ভাৰতে ধ্বংস কৰিলে পাকিস্তানৰ আন এখন যুদ্ধ বিমানঃ আটক কৰিলে পাইলটক

জয়ছালমেৰত পাকিস্তানী যুদ্ধ বিমান এফ-১৬ বিমান ধ্বংস কৰিছে ভাৰতে। এই বিমানখনৰ পাইলটকো ভাৰতে জীৱিত অৱস্থাত বন্দী কৰিছে। ইতিমধ্যে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। ভাৰতৰ ‘অপাৰেচন সেন্দুৰ’- এ জোকাৰি যোৱাৰ পিছতে পাকিস্তানে যোৱা নিশা ভাৰতত আক্ৰমণৰ চেষ্টা চলাই ব্যৰ্থ হৈছিল। কিন্তু ইয়াৰ পিছতো আজি দেশখনে পুনৰ ভাৰতত আক্ৰমণৰ চেষ্টা চলায়।

ভাৰতে ধ্বংস কৰিলে পাকিস্তানৰ আন এখন যুদ্ধ বিমানঃ আটক কৰিলে পাইলটক

ধ্বংস পাকিস্তানী যুদ্ধ বিমান

Updated On: 

08 May 2025 23:52 PM

ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে পৰিস্থিতি। পাকিস্তানৰ আক্ৰমণৰ পিছতে ইতিমধ্যে ভাৰতে চুবুৰীয়া দেশখনৰ কেইবাটাও স্থানত আক্ৰমণ কৰিছে। লাহোৰ, ইছলামাবাদ, শিয়ালকোট, বাহাৱালপুৰতো ভাৰতে ইতিমধ্যে চলাইছে আক্ৰমণ। ভাৰতৰ এনে তীব্ৰ প্ৰত্যাক্ৰমণত থৰকাছুটি হেৰাইছে পাকিস্তানৰ। এফালে আক্ৰমণত জুৰুলা হোৱাৰ সমান্তৰালকৈ ভাৰতত আক্ৰমণ চলাবলৈ আহি পুনৰ ব্যৰ্থ হৈছে পাকিস্তান। ভাৰতে পুনৰ ধ্বংস কৰিছে পাকিস্তানী যুদ্ধ বিমান।

জয়ছালমেৰত পাকিস্তানী যুদ্ধ বিমান এফ-১৬ বিমান ধ্বংস কৰিছে ভাৰতে। এই বিমানখনৰ পাইলটকো ভাৰতে জীৱিত অৱস্থাত বন্দী কৰিছে। ইতিমধ্যে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। ভাৰতৰ ‘অপাৰেচন সেন্দুৰ’- এ জোকাৰি যোৱাৰ পিছতে পাকিস্তানে যোৱা নিশা ভাৰতত আক্ৰমণৰ চেষ্টা চলাই ব্যৰ্থ হৈছিল। কিন্তু ইয়াৰ পিছতো আজি দেশখনে পুনৰ ভাৰতত আক্ৰমণৰ চেষ্টা চলায়।

জম্মু-কাশ্মীৰৰ পুঞ্চ আৰু ৰাজৌৰীৰ পৰা আৰম্ভ কৰি ৰাজস্থান আৰু পঞ্জাৱৰ জয়ছালমেৰলৈকে একাধিক স্থানত আক্ৰমণৰ চেষ্টা চলাইছে পাকিস্তানে। হামাছৰ শৈলীত ড্ৰ’ন ব্যৱহাৰ কৰি আক্ৰমণ চলাবলৈ চেষ্টা কৰিছিল যদিও দেশখনৰ এই প্ৰচেষ্টা ব্যৰ্থ কৰি তুলিছিল ভাৰতে। এই আক্ৰমণ চলোৱাৰ চেষ্টাত পাকিস্তানে ইতিমধ্যেই ফল ভুগিবলগা হৈছে।

শেহতীয়া এফ-১৬ যুঁজাৰু বিমানৰ পূৰ্বেও ইতিমধ্যে ভাৰতীয় সেনাই এখন এফ-১৬ আৰু দুখন এফ-১৭ যুঁজাৰু বিমান ধ্বংস কৰিছিল। ইফালে জয়ছালমেৰত শেহতীয়াকৈ ভাৰতীয় সেনাৰ আক্ৰমণত বিমানখন ধ্বংস হোৱাৰ পিছতে পাইলটজনে পেৰাচুটেৰে ভাৰতৰ ভূখণ্ডত অৱতৰণ কৰিবলৈ বাধ্য হয়।

তাৰ পিছত পাইলটজনক লগে লগে কৰায়ত্ব কৰে। যুদ্ধৰ পৰিস্থিতি ক্ৰমাৎ আগবঢ়াৰ সময়তে পাকিস্তানী পাইলট বন্দী হোৱাৰ দিশটো ভাৰতৰ বাবে নিশ্চিতভাৱে সাফল্যৰ খবৰ বুলি ক’ব পাৰি।

বতৰৰ ফল আম ঠিকেই খাওঁ, পিছে আমি অধিকাংশই নাজানো আমৰ এইসমূহ দিশৰ বিষয়ে…
আই পি এলত হয়তো আপোনাৰো আছে প্ৰিয় দল! পিছে জানেনে দলৰ স্বত্বাধিকাৰীসকলৰ বিষয়ে…
আপুনিও নিশা দেৰিলৈকে নুশুৱে নেকি? তেন্তে জানক ইয়াৰ ফলত কি বিপদ হ'ব পাৰে...
জিম নোযোৱাকৈ কম কৰক শৰীৰৰ ওজন, কেইটামান সাধাৰণ উপায়...