ভাৰতৰ তিনিওটা সশস্ত্ৰ বাহিনীৰ মুৰব্বীৰ সৈতে বৈঠক প্ৰধানমন্ত্ৰীৰ, বৈঠকত অংশগ্ৰহণ ৰাজনাথ সিং-অজিত ডোভালৰ

শুকুৰবাৰে সন্ধিয়া তিনিওটা সশস্ত্ৰ বাহিনীৰ মুৰব্বীৰ সৈতে বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালও উপস্থিত থাকে। বৈঠকত প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহানও উপস্থিত থাকে ।

ভাৰতৰ তিনিওটা সশস্ত্ৰ বাহিনীৰ মুৰব্বীৰ সৈতে বৈঠক প্ৰধানমন্ত্ৰীৰ, বৈঠকত অংশগ্ৰহণ ৰাজনাথ সিং-অজিত ডোভালৰ

প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক(ফাইল ফটো)

Published: 

09 May 2025 | 08:41 PM

ভাৰতে পাকিস্তানৰ ড্ৰ’ন আক্ৰমণ বিফল কৰাৰ এদিন পিছতে শুকুৰবাৰে সন্ধিয়া তিনিওটা সশস্ত্ৰ বাহিনীৰ মুৰব্বীৰ সৈতে বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালও উপস্থিত থাকে। বৈঠকত প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহানও উপস্থিত থাকে ।

উল্লেখ্য যে, বৃহস্পতিবাৰে নিশা পাকিস্তানে ড্ৰ’নৰ জৰিয়তে ভাৰতৰ কেইবাটাও স্থানত আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল। ইয়াৰ লগতে উত্তৰ আৰু পশ্চিম সীমান্তত পাকিস্তানৰ পৰা ধাৰাবাহিকভাৱে গোলাবৰ্ষণ হয় । বৃহস্পতিবাৰৰ ঘটনাৰ পাছত অনুষ্ঠিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই বৈঠক অতি গুৰুত্বপূৰ্ণ।

ইয়াৰ পূৰ্বে শুকুৰবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে সশস্ত্ৰ বাহিনীৰ প্ৰবীণ সৈনিকৰ এটা দলক সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ সৈতে সাম্প্ৰতিক পৰিস্থিতি আৰু বিভিন্ন বিষয়ক লৈ বিস্তৃত আলোচনাত মিলিত হয়। ইয়াৰ ভিতৰত আছিল প্ৰাক্তন বায়ুসেনাৰ মুৰব্বী, সেনা প্ৰধান, নৌসেনাৰ মুৰব্বী আৰু দেশৰ সেৱা আগবঢ়োৱা আন প্ৰবীণ সৈনিকসকল।

বুধবাৰে অপাৰেচন সেন্দূৰৰ অধীনত ভাৰতে পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ ৯ টা সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ চলাইছিল। দুসপ্তাহ পূৰ্বে জম্মু-কাশ্মীৰৰ পহলগামত পৰ্যটকৰ ওপৰত সংঘটিত হোৱা আক্ৰমণৰ প্ৰতিশোধ হিচাপে এই অপাৰেচন আৰম্ভ কৰে ভাৰতে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...