গলিবনে গালৱানৰ কঠিন বৰফ! চীনা বিদেশমন্ত্ৰীৰ সৈতে বৈঠকত জয়শংকৰে দিলে এনে বাৰ্তা

ভাৰতৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে কঠিন সময় পাহৰি নতুন ৰূপত চীনৰ সৈতে আগবাঢ়ি যোৱাৰ বাৰ্তাও দিয়ে। ভাৰতে সুস্থ বহুপক্ষীয় বিশ্বব্যৱস্থাত বিশ্বাস কৰে বুলি জয়শংকৰে চীনৰ বৈদেশিক মন্ত্ৰীগৰাকীক বাৰ্তা প্ৰদান কৰে।

গলিবনে গালৱানৰ কঠিন বৰফ! চীনা বিদেশমন্ত্ৰীৰ সৈতে বৈঠকত জয়শংকৰে দিলে এনে বাৰ্তা

ৱাং ইৰ সৈতে বৈঠক জয়শংকৰৰ

Updated On: 

19 Aug 2025 13:53 PM

দীঘলীয়া সময়ৰ তিক্ত সম্পৰ্কৰ পিছত শেহতীয়াকৈ কিছু দূৰত্ব হ্ৰাস পাইছে ভাৰত আৰু চীনৰ আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত দুই চুবুৰীয়া দেশৰ মাজৰ সম্পৰ্কই বহন কৰি আহিছে এক বিশেষ গুৰুত্ব ৰাজনৈতিক বিশেষজ্ঞসকলেও সততে চকু ৰাখে ভাৰত-চীনৰ সম্পৰ্কত। এতিয়া চীনৰ বৈদেশিক মন্ত্ৰী ৱাং ইৰ নতুন দিল্লী ভ্ৰমণে এইক্ষেত্ৰত অধিক চৰ্চাৰ পথ মুকলি কৰিছে সোমবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হয় চীনৰ বৈদেশিক মন্ত্ৰীগৰাকী।

ইতিমধ্যে ৱাং ইয়ে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ সৈতে বৈঠকত মিলিত হৈছে লক্ষণীয়ভাৱে চলিত সপ্তাহত ৱাঙে পাকিস্তান ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে। পিছে সম্ভাৱ্য ইছলামবাদ ভ্ৰমণৰ পূৰ্বে তেওঁৰ ভাৰত ভ্ৰমণে যথেষ্ট গুৰুত্ব বহন কৰিছেৱাঙৰ সৈতে বৈঠকৰ সময়ত জয়শংকৰে ভাৰত-চীনৰ সম্পৰ্ক পাৰস্পৰিক সন্মান, সংবেদনশীলতা তথা স্বাৰ্থৰ দ্বাৰা পৰিচালিত হ’ব লাগে বুলি স্পষ্ট কৰি দিছে।

লগতে দুয়োখন দেশৰ চিন্তাধাৰাৰ পাৰ্থক্যই বিবাদৰ ৰূপ ল’ব নালাগে বুলিও তেওঁ ৱাঙৰ আগত মত দাঙি ধৰেএই দ্বিপাক্ষিক বৈঠকত জয়শংকৰে বহুপাক্ষিক বিশ্বৰ বিষয়তো আলোকপাত কৰে। এই সুযোগতে ভাৰত আৰু চীনৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক পুনৰ এবাৰ পৰ্যালোচনা কৰাটো প্ৰয়োজনীয় বুলি জয়শংকৰে কয়। ইয়াৰ উপৰিও বিশ্বজুৰি চলি থকা বহুপাক্ষিক বিষয়সমূহৰ ওপৰতো আলোচনা কৰা উচিত বুলি ৱাঙক আহ্বান জনায় জয়শংকৰে।

ইয়াৰ পিছত ভাৰতৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে কঠিন সময় পাহৰি নতুন ৰূপত চীনৰ সৈতে আগবাঢ়ি যোৱাৰ বাৰ্তাও দিয়ে। ভাৰতে সুস্থ বহুপক্ষীয় বিশ্বব্যৱস্থাত বিশ্বাস কৰে বুলি জয়শংকৰে চীনৰ বৈদেশিক মন্ত্ৰীগৰাকীক বাৰ্তা প্ৰদান কৰে। উল্লেখ্য যে ২০২০ চনত গালৱান সংঘৰ্ষৰ পিছত ভাৰত আৰু চীনৰ সম্পৰ্ক অধিক তিক্ততাপূৰ্ণ হৈ পৰিছিল

অৱশ্যে সেই অৱস্থা সম্প্ৰতি তুলনামূলকভাৱে স্বাভাৱিক হৈ পৰিছে বুলি একাংশ বিশেষজ্ঞই মত প্ৰকাশ কৰে কৈলাশ মানসৰোৱৰ যাত্ৰা মুকলিৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰী মোদীৰ চাংহাই শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ ঘোষণাই এনে ইঙ্গিতকে প্ৰেৰণ কৰিছে। প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমনৰ পূৰ্বে এতিয়া চীনা বৈদেশিক মন্ত্ৰী ৱাং ইৰ ভাৰত ভ্ৰমণে এই স্থিতিক অধিক গতি প্ৰদান কৰা বুলিব পাৰি

কিন্তু এই ভ্ৰমণৰ তাৎপৰ্য কেৱল দুয়োখন দেশৰ ৰাজনৈতিক সমীকৰণতে সীমাবদ্ধ নহয়।বৰ্তমান বিশ্ব ৰাজনীতিত ট্ৰাম্পৰ শুল্ক নীতিয়ে আন এক জোকাৰণিৰ সৃষ্টি কৰিছে ভাৰতৰ ওপৰত ট্ৰাম্পৰ ৫০ শতাংশ শুল্ক আৰোপৰ ভাবুকিয়ে লাভ কৰিছে ব্যাপক চৰ্চা। তেনে সময়তে চীনে হয়তো বাণিজ্যিক সমাধানৰ পথ মুকলি কৰি দিব পাৰে অৱশ্যে এই সম্ভাৱনা কিমানদূৰ বাস্তৱিক, সেয়া সময়েহে প্ৰমাণ কৰিব

প্ৰি-ডায়েবেটিছ কি? ইয়াৰ প্ৰাৰম্ভিক লক্ষণসমূহ জানক...
এইপৰ্যন্ত এছিয়া কাপ জয় কৰিছে এইকেইজন ভাৰতীয় অধিনায়কে, তালিকাত নাম সংযোজিত হ’বনে সূৰ্যৰ?
গণেশ চতুৰ্থী কেতিয়া? জানক তাৰিখ, পূজাৰ শুভ সময় আদি সকলো...
১০ বছৰ পাছত বিৰল সংযোগ! ভাল দিন আহিব এই ৩ ৰাশিৰ লোকৰ জীৱনলৈ...