সোণমৰ এটা ইংগিতত চিকাৰী কুকুৰৰ দৰে ৰাজাৰ ওপৰত জপিয়াই পৰিছিল হত্যাকাৰী…

মেঘালয়ত হানিমুনত ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ ৰহস্য সমাধান দিশে আগবাঢ়িছে। মঙলবাৰে মেঘালয় আৰক্ষীয়ে ৰাজা ৰঘুবংশীৰ পত্নী সোণম আৰু তেওঁৰ আন আন সংগীসকলক ছিন ৰিক্ৰিয়েশ্যনৰ বাবে অপৰাধস্থলীলৈ লৈ যায়।  ছিন ৰিক্ৰিয়েশ্যনৰ সময়ত অভিযুক্তই ৰাজাৰ হত্যাকাণ্ডৰ সৈতে জড়িত বহু কথা আৰক্ষীক জনাইছে যিবোৰ এতিয়ালৈকে পোহৰলৈ অহা নাছিল।

সোণমৰ এটা ইংগিতত চিকাৰী কুকুৰৰ দৰে ৰাজাৰ ওপৰত জপিয়াই পৰিছিল হত্যাকাৰী...

ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ ছিন ৰিক্ৰিয়েশ্যন

Updated On: 

18 Jun 2025 10:15 AM

ইন্দোৰৰ ব্যৱসায়ী ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ ২৬ দিন পাৰ হৈ গ’ল। ২ জুনত শ্বিলঙৰ পাহাৰত অৱস্থিত খাৱৈত উদ্ধাৰ হৈছিল ৰাজাৰ মৃতদেহ। তেওঁক হত্যা কৰা পাঁচজন অভিযুক্ত এতিয়া আৰক্ষীৰ জিম্মাত আছে, ইয়াৰ ভিতৰত এগৰাকী হৈছে ৰাজাৰ পত্নী সোণম। মঙলবাৰে আৰক্ষীয়ে সকলো অভিযুক্তক অপৰাধস্থলীলৈ লৈ যায়। তাতেই হত্যাকাণ্ডৰ ছিন ৰিক্ৰিয়েশ্যন কৰা হয়। এই সময়ছোৱাত অভিযুক্তই আৰক্ষীক বহু চাঞ্চল্যকৰ তথ্য প্ৰদান কৰিছে।

শ্বিলঙৰ আৰক্ষী অধীক্ষকে সংবাদমেলত নিশ্চিত কৰিছে যে ৰাজাক হত্যা কৰাৰ সময়ত সোণম উপস্থিত আছিল আৰু তেওঁ হত্যাৰ সংকেত দিছিল। মঙলবাৰে মেঘালয় আৰক্ষীয়ে সোণম ৰঘুবংশী আৰু আন তিনিজন অভিযুক্তক ছিন ৰিক্ৰিয়েশ্যন চেৰাপুঞ্জীৰ ৱেই ছাউডং জলপ্ৰপাতলৈ লৈ যোৱা হয়। বৰষুণৰ মাজতে আৰক্ষীয়ে অভিযুক্তক ছিন ৰিক্ৰিয়েশ্যন কৰিবলৈ বাধ্য কৰাইছিল।

শ্বিলঙৰ এছ পি বিবেক ছিমে কয় – “ছিন ৰিক্ৰিয়েশ্যন সফল হৈছে আৰু হত্যাৰ ৰহস্য সমাধান হোৱা যেন লাগিছে”। আৰক্ষী অধীক্ষক বিবেক ছিমে কয়, “ৰাজাক প্ৰথম আক্ৰমণ কৰিছিল অভিযুক্ত বিশাল ওৰফে বিকিয়ে। এই ঘটনাত দুটা অস্ত্ৰ ব্যৱহাৰ কৰা হৈছে, ইয়াৰে এটা উদ্ধাৰ হৈছে।”

সোণমে ৰাজাক হত্যা কৰাৰ সংকেত দিলে

আৰক্ষী অধীক্ষক বিবেক ছিমে কয় – “ৰাজাক হত্যা কৰাৰ সময়ত সোণম লগত আছিল, পাৰ্কিংত উপস্থিত হোৱাৰ পিছত ৰাজাক হত্যা কৰাৰ সংকেত দিছিল। ৰাজাক আক্ৰমণ কৰাৰ সময়ত সোণম তেওঁৰ সন্মুখত থিয় হৈ আছিল। বিশাল ৰাজাৰ সোঁফালে আৰু আকাশ বাওঁফালে থিয় হৈ আছিল। বিশালে ৰাজাক প্ৰথমবাৰৰ বাবে আক্ৰমণ কৰাৰ লগে লগে তেজ ববলৈ ধৰিলে আৰু তেজ দেখি সোণম সেই ঠাইৰ পৰা আঁতৰি গ’ল। ইয়াৰ পিছত অভিযুক্তই ৰাজাক হত্যা কৰি মৃতদেহটো তলৰ খাৱৈত পেলাই দিয়ে। কেৱল এয়াই নহয়, সোণম আৰু বিশালে ৰাজাৰ ফোনটো ভাঙি পেলাইছিল”।

শাৰীৰিক সম্পৰ্কত সমস্যাই দেখা দিছে নেকি? জানক ইয়াৰ কাৰণ...
শৰীৰত ইউৰিক এচিড বৃদ্ধি হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক...
ছালৰ কৰ্কট ৰোগ হোৱাৰ পূৰ্বে কি কি লক্ষণ দেখা যায়? সবিশেষ জানক
বুধবাৰে তুলসী ৰোপণ কৰিলে কি হ'ব? সবিশেষ জানক