জম্মু-কাশ্মীৰত পুনৰ সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষত নিহত জোৱান…

জম্মু-কাশ্মিৰত পুনৰ ভাৰতীয় সেনা আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষত নিহত হৈছে এজন জোৱান । প্ৰথমে সন্ত্ৰাসবাদীৰ গুলীত নিহত জোৱানক চিকিৎসাৰ বাবে সেই স্থানৰ পৰা আঁতৰাই দিয়াৰ সময়তে তেখেতৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে ।

জম্মু-কাশ্মীৰত পুনৰ সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষত নিহত জোৱান...

ভাৰতীয় সেনা

Updated On: 

20 Jan 2025 | 07:11 PM

জম্মু-কাশ্মীৰৰ চপুৰ অঞ্চলত সন্ত্ৰাসবাদীৰ সৈতে নিশা সংঘৰ্ষৰ ফলত ভাৰতীয় সেনাৰ এজন জোৱান নিহত হয়। সোমবাৰে বিষয়া সকলে জানিবলৈ দিয়া অনুসৰি, প্ৰথমে চপুৰ আৰক্ষী জিলাৰ জালুৰা গুজ্জাৰপতিৰ এটা গোপন স্থানত সন্ত্ৰাসবাদীৰ সৈতে হোৱা গুলীচালনাত আহত হৈছিল জোৱানজন । ইয়াৰ পাছতে সেই স্থানৰ পৰা জোৱানজনক চিকিৎসাৰ বাবে আঁতৰাই দিয়াৰ সময়তে তেখেতৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে ।

দেওবাৰে উগ্ৰপন্থীয়ে সেই স্থানত আত্মগোপন কৰি থকা তথ্য লাভ কৰিছিল ভাৰতীয় সেনাই । ইয়াৰ পাছতে ,সেনাই অভিযান আৰম্ভ কৰে । নিশা জালুৰা গুজ্জাৰপতিত কটকটীয়া সতৰ্কতা বজাই ৰাখি আজি পুৱা অঞ্চলটোত সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ সন্ধান তীব্ৰতৰ কৰে বুলি বিষয়াসকলে জানিবলৈ দিয়ে।

সেনা আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষত আহত জোৱানজনক ৯২ বেছ আৰ্মি হাস্পতালত ভৰ্তি কৰোৱা হয়। সংকটজনত অৱস্থানত হাস্পতালত ভৰ্তি কৰা হৈছিল বুলি জানিব পৰা গৈছে । ইয়াৰ পাছতে হাস্পতালতে জোৱানজনৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে । সম্প্ৰতি নিৰাপত্তা বাহিনীয়ে সমগ্ৰ অঞ্চলটো অৱৰোধ কৰি তালাচী অভিযান অব্যাহত ৰাখিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...