দেশৰ স্বাৰ্থত ন্যস্ত প্ৰাণ! প্ৰথমবাৰলৈ গণৰাজ্য দিৱসৰ পেৰেডত ভাৰতীয় সেনাৰ এই বিশেষ বাহিনী

২৬ জানুৱাৰীত দুটা বেক্টৰিয়ান উট, চাৰিটা পনি, চাৰিটা চিকাৰী ঈগল আৰু দহটা থলুৱা জাতৰ কুকুৰে ডিউটি ​​লাইন প্ৰদৰ্শন কৰিব। এই সকলোবোৰ ভাৰতীয় সেনাৰ ‘ৰিমাউণ্ট এণ্ড ভেটেৰিনেৰী কৰ্পছ’ বা RVC ৰ এক গুৰুত্বপূৰ্ণ অংশ।

দেশৰ স্বাৰ্থত ন্যস্ত প্ৰাণ! প্ৰথমবাৰলৈ গণৰাজ্য দিৱসৰ পেৰেডত ভাৰতীয় সেনাৰ এই বিশেষ বাহিনী

ভাৰতীয় সেনাৰ চতুৰ্পদ বাহিনী

Published: 

08 Jan 2026 | 06:19 PM

প্ৰথমবাৰৰ বাবে ভাৰতীয় সেনাৰ ‘চতুৰ্পদ’ ব্ৰিগেড বা পশু আৰু পক্ষীৰ ব্ৰিগেডে অংশগ্ৰহণ কৰিব গণৰাজ্য দিৱসৰ পেৰেডত। ২৬ জানুৱাৰীত দুটা বেক্টৰিয়ান উট, চাৰিটা পনি, চাৰিটা চিকাৰী ঈগল আৰু দহটা থলুৱা জাতৰ কুকুৰে ডিউটি ​​লাইন প্ৰদৰ্শন কৰিব। এই সকলোবোৰ ভাৰতীয় সেনাৰ ‘ৰিমাউণ্ট এণ্ড ভেটেৰিনেৰী কৰ্পছ’ বা RVC ৰ এক গুৰুত্বপূৰ্ণ অংশ। এই জন্তু আৰু চৰাইবোৰক ডিউটি ​​লাইনত লৈ সেনাই দেখুৱাব যে এই চাৰিঠেঙীয়া প্ৰাণীবোৰে কেনেদৰে কান্ধত কান্ধ মিলাই দেশৰ গুৰুত্বপূৰ্ণ সীমান্ত অঞ্চলসমূহক পহৰা দিয়ে। একে সময়তে এই থলুৱা চতুৰ্ভুজক লৈ ভাৰত এতিয়া প্ৰতিৰক্ষাৰ ক্ষেত্ৰত স্বাৱলম্বী হোৱাৰ বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে সেনাই।

দুটা বেক্টৰিয়ান উট: এইবাৰৰ পেৰেডত আৰম্ভণিতে দেখা যাব দুটা বেক্ট্ৰিয়ান উট। লাডাখৰ হাড় কঁপোৱা ঠাণ্ডা, মৰুভূমিৰ বালি আৰু বৰফেৰে আবৃত অঞ্চলত সেনাবাহিনীৰ নিৰ্ভৰযোগ্য সংগী এই উট। ১৫,০০০ ফুট উচ্চতাত, য’ত বায়ুত অক্সিজেনৰ মাত্ৰা কম, তাতো এই উটবোৰে প্ৰায় ২৫০ কিলোগ্ৰাম সামগ্ৰী আৰু সেনাবাহিনীৰ জোৱান কঢ়িয়াই লৈ ফুৰে। সেয়াও দিনৰ পিছত দিন, ন্যূনতম পানী আৰু খাদ্য গ্ৰহণ কৰি। প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ বৰফ আৰু পিছল পথত এই উটবোৰে ভাৰতীয় সেনাক কিমানখিনি সহায় কৰে সেয়া অহা ২৬ জানুৱাৰীত দিল্লীৰ কৰ্তব্য পথত দেখুওৱা হ’ব।

চাৰিটা ঘোঁৰা: পোচাকী নাম ‘জাংস্কাৰ পনি’। সাধাৰণ ভাষাত ক’বলৈ গ’লে ইহঁত লাডাখী পনি। এই বিৰল জাতৰ ঘোঁৰা কেৱল লাডাখতহে পোৱা যায়। এই পনিবোৰে -৪০ ডিগ্ৰী ঠাণ্ডাত ১৫ হাজাৰ ফুট উচ্চতাত পিঠিত সেনা জোৱান কঢ়িয়াই লৈ ফুৰে। ২০২০ চনৰ পৰা সেনাবাহিনীত অন্তৰ্ভুক্ত হৈছিল এই পনি। এদিনতে ছিয়াচেনত প্ৰায় ৭০ কিলোমিটাৰ দূৰ জোৱান কঢ়িয়াই লৈ যায় ইহঁতে।

