ইণ্ডিগ’ৰ বিমান অচল, আহমেদাবাদ বিমান বন্দৰত আবদ্ধ অসমৰ কেবাজনো যাত্ৰী

এইসকল যাত্ৰী কুৱেইটৰ পৰা ইণ্ডিগ' বিমানেৰে আহমেদাবাদলৈ আহিছিল যদিও এতিয়া আহমেদাবাদৰ পৰা অসম অভিমুখী সংযোগী বিমান বাতিল হোৱাত তেওঁলোক বিপদত পৰিছে। আকাশলংঘী বিমান ভাড়াৰ বাবে একাংশ যাত্ৰীয়ে অন্য বিমানত যাত্ৰা কৰিবলৈও বহুবাৰ চিন্তা কৰিব লগাত পৰিছে।

ইণ্ডিগৰ বিমান অচল, আহমেদাবাদ বিমান বন্দৰত আবদ্ধ অসমৰ কেবাজনো যাত্ৰী

বিমান বন্দৰত আবদ্ধ যাত্ৰী

Published: 

08 Dec 2025 | 03:19 PM

ইণ্ডিগ’ এয়াৰলাইন্সৰ সমস্যা এতিয়াও অব্যাহত আছে। আজি সপ্তম দিন, বিভিন্ন বিমানবন্দৰত বিমান উৰণৰ সমস্যা এতিয়াও সমাধান হোৱা নাই। দেশৰ ভিন্ন প্ৰান্তৰ বিমান বন্দৰত বন্দী হৈ পৰিছে হাজাৰ হাজাৰ যাত্ৰী। ইফালে ইণ্ডিগ’ৰ এই সংকটৰ মাজতে আহমেদাবাদতো আবদ্ধ হৈ আছে একাংশ যাত্ৰী। ৫ দিন ধৰি আহমেদাবাদত আবদ্ধ হৈ আছে কুৱেইটৰ পৰা অসমলৈ অহা একাংশ যাত্ৰী। তেওঁলোকে অভিযোগ কৰিছে যে কৰ্তৃপক্ষৰ পৰা কোনো উচিত সঁহাৰি লাভ কৰা নাই।

আহমেদাবাদত আবদ্ধ অসমৰ যাত্ৰী

লাভ কৰা তথ্য অনুসৰি এইসকল যাত্ৰী কুৱেইটৰ পৰা ইণ্ডিগ’ বিমানেৰে আহমেদাবাদলৈ আহিছিল যদিও এতিয়া আহমেদাবাদৰ পৰা অসম অভিমুখী সংযোগী বিমান বাতিল হোৱাত তেওঁলোক বিপদত পৰিছে। ইণ্ডিগ’ৰ বিমান বাতিলৰ সংকটৰ মাজতে তেওঁলোকে বিমান সংস্থাসমূহৰ পৰা উপযুক্ত সঁহাৰি পোৱা নাই, যাৰ বাবে এই যাত্ৰীসকল আহমেদাবাদতে আবদ্ধ হৈ আছে বুলি তেওঁলোকে অভিযোগ কৰিছে।

ভাড়া দি হোটেলত থাকিবলৈ বাধ্য

ইয়াৰ মাজৰে এজন যাত্ৰী ৰেকিব হুছেইন কুৱেইটত থাকে আৰু বছৰত এবাৰ ভাৰতলৈ আহে পৰিয়ালক লগ কৰিবলৈ। কিন্তু, ইণ্ডিগ’ৰ বিমান সংকটৰ বাবে যোৱা পাঁচ দিন ধৰি তেওঁ আহমেদাবাদত আবদ্ধ হৈ আছে। উপায়ন্তৰ হৈ ভাড়া দি হোটেলত থাকিবলৈ বাধ্য হৈছে তেওঁ। লগতে তেওঁ বিমান সংস্থাসমূহৰ পৰা উপযুক্ত সঁহাৰি পোৱা নাই বুলিও অভিযোগ উত্থাপন কৰিছে।

বিমান সংস্থাৰ পৰা সঠিক সঁহাৰি পোৱা নাই

এসপ্তাহ ধৰি সমগ্ৰ দেশতে ইণ্ডিগ’ৰ বিমান বাতিল হোৱাৰ বহু তথ্য প্ৰকাশ পাইছে। এতিয়া এই সমস্যাৰ বাবে বহু যাত্ৰী য’ত আছিল তাতেই আবদ্ধ হৈ পৰিছে। ইয়াৰে অসমৰ একাংশ যাত্ৰী আহমেদাবাদত আবদ্ধ হৈ আছে আৰু বিমান সন্দৰ্ভত যিকোনো আপডেটৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। উল্লেখ্য যে ইণ্ডিগ’ৰ এই সমস্যাৰ বাবে বিমান ভাড়া ইমানেই আকাশলংঘী হৈ পৰিছে যে একাংশ যাত্ৰীয়ে অন্য বিমানত যাত্ৰা কৰিবলৈও বহুবাৰ চিন্তা কৰিব লগাত পৰিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...