যুদ্ধবিৰতিৰ ৪ ঘণ্টাৰ পিছতে উলংঘন পাকিস্তানৰ! সীমান্তত পুনৰ গুলীবৰ্ষণ, ড্ৰ’নৰ আক্ৰমণৰ প্ৰচেষ্টা

যুদ্ধবিৰতি ঘোষণাৰ মাত্ৰ চাৰি ঘণ্টাৰ পাছতেই পাকিস্তানী সেনাই যুদ্ধবিৰতি উলংঘন কৰাৰ তথ্য পোৱা গৈছে। পাকিস্তানী সেনাই সীমান্তত গুলীচালনা কৰাৰ খবৰ পোৱা গৈছে। গুলীচালনা কৰাৰ সমান্তৰালকৈ ভাৰতীয় সীমাৰ ভিতৰলৈ ড্ৰ’ন নিক্ষেপ কৰাৰো চেষ্টা চলায় পাকিস্তানে।

যুদ্ধবিৰতিৰ ৪ ঘণ্টাৰ পিছতে উলংঘন পাকিস্তানৰ! সীমান্তত পুনৰ গুলীবৰ্ষণ, ড্ৰ’নৰ আক্ৰমণৰ প্ৰচেষ্টা

যুদ্ধবিৰতি উলংঘন পাকিস্তানৰ

Updated On: 

10 May 2025 22:55 PM

বিগত কেইটামান দিন ধৰি ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা উত্তেজনাৰ পিছত আজি আমেৰিকাৰ মধ্যস্থতাত যুদ্ধবিৰতি ঘোষণা কৰা হৈছিল। দুয়োপক্ষই যুদ্ধবিৰতিৰ বিষয়ত সহমত পোষণ কৰাৰ পিছতে ৫ বজাৰ পৰা যুদ্ধবিৰতি কাৰ্যকৰী হৈছিল। কিন্তু যুদ্ধবিৰতি ঘোষণাৰ মাত্ৰ চাৰি ঘণ্টাৰ পাছতেই পাকিস্তানী সেনাই উলংঘন কৰাৰ তথ্য পোৱা গৈছে। পাকিস্তানী সেনাই সীমান্তত গুলীচালনা কৰাৰ খবৰ পোৱা গৈছে। গুলীচালনা কৰাৰ সমান্তৰালকৈ ভাৰতীয় সীমাৰ ভিতৰলৈ ড্ৰ’ন নিক্ষেপ কৰাৰো চেষ্টা চলায় পাকিস্তানে।

প্ৰকাশিত খবৰ অনুসৰি পাকিস্তানী সেনাই যুদ্ধবিৰতি ভংগ কৰাৰ পাছত পুনৰ ৰাজস্থানৰ বৰমেৰ, ফিৰোজপুৰ, গুৰদাসপুৰ আৰু পঞ্জাৱ আৰু শ্ৰীনগৰৰ পাথানকোটলৈ ড্ৰ’ন প্ৰেৰণৰ চেষ্টা কৰে। অৱশ্যে ভাৰতীয় সেনাই পাকিস্তানৰ এই প্ৰচেষ্টা বিফল কৰে বুলি কোৱা হৈছে। পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰাৰ পিছত পুনৰ পঞ্জাৱৰ ফিৰোজপুৰত ব্লেকআউট ঘোষণা কৰে। জিলা প্ৰশাসনে লগে লগে দোকান-বজাৰ বন্ধ কৰিবলৈ আহ্বান জনায়।

তাৎক্ষণিকভাৱে ব্লেক আউট কৰিবলৈ আবেদন জনোৱাৰ লগতে পথত চলি থকা বাহনসমূহৰ হেডলাইটো বন্ধ কৰি দিয়া হয় বুলি খবৰ প্ৰকাশ পাইছে। তথ্য অনুসৰি আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু নিয়ন্ত্ৰণ ৰেখাৰ কেইবাটাও স্থানত পাকিস্তানে যুদ্ধবিৰতি চুক্তি উলংঘা কৰে। লক্ষণীয়ভাৱে ইছলামবাদে যুদ্ধবিৰতি আলোচনা আৰম্ভ কৰাৰ পাছত দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰা হৈছিল।

