স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে দেশৰ পৰিস্থিতি ! বন্ধ হৈ থকা ৩২ টা বিমানবন্দৰৰ বিমান সেৱা পুনৰ মুকলি…

বন্ধ হৈ থকা ৩২ টা বিমানবন্দৰৰ অসামৰিক সেৱা পুনৰ মুকলি কৰা হৈছে বুলি জানিব পৰা গৈছে । বৰ্তমান পৰিস্থিতিৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ বাবে বন্ধ হৈ থকা বিমানবন্দৰত পুনৰ সেৱা আৰম্ভ হৈছে বুলি ভাৰতৰ বিমান নিয়ন্ত্ৰকে জানিবলৈ দিয়ে।

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে দেশৰ পৰিস্থিতি ! বন্ধ হৈ থকা ৩২ টা বিমানবন্দৰৰ বিমান সেৱা পুনৰ মুকলি...

Airport

Published: 

12 May 2025 17:40 PM

ভাৰত-পাকিস্তানৰ যুদ্ধ বিৰতিৰ পাছতে হ্ৰাস পাইছে সামৰিক উত্তেজনাৰ । শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিত বন্ধ হৈ থকা ৩২ টা বিমানবন্দৰৰ অসামৰিক সেৱা পুনৰ মুকলি কৰা হৈছে বুলি জানিব পৰা গৈছে । ভাৰত-পাকিস্তানৰ মাজত বৃদ্ধি পোৱা সামৰিক উত্তেজনাৰ ফলস্বৰূপে আকাশমাৰ্গৰ বাধাৰ বাবে উত্তৰ-পশ্চিম অঞ্চলৰ ৩২টা বিমানবন্দৰ বন্ধ হৈ আছিল । বৰ্তমান পৰিস্থিতিৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ বাবে বন্ধ হৈ থকা বিমানবন্দৰত পুনৰ সেৱা আৰম্ভ হৈছে বুলি ভাৰতৰ বিমান নিয়ন্ত্ৰকে জানিবলৈ দিয়ে।

আজি পুৱা ভাৰতৰ বিমানবন্দৰ কৰ্তৃপক্ষই জনোৱা মতে, শ্ৰীনগৰ, চণ্ডীগড়, অমৃতসৰকে ধৰি বন্ধ হৈ থকা বিমানবন্দৰসমূহ এতিয়া অসামৰিক বিমান পৰিচালনাৰ বাবে উপলব্ধ। ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষই ১৫ মে’লৈকে অসামৰিক বিমান পৰিচালনাৰ বাবে ৩২টা বিমানবন্দৰ অস্থায়ীভাৱে বন্ধ কৰাৰ বাবে জাননী জাৰি কৰা কৰিছিল। শেহতীয়াকৈ জনোৱা হৈছে যে, এই বিমানবন্দৰসমূহ এতিয়া তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ অসামৰিক বিমান পৰিচালনাৰ বাবে উপলব্ধ।

এএআইয়ে ভ্ৰমণকাৰীসকলক বিমান সংস্থাসমূহৰ সৈতে পোনপটীয়াকৈ বিমানৰ অৱস্থা পৰীক্ষা কৰাৰ লগতে নিয়মীয়াকৈ আপডেটৰ বাবে তেওঁলোকৰ ৱেবছাইটসমূহ নিৰীক্ষণ কৰিবলৈও পৰামৰ্শ দিছে। এই ৩২ টা বিমানবন্দৰৰ তালিকাত আছিল, জয়ছালমাৰ, জামনগৰ, যোধপুৰ, আধামপুৰ, আম্বালা, আৱন্তীপুৰ, বাথিণ্ডা, ভূজ, বিকানাৰ, হালোৱাৰা, হিন্দন, জম্মু, কণ্ডলা, কংৰা (গগগাল), কেশোদ, কিষানগড়, কুল্লু মানালি (ভুণ্টাৰ), লেহ, লুধিয়ানা, মুন্দ্ৰা, নলিয়া, পাঠানকোট, পাটিয়ালা, পৰ্বন্দৰ, ৰাজকোট (হিৰাচৰ), সৰছাৱা, ছিমলা, থোইছে আৰু উত্তৰলাই।

শুকুৰবাৰে ২৪ টা বিমানবন্দৰ সামৰি প্ৰাৰম্ভিক বন্ধ ঘোষণা কৰা হৈছিল আৰু ইয়াৰ এদিন পিছত ৩২ টা বিমানবন্দৰলৈ বৃদ্ধি কৰা হয়। শনিবাৰে ৩২টা বিমানবন্দৰ অস্থায়ীভাৱে বন্ধ কৰাৰ কথা ঘোষণা কৰি NOTAM জাৰি কৰা হয়। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ পাছত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে অপাৰেচন সেন্দূৰ আৰম্ভ কৰাৰ পিছতে নিৰাপত্তাজনিত কাৰণত এই বিমানবন্দৰসমূহৰ সেৱা বন্ধ কৰা হৈছিল ।

উল্লেখ্য যে, যোৱা শনিবাৰে সামৰিক উত্তেজনাৰ মাজতে যুদ্ধ বিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰে ভাৰত আৰু পাকিস্তানে । ইয়াৰ পাছত পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ বিৰতি উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছিল যদিও বৰ্তমান পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে । ইফালে, ভাৰতে আৰম্ভ কৰা অপৰাচেন সেন্দূৰৰ পাছত আজি সন্ধিয়া ৮ বজাত প্ৰথমবাৰৰ বাবে দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অপাৰেচন সিন্দুৰৰ পিছত এইটোৱেই হ’ব প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম ভাষণ।

আই পি এলৰ নতুন সূচী মতে পুনৰ অনুষ্ঠিত হ’বনে পঞ্জাৱ আৰু দিল্লীৰ অৰ্ধসমাপ্ত মেচখন!
টেষ্ট ক্ৰিকেটক বিদায় কিং কোহলীৰ, এই ফৰ্মেটত তেওঁৰ দৰমহা কিমান আছিল জানেনে?
গ্ৰীষ্মকালত কেনেকৈ শৰীৰৰ পৰা ওলোৱা ঘামৰ দুৰ্গন্ধ আঁতৰাব পাৰি ? উপায় জানক
মহিলাৰ বৃক্ক সংক্ৰমণৰ লক্ষণবোৰ কেনে ধৰণৰ হয় ? জানক