উৰণৰ মাজতে ইঞ্জিন বিকল! মুম্বাইত ইণ্ডিগ’ বিমানৰ জৰুৰী অৱতৰণ…

এক ডাঙৰ ঘটনা। উৰণৰ মাজভাগতে বিকল হৈ পৰে ইণ্ডিগ' বিমানৰ এটা ইঞ্জিন। যাৰ বাবে বিমানখন জৰুৰী অৱতৰণ কৰিবলগীয়া হয়। এই ঘটনাই যাত্ৰীসকলৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উৰণৰ মাজতে ইঞ্জিন বিকল! মুম্বাইত ইণ্ডিগ বিমানৰ জৰুৰী অৱতৰণ...

বিমান

Published: 

16 Jul 2025 | 11:09 PM

এক ডাঙৰ খবৰ। উৰণৰ মাজতে এটা ইঞ্জিন বিকল হৈ পৰে ইণ্ডিগ’ বিমানৰ। লগে লগে বিমানখন মুম্বাইত জৰুৰী অৱতৰণ কৰা হয়। যাৰ ফলত বিমানখনত থকা যাত্ৰীসকলৰ প্ৰাণ কথমপি ৰক্ষা পৰে। জানিব পৰা মতে, দিল্লীৰ পৰা গোৱা অভিমুখী ইণ্ডিগ’ৰ বিমানখন মুম্বাইত জৰুৰী অৱতৰণ কৰে। সূত্ৰ অনুসৰি এই বিমানখনৰ অৱতৰণৰ সময় আছিল নিশা ৯:৪২ বজাত। ইঞ্জিন বিকল হোৱাৰ পাছত নিশা ৯:২৫ বজাত পাইলটে এলাৰ্ম বজাইছিল। তাৰ পাছতে বিমাখন সুৰক্ষিতভাৱে অৱতৰণ কৰা হয়। যাত্ৰীসকল নিৰাপদে আছে বুলি জানিব পৰা গৈছে।

একাধিক বিমান ট্ৰেকাৰে দেখুৱাইছে যে দিল্লীৰ পৰা নিশা প্ৰায় ৮ বজাত উৰা মৰা ইণ্ডিগ’ৰ এখন বিমান প্ৰায় আধা ঘণ্টা পলম হৈছিল। পাছত এই বিমানখন মুম্বাইলৈ ডাইভাৰ্ট কৰি নিশা প্ৰায় ৯.৫২ বজাত ছাত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে।

সূত্ৰ অনুসৰি জানিব পৰা মতে, এয়াৰবাছ A320neo পৰিচালিত বিমানখনত থকা যাত্ৰীৰ সংখ্যা এতিয়ালৈকে জানিব পৰা হোৱা নাই। বিমানখন দিল্লীৰ পৰা গোৱালৈ গৈ আছিল। সূত্ৰই জনাই যে,দিল্লী-গোৱা পথত চলি থকা ইণ্ডিগ’ৰ 6E-6271 বিমানখনৰ এটা ইঞ্জিন বিকল হোৱাৰ বাবে মুম্বাইলৈ ডাইভাৰ্ট কৰাৰ পিছত সম্পূৰ্ণ জৰুৰীকালীন ঘোষণা কৰা হৈছে।

উল্লেখ্য যে, এই খবৰে  যাত্ৰীসকলৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি কৰে। অৱশ্যে নিৰাপদে আছে সকলো যাত্ৰী। এতিয়ালৈকে বিমান কৰ্তৃপক্ষই কোনো আনুষ্ঠানিক বিবৃতি জাৰি কৰা নাই। গতিকে পৰৱৰ্তী সময়ত অধিক তথ্য পোহৰলৈ আহিব।

 

অন্য খবৰ পঢ়কঃ ডাঙৰ সিদ্ধান্ত! এতিয়াৰ পৰা চৰকাৰী-বেচৰকাৰী বিদ্যালয়ত গীতাৰ পাঠ বাধ্যতামূলক…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...