখ্যা বৃদ্ধি, বাসস্থান সম্প্ৰসাৰণ আৰু আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্বৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰা হৈছে।

মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত মুঠ ২০টা চিতাবাঘ মুকলি কৰি দিয়া হৈছিল। ইয়াৰে ২০২২ চনৰ ছেপ্টেম্বৰ মাহত নামিবিয়াৰ পৰা আঠটা আৰু ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত দক্ষিণ আফ্ৰিকাৰ পৰা ১২ টা চিতাবাঘ অনা হৈছিল।

চিতাবাঘৰ পুনৰ প্ৰৱৰ্তন কৰাৰ সময়ত বহুতৰে সন্দেহ হৈছিল। এই বাঘবোৰ ভাৰতত জীয়াই থাকিবনে নাই বুলি বহুতেই প্ৰশ্ন কৰিছিল। কিন্তু এই সন্দেহবোৰ এতিয়া ভুল বুলি প্ৰমাণিত হৈছে।

২০২৫ চনৰ ডিচেম্বৰ মাহলৈকে ভাৰতত ৩২টা চিতাবাঘৰ তথ্য পোৱা গৈছে। এই জনসংখ্যাই ভাৰতত চিতাবাঘৰ বাসস্থানৰ সন্দৰ্ভত আশাৰ সঞ্চাৰ কৰিছে। ইয়াৰে ২১টা ভাৰতত জন্মগ্ৰহণ কৰা পোৱালি।

এনে প্ৰজাতিৰ পুনৰ প্ৰৱেশৰ বাবে বিশ্বজুৰি এইটো অন্যতম শ্ৰেষ্ঠ পৰিস্থিতি। ভাৰতত এই প্ৰজাতিৰ বাঘৰ পোৱালি জন্ম হোৱা ঘটনাই চিতাৰ জনসংখ্যাত যথেষ্ট অৰিহণা যোগাইছে। শেহতীয়াকৈ ভাৰতত জন্মগ্ৰহণ কৰা মুখি নামৰ চিতাবাঘ জনীয়ে ২০২৫ চনৰ নৱেম্বৰ মাহত পাঁচটা সুস্থ পোৱালি জন্ম দিছে। বন্যপ্ৰাণী প্ৰেমীসকলক এই খবৰে যথেষ্ট আনন্দিত কৰিছে।

ইফালে আন্তঃৰাষ্ট্ৰীয় চিতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্সযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এটা পোষ্টত তেওঁ লিখিছে, “আন্তঃৰাষ্ট্ৰীয় চিতা দিৱসত আমাৰ পৃথিৱীৰ অন্যতম উল্লেখযোগ্য জীৱ চিতাবাঘক সুৰক্ষা দিয়াৰ বাবে উৎসৰ্গিত সকলো বন্যপ্ৰাণী প্ৰেমী আৰু সংৰক্ষণবিদলৈ মোৰ শুভেচ্ছা জনালোঁ। তিনি বছৰ পূৰ্বে আমাৰ চৰকাৰে এই প্ৰাণীটোক সুৰক্ষিত কৰি ৰখা আৰু ই সঁচা অৰ্থত জীয়াই থাকিব পৰা পৰিৱেশ তন্ত্ৰ পুনৰুদ্ধাৰ কৰাৰ লক্ষ্যৰে প্ৰজেক্ট চিতা আৰম্ভ কৰিছিল। এয়া হেৰোৱা পৰিৱেশ ঐতিহ্যক পুনৰুজ্জীৱিত কৰাৰ লগতে আমাৰ জৈৱ বৈচিত্ৰ্যক শক্তিশালী কৰাৰ এক প্ৰচেষ্টাও আছিল।”

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...