India Russia Agreement: ১০০ বিলিয়ন মাৰ্কিন ডলাৰৰ বাণিজ্য চুক্তিৰ পৰা প্ৰতিৰক্ষা প্ৰতিশ্ৰুতিলৈ… কি কি দি গ’ল পুটিনে?

২০৩০ চনলৈকে বাণিজ্যিক ৰোডমেপ তৈয়াৰ কৰিছে ভাৰত আৰু ৰাছিয়াই। শুকুৰবাৰে যৌথ সংবাদমেল আৰম্ভ হোৱাৰ পূৰ্বে এই বাৰ্তা প্ৰদান কৰে নতুন দিল্লীয়ে। ২০৩০ চনলৈকে নিজৰ মাজত অৰ্থনৈতিক সমন্বয় বজাই ৰাখিবলৈ ওলাইছে দুয়োটাপক্ষ।

India Russia Agreement: ১০০ বিলিয়ন মাৰ্কিন ডলাৰৰ বাণিজ্য চুক্তিৰ পৰা প্ৰতিৰক্ষা প্ৰতিশ্ৰুতিলৈ... কি কি দি গল পুটিনে?

ভাৰত-ৰাছিয়াৰ চুক্তি স্বাক্ষৰ

Published: 

06 Dec 2025 14:49 PM

ঘণ্টাজোৰা বৈঠক, তাৰ পিছতেই সংবাদ মাধ্যমৰ সন্মুখীন হ’ল দুয়োগৰাকী ৰাষ্ট্ৰ নেতা। হয়, আমি কৈছোঁ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ বৈঠকৰ কথা। এফালে থিয় হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, আনফালে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। এই দুয়ো নেতাৰ যুটি আজিৰ নহয়, দশক দশক পুৰণি। ঠিক যেনেকৈ ভাৰত-ৰাছিয়াৰ সম্পৰ্কও কেইবা দশক পুৰণি। ভাৰতত প্ৰায় ২৮ ঘন্টা থাকিল পুটিন। কিন্তু এই ২৮ ঘণ্টাত সমীকৰণটো কিমান সলনি হ’ল? কি কি চুক্তি বা স্বাক্ষৰ কৰা হ’ল?

বাণিজ্য চুক্তি

২০৩০ চনলৈকে বাণিজ্যিক ৰোডমেপ তৈয়াৰ কৰিছে ভাৰত আৰু ৰাছিয়াই। শুকুৰবাৰে যৌথ সংবাদমেল আৰম্ভ হোৱাৰ পূৰ্বে এই বাৰ্তা প্ৰদান কৰে নতুন দিল্লীয়ে। ২০৩০ চনলৈকে নিজৰ মাজত অৰ্থনৈতিক সমন্বয় বজাই ৰাখিবলৈ ওলাইছে দুয়োটাপক্ষ। এই সময়ছোৱাত নতুন দিল্লী আৰু মস্কোৱে ১০০ বিলিয়ন মাৰ্কিন ডলাৰৰ দ্বিপাক্ষিক বাণিজ্য স্থাপনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

শক্তিৰ ক্ষেত্ৰত সমন্বয়

যৌথ সংবাদমেলত ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ স্পষ্ট বাৰ্তা দিয়ে যে, ‘ৰাছিয়াই বাধা-বিপত্তি পৰিহাৰ কৰি ভাৰতলৈ নিৰবিচ্ছিন্নভাৱে তেল প্ৰেৰণ কৰিবলৈ সাজু।’ এইবাৰ সেই ক্ষেত্ৰত কৰা হৈছে বুজাবুজি। দুয়োখন দেশে একেলগে শক্তি, বিদুৎ আৰু পাৰমাণৱিক খণ্ডৰ উন্নয়নৰ প্ৰতিশ্ৰুতি দিছে।

চেন্নাই-ৰাছিয়া সংযোগ হ’ব

আন্তঃৰাষ্ট্ৰীয় উত্তৰ দক্ষিণ পৰিবহণ কৰিড’ৰৰ ৰূপৰেখা প্ৰস্তুত কৰা হৈছিল পুটিনৰ ভাৰত ভ্ৰমণৰ সময়ত। এইবাৰ ভাৰতৰ চেন্নাই আৰু ৰাছিয়াৰ ভ্লাডিভষ্টকক সাগৰীয় পথেৰে সংযোগ কৰা হ’ব।

পাৰমাণৱিক শক্তিৰ ওপৰত গুৰুত্ব

ভাৰত আৰু ৰাছিয়াই গুৰুত্ব আৰোপ কৰিছে পাৰমাণৱিক শক্তিৰ ওপৰত। সৃষ্টি হৈছে সমন্বয়ৰ। শুকুৰবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে তামিলনাডুৰ এটা পাৰমাণৱিক শক্তি কেন্দ্ৰ সম্পূৰ্ণৰূপে নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। ইয়াৰ উপৰিও বিষয়াসকলে কয় যে আগন্তুক দিনত ইছৰো আৰু ৰস্কোচমছে মহাকাশ অভিযান আৰু গৱেষণাৰ ক্ষেত্ৰত একেলগে কাম কৰিবলৈ ওলাইছে।

সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ মিত্ৰতা

যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘ভাৰত আৰু ৰাছিয়াই দীৰ্ঘদিন ধৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দি আহিছে। পাহলগাম হওক বা ক্ৰকাছ চিটি হল হওক, এই সকলোবোৰ কাণ্ডৰ উৎস একেই।’ শুকুৰবাৰৰ বৈঠকত দুয়োখন দেশে একেলগে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰতিশ্ৰুতি দিছে।

সামৰিক চুক্তি

সামৰিক খণ্ডত যৌথ গৱেষণাৰ পথ প্ৰশস্ত তথা সামৰিক সঁজুলিৰ ক্ষেত্ৰ মেক ইন ইণ্ডিয়াত গুৰুত্ব দিয়া হৈছে। ইয়াৰ উপৰিও ভাৰত আৰু ৰাছিয়াই যৌথ সামৰিক প্ৰশিক্ষণৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। ইয়াৰ উপৰিও দুয়োখন দেশে বৈজ্ঞানিক গৱেষণা, দুয়োখন দেশৰ মাজত পৰ্যটন বৃদ্ধি, আন্তঃৰাষ্ট্ৰীয় মঞ্চত ইজনে সিজনৰ কাষত থিয় দিয়াৰ প্ৰতিশ্ৰুতি দিছে।

কি কি কাৰণত বেয়া কলেষ্টেৰল বৃদ্ধি পাব পাৰে ? কেনেকৈ কৰিব নিয়ন্ত্ৰণ ?
শনি দেৱৰ কোপদৃষ্টি আঁতৰিব, প্ৰতি শনিবাৰে কৰক এইকেইটা কাম!
শীতকালত চুলি বেছিকৈ সৰে নেকি? এই পদ্ধতিৰে দূৰ কৰক চুলিৰ সকলো সমস্যা!
মাহেকীয়া পলমকৈ হোৱা PCOS ৰ লক্ষণ নেকি? জানক বিশেষজ্ঞৰ পৰা
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...