ভাৰতীয় সেনাৰ হাতত থকা নতুন ইগলা-এছ মিছাইল কি ? কিয় ই সমগ্ৰ বিশ্বতে জনপ্ৰিয় ?

ভাৰতীয় সেনাই লাভ কৰিছে এক নতুন এয়াৰ ডিফেন্স চিষ্টেম। ই হৈছে ৰাছিয়াত নিৰ্মিত নতুন Very Short Range Air Defence Systems (VSHORADS), যাক ইগলা-এছ মিছাইল(Igla-S missiles) নামেৰে জনাজাত ।

ভাৰতীয় সেনাৰ হাতত থকা নতুন ইগলা-এছ মিছাইল কি ? কিয় ই সমগ্ৰ বিশ্বতে জনপ্ৰিয় ?
Published: 

05 May 2025 | 01:05 PM

ভাৰত-পাকিস্তানৰ যুদ্ধৰ আশংকাৰ মাজতে ভাৰতীয় সেনাই লাভ কৰিছে এক নতুন এয়াৰ ডিফেন্স চিষ্টেম। ই হৈছে ৰাছিয়াত নিৰ্মিত নতুন Very Short Range Air Defence Systems (VSHORADS), যাক ইগলা-এছ মিছাইল(Igla-S missiles) নামেৰে জনাজাত । কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে জৰুৰীভাৱে সেনাবাহিনীৰ বাবে ৰাছিয়াত নিৰ্মিত এই এয়াৰ ডিফেন্স চিষ্টেম অৰ্ডাৰ কৰিছিল । সেই মতে ভাৰতীয় সেনাই লাভ কৰে এই নতুন এয়াৰ ডিফেন্স চিষ্টেম। যাৰ বাবে মোদী চৰকাৰে ব্যয় কৰে ২৬০ কোটি টকা।

এই নতুন এয়াৰ ডিফেন্স চিষ্টেম ভাৰতীয় সৈনিকে কান্ধত লৈ যুদ্ধক্ষেত্ৰলৈ লৈ যাব পাৰে । ইয়াৰ দ্বাৰা সহজেই মিছাইল নিক্ষেপ কৰি যুঁজাৰু বিমান, ড্ৰ’ন আক্ৰমণ ৰোধ কৰিব পাৰে সেনাই । ভাৰত-পাকিস্তানৰ যুদ্ধৰ উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে এই এয়াৰ ডিফেন্স চিষ্টেমে চৰ্চা লাভ কৰিছে । সমগ্ৰ বিশ্বতে ৰাছিয়াৰ এই এয়াৰ ডিফেন্স চিষ্টেম সাংঘাতিক ধৰণে জনপ্ৰিয় ।

এই এয়াৰ ডিফেন্স চিষ্টেমৰ ডাঙৰ সুবিধাটো হ’ল-ই পৰ্টেবল আৰু সেনাই কান্ধত লৈ পৃষ্ঠৰ পৰা মিছাইল নিক্ষেপ কৰিব পাৰে । এই চিষ্টেমত শত্ৰুক লক্ষ্য কৰি এবাৰ মিছাইল ‘লক’ কৰিলে সেই মিছাইলে সহজে লক্ষ্য ভেদ কৰিব পাৰে । তদুপৰি ৮ কিলোমিটাৰ দূৰলৈকে আৰু ৪ কিলোমিটাৰ ওপৰলৈকে ব্যৱধানত শত্ৰুৰ যুঁজাৰু বিমান, ড্ৰ’ন আক্ৰমণ ৰোধ তথা ধ্বংস কৰিব পাৰে।

১৯৯০ চনৰ পৰা ৰাছিয়াত নিৰ্মিত ইগলা ছিৰিজৰ ক্ষেপণাস্ত্ৰ দেশ-বিদেশৰ বহু যুদ্ধত ব্যৱহাৰ কৰা হৈছে। সেই ছিৰিজৰ শেহতীয়া সংস্কৰণ হৈছে ইগলা-এছ। এই মিছাইলৰ বিফলতাৰ হাৰ প্ৰায় শূন্য। কাৰণ ড্ৰোন, চপাৰ বা যুঁজাৰু বিমানৰ ইঞ্জিনৰ পৰা নিৰ্গত হোৱা তাপক লক্ষ্য কৰি লয় এই এয়াৰ ডিফেন্স চিষ্টেমে । ভাৰতীয় সেনাই এই ব্যৱস্থা পশ্চিম খণ্ডত অৰ্থাৎ পাকিস্তান সীমান্তৰ ওচৰত মোতায়েন কৰিছে। গতিকে এই এয়াৰ ডিফেন্স চিষ্টেমে ভাৰতীয় সেনাৰ শক্তি বৃদ্ধি কৰাই নহয়,  ইয়াৰ জৰিয়তে শত্ৰুক ৰোধ কৰাত অধিক সফল হ’ব ভাৰতীয় সেনা ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...