India Pakistan Ceasefire: সন্ধিয়া ৫ বজাৰ পৰা ভাৰত-পাকিস্তানৰ মাজত আৰম্ভ হৈছে যুদ্ধবিৰতি…জনালে বৈদেশিক সচিবে

India Pakistan Ceasefire: বিক্ৰম মিশ্ৰীয়ে কয়, "সন্ধিয়া ৫ বজাৰ পৰা দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি চলি আছে। আকাশ, স্থল, পানীৰ দ্বাৰা কোনো সামৰিক ‘কাৰ্যকলাপ’ গ্ৰহণ কৰা নহ’ব।

 India Pakistan Ceasefire: সন্ধিয়া ৫ বজাৰ পৰা ভাৰত-পাকিস্তানৰ মাজত আৰম্ভ হৈছে যুদ্ধবিৰতি...জনালে বৈদেশিক সচিবে

বৈদেশিক সচিব বিক্ৰম মিশ্ৰী

Published: 

10 May 2025 18:54 PM

অৱশেষত শ্বাসৰুদ্ধকৰ অভিযানৰ অন্ত। ভাৰত-পাকিস্তানৰ মাজত যুদ্ধবিৰতি ঘোষণা। দেশৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয়, “আজি শনিবাৰে সন্ধিয়া ৫ বজাৰ পৰা দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰা হৈছে। আকাশ, স্থল বা জলপথেৰে কোনো সামৰিক ব্যৱস্থা গ্ৰহণ কৰা নহ’ব। দুয়োখন দেশে সকলো ধৰণৰ সংঘাতৰ পৰা বিৰত থাকিব।”

বৈদেশিক সচিবগৰাকীয়ে লগতে কয়, বিয়লি প্ৰায় ৩:৩৫ বজাত পাকিস্তানৰ ডিজিএমঅ’ৰ পৰা ভাৰতৰ ডিজিএমঅ’লৈ ফোন আহে। এই ফোন কলত ভাৰতে পাকিস্তানৰ অনুৰোধত সকলো ধৰণৰ সংঘাতৰ পৰা বিৰত থাকিবলৈ সন্মত হয়। পিছত জাৰি কৰা গাইডলাইন অনুসৰি আজি শনিবাৰে সন্ধিয়া ৫ বজাৰ পৰা দুয়োখন দেশে পানী, স্থল, আকাশৰ মাধ্যমেৰে সংঘাতৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লয়। ১২ তাৰিখে অৰ্থাৎ সোমবাৰে দুপৰীয়া ১২ বজাত দুয়োখন দেশৰ ডিজিএমঅ’ই এই বিষয়ত আলোচনা কৰিব।”

মন কৰিবলগীয়া যে বৈদেশিক মন্ত্ৰীৰ ঘোষণাৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা সংঘাতত মধ্যস্থতাৰ কথা উল্লেখ কৰিছিল। ইয়াৰ পূৰ্বে ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা ষ্টেণ্ডঅফত মধ্যস্থতা কৰাৰ প্ৰস্তাৱ দিছিল আমেৰিকাই। সেই আধাৰতেই আজি ভাৰত আৰু পাকিস্তানৰ প্ৰতিনিধিৰ সৈতে বাৰ্তালাপ কৰে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই। ভাৰত আৰু পাকিস্তানৰ বৈদেশিক মন্ত্ৰীসকলেও তেওঁৰ সৈতে কথা পাতিছিল। তাৰ পিছত ট্ৰাম্পে যুদ্ধবিৰতি ঘোষণা কৰে।

ড’নাল্ড ট্ৰাম্পে কয়, “দুয়োখন দেশতে যি পৰিবেশ সৃষ্টি হৈছে সেয়া শান্ত কৰাটো প্ৰয়োজনীয়। আমি যোৱা নিশাৰ পৰা এইটো চেষ্টা আৰম্ভ কৰিছিলো আৰু দুয়োখন দেশেই সন্মতি দিলে। এতিয়া দুয়োজন যুদ্ধবিৰতিৰ বাবে সাজু হৈছে।”

ইফালে আমেৰিকাৰ বৈদেশিক সচিব মাৰ্ক ৰুবিঅ’ই কয়, “জে ডি ভেন্স আৰু মই ভাৰত আৰু পাকিস্তানৰ উচ্চপদস্থ বিষয়াৰ সৈতে কথা পাতিছোঁ। য’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু শ্বাহবাজ শ্বৰীফ, বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ, সেনা প্ৰধান অসীম মুনিৰ, আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু অসীম মালিক অন্তৰ্ভুক্ত আছিল।মই এই কথা জনাবলৈ পাই সুখী যে ভাৰত আৰু পাকিস্তান চৰকাৰে তাৎক্ষণিক যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছে আৰু নিৰপেক্ষ স্থানত বিস্তৃত বিষয়ৰ ওপৰত আলোচনা আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে।” লগতে তেওঁ কয়, “শান্তিপূৰ্ণ পথ বাছি লোৱাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদী আৰু শ্বৰীফে প্ৰদৰ্শন কৰা দৃষ্টিভংগী, বিচক্ষণতা আৰু কূটনৈতিক বুদ্ধিমত্তাৰ আমি শলাগ লৈছো।”

Related Stories
কোনে বন্ধ কৰিছিল আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত বিমানৰ ইন্ধনৰ চুইচ? ২ পাইলটৰ মাজত হোৱা কথা-বতৰাক লৈ চৰ্চা…
সম্পত্তিৰ লোভ আৰু ১০ লাখ টকাৰ ভাড়াতীয়া শ্বুটাৰ! পত্নীৰ ষড়যন্ত্ৰৰ বলি হৈ চিৰদিনলৈ চকু মুদিলে পতিয়ে
চাংপোৰ ওপৰত চীনে গোপনে নিৰ্মাণ কৰিছে বিশ্বৰ সৰ্ববৃহৎ নদী বান্ধ…শংকা প্ৰকাশ অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ
চৰাইৰ খুন্দাৰ বাবে সংঘটিত হৈছিল নেকি আহমেদাবাদ দুৰ্ঘটনা! প্ৰতিবেদনত পোহৰলৈ আহিছে এই তথ্য
হুৰমূৰকৈ বাগৰি পৰিল চাৰি মহলীয়া অট্টালিকা, আৱদ্ধ ১২ জন লোকঃ অব্যাহত উদ্ধাৰ অভিযান
আহমেদাবাদ বিমান দুৰ্ঘটনা সন্দৰ্ভত পোহৰলৈ ন-ন তথ্যঃ বিমান কোম্পানীৰ বিৰুদ্ধে লোৱা হ’ব নেকি ব্যৱস্থা!
জণ্ডিচৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? ইয়াৰ কাৰণ ক'লে চিকিৎসকে...
কৰ্কট ৰোগৰ প্ৰতিৰোধৰ বাবে কাজি নেমু কিমান উপকাৰী? জানক
পেটৰ আলচাৰে পিছলৈ গুৰুতৰ ৰূপ ল’ব পাৰে, ইয়াৰ প্ৰতিৰোধৰ উপায় জানক
শাওন মাহত ভুলতো নকৰিব এইসমূহ কাম, মহাদেৱৰ কৃপাৰ পৰা বঞ্চিত হ’ব আপুনি!