পুনৰ নিযুক্তি লাভ কৰিব অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে ! ডাঙৰ সিদ্ধান্ত ৰে’লৱেৰ…

যিসকল কৰ্মচাৰীয়ে ইতিমধ্যে ৰে’ল বিভাগত চাকৰি কৰি অৱসৰ গ্ৰহণ কৰিছে তেওঁলোকক পুনৰ নিযুক্তি দিয়া হ’ব । ইতিমধ্যে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতীয় ৰে’লৱে ।

পুনৰ নিযুক্তি লাভ কৰিব অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে ! ডাঙৰ সিদ্ধান্ত ৰে’লৱেৰ...

Railway

Published: 

21 Jun 2025 16:22 PM

পুনৰ ৰে’লৱেত চাকৰি কৰাৰ সুযোগ লাভ কৰিব অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে । যিসকল কৰ্মচাৰীয়ে ইতিমধ্যে ৰে’ল বিভাগত চাকৰি কৰি অৱসৰ গ্ৰহণ কৰিছে তেওঁলোকক পুনৰ নিযুক্তি দিয়া হ’ব । ইতিমধ্যে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতীয় ৰে’লৱে । ইয়াৰ জৰিয়তে ৰে’লৱেত নন-গেজেটেড অৰ্থাৎ সৰু পৰ্যায়ৰ খালী পদ পূৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । এই ক্ষেত্ৰত নতুন নিয়ম প্ৰৱৰ্তন কৰিছে ভাৰতীয় ৰে’লৱে ।

কোৱা হৈছে যে,অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক ঠিকাভিত্তিক পুনৰ নিযুক্তি দি ৰে’লৱেত নন-গেজেটেড অৰ্থাৎ সৰু পৰ্যায়ৰ খালী পদ পূৰণ কৰা হ’ব। এতিয়ালৈকে নিয়ম আছিল যে, যিকোনো অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে অৱসৰ লোৱা পদটোতহে পুনৰ কাম কৰিব পাৰিব। অৰ্থাৎ তেওঁ অৱসৰ লোৱা একেটা দৰমহা স্তৰৰ পদতে তেওঁক পুনৰ নিযুক্তি দিব পৰা যাব। এতিয়া ৰে’লৱেই এই নিয়ম শিথিল কৰিছে।

নতুন নিয়ম কি?

নতুন নিয়ম অনুসৰি,অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক পে লেভেল-১ৰ পৰা পে লেভেল-৯লৈকে খালী পদত পুনৰ নিযুক্তি দিব পাৰিব । এতিয়া যিকোনো অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে অৱসৰৰ পদৰ Level-3 তলৰ পদত হ’লেও পুনৰ কামৰ বাবে আবেদন কৰিব পাৰিব । উদাহৰণস্বৰূপে, যদি কোনো কৰ্মচাৰীয়ে পে লেভেল-৬ৰ পৰা অৱসৰ লৈছে তেন্তে তেওঁক লেভেল-৬, লেভেল-৫, লেভেল-৪ আৰু লেভেল-৩ পৰ্যন্ত পদৰ বাবে নিৰ্বাচিত কৰিব পাৰে।

ৰে’লৱেই এই কথাও স্পষ্ট কৰি দিছে যে, একেটা স্তৰৰ পৰা অৱসৰ লোৱাসকলক অগ্ৰাধিকাৰ দিয়া হ’ব, অৰ্থাৎ যি স্তৰত পদ খালী হৈছে সেই স্তৰৰ পৰা অৱসৰ লোৱা ব্যক্তিজনে প্ৰথমে সুযোগ পাব। যদি এনে লোক উপলব্ধ নহয়, তেতিয়াহে উচ্চ পৰ্যায়ৰ পৰা অৱসৰ লোৱা লোকসকলে সুযোগ পাব।

এতিয়া বিভাগীয় ৰে’লৱে পৰিচালকৰ (ডি আৰ এম) বিভাগীয় পৰ্যায়ত (যেনে জ’ন বা মণ্ডলত) অৱসৰপ্ৰাপ্ত কৰ্মচাৰী নিযুক্তি দিয়াৰ অধিকাৰ থাকিব। ৰে’লৱেৰ মুখ্য কাৰ্যালয়ত নিযুক্তিৰ সিদ্ধান্ত এতিয়া জেনেৰেল মেনেজাৰ (জিএম)য়ে ল’ব। সমগ্ৰ ৰে’লৱে জ’নত কিমানজন অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক পুনৰ নিযুক্তি দিব লাগে সেইটোও জেনেৰেল মেনেজাৰে সিদ্ধান্ত ল’ব।

প্ৰয়োজনীয় চৰ্তবোৰ কি কি?

  • এই নিযুক্তি তেতিয়াহে কৰা হ’ব যেতিয়া প্ৰয়োজন হ’ব।
  • সম্পূৰ্ণ পৰীক্ষণ আৰু বিবেচনাৰ অন্ততহে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক ঘূৰাই অনা হ’ব।
  • এই নতুন নিয়ম জাৰি কৰাৰ তাৰিখৰ পৰা কাৰ্যকৰী হ’ব।
  • এই আদেশ ৰে’লৱে ব’ৰ্ডৰ অনুমোদন আৰু বিত্ত বিভাগৰ সন্মতি সাপেক্ষে জাৰি কৰা হৈছে।

অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক পুনৰ কামৰ সুযোগ দি কৰ্মচাৰীৰ অভাৱ পূৰণৰ চেষ্টা চলাইছে ৰে’লৱেই। ইয়াৰ ফলত ৰে’লৱেৰ কাম-কাজ উন্নত হ’ব আৰু অভিজ্ঞ কৰ্মচাৰীসকলেও আন এক সুযোগ লাভ কৰিব বুলি কোৱা হৈছে ।

ৰক্তহীনতাৰ মূল কাৰণ কি ? তেজৰ অভাৱ পূৰণৰ বাবে কি কি খাদ্য খাব ? জানক
হ'ব পাৰে গুৰুতৰ ৰোগৰ লক্ষণ! কি কি কাৰণত দাঁতৰ আলু ফুলিব পাৰে? জানক
দৈনিক জপ কৰক এই মন্ত্ৰ, নাইকিয়া হৈ যাব জীৱনৰ সকলো সমস্যা!
কোষ্ঠকাঠিন্যত ভুগিছে নেকি? এই উপায় গ্ৰহণ কৰক