৪ দিনৰ ভিতৰত সঁচাকৈয়ে হ’ব নেকি ভাৰত-পাকিস্তানৰ যুদ্ধ?
পহলগাম আক্ৰমণৰ পাচত উত্তপ্ত হৈ পৰিছে ভাৰত-পাকিস্তানৰ সম্পৰ্ক । যুদ্ধৰ আখৰা চলি আছে দেশৰ ভিন্ন প্ৰান্তত । সঁচাকৈয়ে এইবাৰ ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ হ’ব নেকি ? ভাৰত চৰকাৰৰ বিভিন্ন পদক্ষেপ আৰু পাকিস্তানে দি অহা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি বহুতেই এনেদৰে ভাবিছে ।

প্ৰতীকী ছবি
সঁচাকৈয়ে এইবাৰ যুদ্ধ আৰম্ভ হ’ব নেকি ? পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা প্ৰতিশোধৰ ক্ষোভত জ্বলিছে ভাৰত । পাকিস্তানৰ বিৰুদ্ধে এটাৰ পিছত আন এটা কূটনৈতিক পদক্ষেপ লৈছে ভাৰতে । প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ পৰা আৰম্ভ কৰি প্ৰতিৰক্ষা মন্ত্ৰীলৈকে সকলোৱেই পাকিস্তানে উপযুক্ত উত্তৰ পাব বুলি প্ৰতিজ্ঞা কৰিছে । যুদ্ধৰ আখৰা চলি আছে দেশৰ ভিন্ন প্ৰান্তত ।
সঁচাকৈয়ে এইবাৰ ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ হ’ব নেকি ? ভাৰত চৰকাৰৰ বিভিন্ন পদক্ষেপ আৰু পাকিস্তানে দি অহা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি বহুতেই এনেদৰে ভাবিছে ।
স্থল, জল আৰু আকাশী যুদ্ধৰ বাবে সাজু ভাৰত । প্ৰতিদিনে চলি আছে আখৰা । এই সমৰসজ্জা দেখি বুকু কঁপিছে পাকিস্তানৰ । ইফালে পাকিস্তানেও নিয়ন্ত্ৰণ ৰেখাত বৃদ্ধি কৰিছে নিৰাপত্তা । কিন্তু ৪ দিনৰ ভিতৰত হঠাৎ যুদ্ধৰ কথা কিয়?
দৰাচলতে কেন্দ্রীয় চৰকাৰে দেশৰ প্রতিখন ৰাজ্যকে অহা ৭ মে’ৰ পৰা যুদ্ধৰ কুচকাৱাজ কৰিবলৈ নিৰ্দেশ দিছে । যুদ্ধৰ কুচকাৱাজ অৰ্থাৎ সঁচাকৈ যুদ্ধ হ’লে কি কৰিব লাগে সেয়া হাতে কামে প্ৰশিক্ষণ দিয়া হ’ব । বিশেষকৈ সাধাৰণ জনতাক জৰুৰীকালীন পৰিস্থিতিত কি কৰিব লাগে সেই বিষয়ে শিকোৱাৰ বাবে এই কুছকাৱাজ কৰিবলৈ কোৱা হৈছে ।
একেদৰে মঙলবাৰৰ পৰা বিভিন্ন স্থানত মক ড্ৰিল আৰম্ভ হৈছে । বিদ্যালয়ৰ পৰা আৰম্ভ কৰি বিভিন্ন স্থানত চলিছে অনুশীলন । যুদ্ধ হ’লে, বা হঠাতে বিমান আক্ৰমণ হ’লে কেনেকৈ নিৰাপদ স্থানলৈ যাব পাৰি তাৰ প্ৰশিক্ষণ দিয়া হৈছে । ইয়াৰ ফলত ৪ দিনৰ ভিতৰত যুদ্ধ আৰম্ভ হ’ব বুলি জল্পনা-কল্পনা হৈছে ।
কিন্তু চাৰিদিনৰ ভিতৰত যুদ্ধ কিয়? ইয়াৰ উত্তৰ পাবলৈ আমি ৫৪ বছৰ পিছুৱাই যাব লাগিব । শেষবাৰৰ বাবে এনে মক ড্ৰিল হৈছিল ১৯৭১ চনত ভাৰত-পাকিস্তান যুদ্ধৰ পূৰ্বে । এই মক ড্ৰিল চলোৱাৰ মাত্ৰ চাৰিদিন পিছতে দুয়োখন দেশৰ মাজত যুদ্ধ আৰম্ভ হৈছিল । সেইবাৰ নৱেম্বৰৰ শেষ সপ্তাহত মক ড্ৰিলৰ আয়োজন কৰা হৈছিল আৰু ৩ ডিচেম্বৰৰ পৰা যুদ্ধ আৰম্ভ হৈছিল ।
ইয়াতেই শেষ নহয় । কাৰণ আৰু আছে । ভাৰতে যিকোনো মুহূৰ্ততে পাকিস্তানক আক্ৰমণ কৰিব পাৰে । ভয়ত কঁপিছে পাকিস্তান । সেই আশংকা শেহতীয়াকৈ ভাৰতত থকা পাকিস্তানীৰ প্ৰাক্তন উচ্চায়ুক্তৰ কথাত প্ৰকাশ পাইছে । প্ৰাক্তন উচ্চায়ুক্ত আব্দুল বাছিটে এক বিবৃতিত কয় যে ৰাছিয়াৰ বিজয় দিৱসৰ ঠিক পিছতেই ১০-১১ মে’ত ভাৰতে পাকিস্তানক আক্ৰমণ কৰাৰ সম্ভাৱনা আছে ।
ৰাছিয়াই ৯ মে’ত বিজয় দিৱস পালন কৰে । প্ৰধানমন্ত্ৰী মোদীও এই অনুষ্ঠানত উপস্থিত থকাৰ কথা আছিল । পাকিস্তানৰ সৈতে হোৱা উত্তেজনাৰ পৰিপ্ৰেক্ষিতত তেওঁ এই ভ্ৰমণ কৰিব নে নাই সেয়াও স্পষ্ট নহয় । অহা ৭ মে’ত দেশৰ ২৪৪ খন জিলাত ম’ক ড্ৰিলৰ আয়োজন কৰা হ’ব । যুদ্ধৰ সময়ত নিজকে কেনেদৰে ৰক্ষা কৰিব পাৰি তাৰ প্ৰশিক্ষণৰ লগতে ছাইৰেন বজোৱা হ’ব । ১৯৭১ চনৰ পিছত এই কুছকাৱাজ প্ৰথমবাৰৰ বাবে হ’ব ।
প্ৰসংগক্ৰমে মক ড্ৰিলৰ পূৰ্বে উত্তৰ প্ৰদেশৰ গংগা এক্সপ্ৰেছৱে’ত বায়ুসেনাই অনুশীলন চলাইছিল । নিজৰ শক্তি দেখুৱাইছে বায়ুসেনাই । যোৱা শুকুৰবাৰে বায়ুসেনাই এক্সপ্ৰেছৱেত দুটা পৰ্যায়ত অভূতপূৰ্ব সামৰিক অনুশীলন চলাইছিল । সকলোৰে মনত এতিয়া এটাই প্ৰশ্ন, যুদ্ধ হ’ব নে নহয়!