চাৰিটা চিকাৰী চৰাই: সেনাৰ হাতৰ তলুৱাত লুকাই থকা তাচপাতৰ দৰেই ই। চোৰাংচোৱাৰ বাবে ব্যৱহাৰ কৰা হয় চাৰিটা ঈগল। RVC কৰ্পছৰ দ্বাৰা বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত। এয়াৰ বেছৰ চাৰিওফালৰ অঞ্চলত ই পহৰা দিয়ে। এই ঈগলবোৰে হঠাতে সেনাবাহিনীৰ বিমানৰ ওচৰলৈ অহা যিকোনো সৰু চৰাইৰ ওপৰত চকু ৰাখে। আকৌ যদি হঠাতে কোনো ড্ৰ’নে সীমান্ত পাৰ হৈ উৰি যায়, তেন্তে ই সেনাবাহিনীক সকীয়াই দিয়ে। অৱশ্যে ঈগল ফৰ্চৰ আটাইতকৈ ডাঙৰ কাম হৈছে চোৰাংচোৱাগিৰি। ‘হেক-লেছ’ চোৰাংচোৱাগিৰিৰ বাবে সেনাই এই ঈগল ফৰ্চৰ ওপৰত নিৰ্ভৰ কৰে। আচলতে ঈগলে মানুহতকৈ ৮ গুণ বেছিকৈ দেখা পায়। তদুপৰি য’ত এজন সৈনিকে এটা সময়ত ১৮০ ডিগ্ৰীহে চাব পাৰে, তাত এটা ঈগলে ৩৪০ ডিগ্ৰী চাব পাৰে।

দহটা ভাৰতীয় কুকুৰ: কিন্তু এইবাৰ আটাইতকৈ ডাঙৰ আকৰ্ষণ নিঃসন্দেহে সেনাৰ সৰমেয়া-ভানী। ইয়াক ‘ছাইলেণ্ট ৱাৰিয়ৰ্ছ’ বা ‘ছাইলেণ্ট ফাইটাৰ্ছ’ বুলিও কোৱা হয়। উত্তৰ প্ৰদেশৰ মেৰুটত প্ৰশিক্ষণপ্ৰাপ্ত এই ভাৰতীয় কুকুৰ বাহিনীটোৱে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াত সেনাবাহিনীক সহায় কৰে। ইয়াৰ উপৰিও ই সেনাবাহিনীক খনি আৰু অন্যান্য বিস্ফোৰক বিচাৰি উলিওৱা, উগ্ৰপন্থী আৰু দুষ্কৃতিকাৰী চিনাক্তকৰণ, গুৰুত্বপূৰ্ণ অট্টালিকাসমূহ পহৰা দিয়াত সহায় কৰে। এই পেৰেডত দেখা যাব যে কেনেকৈ ‘আত্মনিৰ্ভৰ ভাৰত’ৰ অধীনত বিদেশী চিকাৰী কুকুৰৰ লগতে ভাৰতীয় কুকুৰকো বিশেষ গুৰুত্ব দিয়া হৈছে। মুধল হাউণ্ড, ৰামপুৰ হাউণ্ড, চিপ্পিপাৰাই, কাম্বাই আৰু ৰাজপলায়ম জাতৰ চিকাৰী কুকুৰে সেনাবাহিনীক কেনেদৰে সহায় কৰে সেয়া এইবাৰৰ পেৰেডত প্ৰদৰ্শিত হ’ব।

ইয়াৰ দ্বাৰা বুজাই দিয়া হ’ব যে কেৱল সৈনিক বা অত্যাধুনিক আগ্নেয়াস্ত্ৰই নহয়, চাৰিঠেঙীয়া জন্তু আৰু চৰাইবোৰেও নিজৰ জীৱনৰ বিনিময়ত দেশ ৰক্ষা কৰে। লাডাখ হওক বা বানত বিধ্বস্ত কেৰালা হওক – এই জীৱ-জন্তুবোৰে সহায়ৰ বাবে উদ্ধাৰ অভিযানত সেনাৰ সৈতে জপিয়াই পৰে।

তেজত হ্ৰাস পাইছে নেকি হিম’গ্লবিনৰ মাত্ৰা? এইসমূহ খাদ্যই দূৰ কৰিব চিন্তা
শীতকালত লাই শাক কিয় খাব লাগে ? ইয়াৰ উপকাৰিতা জানক
ব্যায়ামৰ আগতে এই পানীয় খালে দ্ৰুতগতিত চৰ্বি কমে, তেজৰ চুগাৰো নিয়ন্ত্ৰণত থাকে
জিভাত সোৱাদ লগাৰ বাবেই অতিমাত্ৰা ড্ৰাই ফ্ৰুটছ খায় নেকি? সাৱধান, হ’ব পাৰে এনে সমস্যা
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