ভাৰতীয় সেনাৰ হাতত থকা নতুন ইগলা-এছ মিছাইল কি ? কিয় ই সমগ্ৰ বিশ্বতে জনপ্ৰিয় ?

ভাৰতীয় সেনাই লাভ কৰিছে এক নতুন এয়াৰ ডিফেন্স চিষ্টেম। ই হৈছে ৰাছিয়াত নিৰ্মিত নতুন Very Short Range Air Defence Systems (VSHORADS), যাক ইগলা-এছ মিছাইল(Igla-S missiles) নামেৰে জনাজাত ।

ভাৰতীয় সেনাৰ হাতত থকা নতুন ইগলা-এছ মিছাইল কি ? কিয় ই সমগ্ৰ বিশ্বতে জনপ্ৰিয় ?
Published: 

05 May 2025 13:05 PM

ভাৰত-পাকিস্তানৰ যুদ্ধৰ আশংকাৰ মাজতে ভাৰতীয় সেনাই লাভ কৰিছে এক নতুন এয়াৰ ডিফেন্স চিষ্টেম। ই হৈছে ৰাছিয়াত নিৰ্মিত নতুন Very Short Range Air Defence Systems (VSHORADS), যাক ইগলা-এছ মিছাইল(Igla-S missiles) নামেৰে জনাজাত । কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে জৰুৰীভাৱে সেনাবাহিনীৰ বাবে ৰাছিয়াত নিৰ্মিত এই এয়াৰ ডিফেন্স চিষ্টেম অৰ্ডাৰ কৰিছিল । সেই মতে ভাৰতীয় সেনাই লাভ কৰে এই নতুন এয়াৰ ডিফেন্স চিষ্টেম। যাৰ বাবে মোদী চৰকাৰে ব্যয় কৰে ২৬০ কোটি টকা।

এই নতুন এয়াৰ ডিফেন্স চিষ্টেম ভাৰতীয় সৈনিকে কান্ধত লৈ যুদ্ধক্ষেত্ৰলৈ লৈ যাব পাৰে । ইয়াৰ দ্বাৰা সহজেই মিছাইল নিক্ষেপ কৰি যুঁজাৰু বিমান, ড্ৰ’ন আক্ৰমণ ৰোধ কৰিব পাৰে সেনাই । ভাৰত-পাকিস্তানৰ যুদ্ধৰ উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে এই এয়াৰ ডিফেন্স চিষ্টেমে চৰ্চা লাভ কৰিছে । সমগ্ৰ বিশ্বতে ৰাছিয়াৰ এই এয়াৰ ডিফেন্স চিষ্টেম সাংঘাতিক ধৰণে জনপ্ৰিয় ।

এই এয়াৰ ডিফেন্স চিষ্টেমৰ ডাঙৰ সুবিধাটো হ’ল-ই পৰ্টেবল আৰু সেনাই কান্ধত লৈ পৃষ্ঠৰ পৰা মিছাইল নিক্ষেপ কৰিব পাৰে । এই চিষ্টেমত শত্ৰুক লক্ষ্য কৰি এবাৰ মিছাইল ‘লক’ কৰিলে সেই মিছাইলে সহজে লক্ষ্য ভেদ কৰিব পাৰে । তদুপৰি ৮ কিলোমিটাৰ দূৰলৈকে আৰু ৪ কিলোমিটাৰ ওপৰলৈকে ব্যৱধানত শত্ৰুৰ যুঁজাৰু বিমান, ড্ৰ’ন আক্ৰমণ ৰোধ তথা ধ্বংস কৰিব পাৰে।

১৯৯০ চনৰ পৰা ৰাছিয়াত নিৰ্মিত ইগলা ছিৰিজৰ ক্ষেপণাস্ত্ৰ দেশ-বিদেশৰ বহু যুদ্ধত ব্যৱহাৰ কৰা হৈছে। সেই ছিৰিজৰ শেহতীয়া সংস্কৰণ হৈছে ইগলা-এছ। এই মিছাইলৰ বিফলতাৰ হাৰ প্ৰায় শূন্য। কাৰণ ড্ৰোন, চপাৰ বা যুঁজাৰু বিমানৰ ইঞ্জিনৰ পৰা নিৰ্গত হোৱা তাপক লক্ষ্য কৰি লয় এই এয়াৰ ডিফেন্স চিষ্টেমে । ভাৰতীয় সেনাই এই ব্যৱস্থা পশ্চিম খণ্ডত অৰ্থাৎ পাকিস্তান সীমান্তৰ ওচৰত মোতায়েন কৰিছে। গতিকে এই এয়াৰ ডিফেন্স চিষ্টেমে ভাৰতীয় সেনাৰ শক্তি বৃদ্ধি কৰাই নহয়,  ইয়াৰ জৰিয়তে শত্ৰুক ৰোধ কৰাত অধিক সফল হ’ব ভাৰতীয় সেনা ।

পুৱা খালী পেটত এই ৫ বিধ খাদ্য খালে পৰিষ্কাৰ হয় পেট, জানি লওক এতিয়াই
সঘনাই আপোনাৰ জিভা শুকাই যায় নেকি ? ই কিহৰ ইংগিত দিয়ে? জানক
উচ্চ ৰক্তচাপত আক্ৰান্ত যদি শীতকালত কেতিয়াও নাখাব এনে খাদ্য, অন্যথা সমস্যা হ’ব অধিক
একেৰাহে ৩০ দিন মিঠা আলু খালে কি হ'ব? জানক ইয়াৰ গুণসমূহ...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...