সূত্ৰ অনুসৰি, শ্ৰীনগৰত কিছুসময় পূৰ্বে কেইবাটাও বিস্ফোৰণৰ শব্দ শুনা যায় আৰু অঞ্চলটোত ব্লেকআউট কৰা হয়। ৰাজস্থানৰ পোখৰাণ আৰু কাশ্মীৰৰ বাৰামুল্লাত এটাকৈ ড্ৰোন নিক্ষেপ কৰা হৈছে বুলি খবৰ প্ৰকাশ পাইছে। পাকিস্তান সেনাই আখনূৰ, ৰাজৌৰী আৰু আৰ এছ পুৰা ছেক্টৰত আন্তঃৰাষ্ট্ৰীয় সীমান্তত গুলী চলায়। জম্মুৰ পল্লনৱালা খণ্ডতো নিয়ন্ত্ৰণ ৰেখাৰ কাষত যুদ্ধবিৰতি উলংঘাৰ খবৰ পোৱা গৈছে।

ৰাজৌৰীতো ড্ৰ’ন দেখা পোৱাৰ লগতে জম্মু অঞ্চলৰ সাম্বা জিলাৰ পৰা ছাইৰেনৰ খবৰ পোৱা গৈছে। পাকিস্তানৰ পৰা এনে আক্ৰমণৰ পিছতে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এক টুইট যোগে তেওঁ কয়, “যুদ্ধবিৰতি কি হ’ল? শ্ৰীনগৰত বিস্ফোৰণৰ শব্দ শুনা গৈছে!!!” ড্ৰ’ন আক্ৰমণৰ ভিডিঅ’ শ্বেয়াৰ কৰি তেওঁ কয়, “এয়া যুদ্ধবিৰতি নহয়। এয়াৰ ডিফেন্স ইউনিটে এইমাত্ৰ শ্ৰীনগৰৰ মাজভাগত গুলীচালনা আৰম্ভ কৰিছে।”

 

Related Stories
৯টা সন্ত্ৰাসবাদী লঞ্চ পেড, ১০০ সন্ত্ৰাসবাদী… অপাৰেচন সেন্দূৰৰ খতিয়ান দিলে ভাৰতীয় সেনাই
‘তাৰ পৰা যদি গুলী চলে…’, অপাৰেচন সেন্দূৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে দিছিল এনে স্পষ্ট নিৰ্দেশনা
Colonel Sofiya Qureshi: কৰ্ণেল ছফিয়া কুৰেশ্বীৰ তেজত বৈছে দেশপ্ৰেম, কি কথা শুনি সেনাবাহিনীত যোগদান কৰাৰ সিদ্ধান্ত লৈছিল?
যুদ্ধবিৰতিৰ পিছত বিশেষ তিনিটা বিষয়ত ভাৰতৰ সৈতে আলোচনা কৰিবলৈ আগ্ৰহী পাকিস্তান! খোৱাজা আছিফে ক’লে…
এতিয়াও চলি আছে অপাৰেচন সেন্দুৰ, যুদ্ধবিৰতিৰ পিছত ভাৰতীয় বায়ুসেনাৰ মন্তব্যই কঁপাই তুলিব পাকিস্তানক
তেওঁলোক ‘স্বীকৃতিপ্ৰাপ্ত ভিক্ষাৰী’…. পাকিস্তানক নতুন নাম দিলে আছাদুদ্দিন ওৱাইছিয়ে
কেঁচা গাখীৰ খোৱা উচিত হয় নে? বিশেষজ্ঞসকলে কি কয় জানো আহক
সোমবাৰে কৰক এই ৫টা সহজ কাম, ভগৱান শিৱ সন্তুষ্ট হ'ব আপোনাৰ পূজাত!
আই পি এল স্থগিত নৰখা হ’লেই বৃহৎ লোকচানৰ সন্মুখীন হ’লহেঁতেন আৰ চি বি!
গ্ৰীষ্মকালত এই খাদ্যবোৰে আপোনাৰ ওজন বৃদ্ধি কৰিব পাৰে...