ভিছা অবিহনে এই ৫৯ খন দেশ ভ্ৰমণ কৰিব পাৰিব ভাৰতীয়ই, তালিকাত সংযোজন কৰা হৈছে নতুন নাম…
ভাৰতীয় নাগৰিকৰ বাবে ভিছামুক্ত প্ৰৱেশৰ কথা ঘোষণা কৰিছে আন এখন দেশে। ভাৰতীয় লোকসকলে এতিয়া পৰ্যটনৰ বাবে ভিছা অবিহনে ১৪ দিনলৈ সেই দেশখনত থাকিব পাৰিব। ইয়াৰ বাবে বৈধ পাছপ’ৰ্ট, বাসস্থানৰ প্ৰমাণ আৰু উভতি অহাৰ টিকটৰ প্ৰয়োজন। অৱশ্যে এই সুবিধা কেৱল পৰ্যটনৰ উদ্দেশ্যে যাত্ৰা কৰাসকলৰ বাবেহে।

ভাৰতৰ পাছপ'ৰ্ট
যদি আপুনি বিদেশ ভ্ৰমণৰ পৰিকল্পনা কৰিছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। ভাৰতীয় নাগৰিকৰ বাবে ভিছামুক্ত প্ৰৱেশৰ কথা ঘোষণা কৰিছে ফিলিপাইনছে। দ্ৰুতগতিত ভাৰতীয় পৰ্যটকৰ প্ৰিয় স্থানত পৰিণত হৈছে ফিলিপাইনছ। আৰু এতিয়া ভিছাৰ পদ্ধতি অধিক সুশৃংখলিত হোৱাৰ লগে লগে দেশখনলৈ যোৱাটো সহজ হৈ পৰিব৷ নতুন দিল্লীত থকা ফিলিপাইনছৰ দূতাবাসৰ তথ্য অনুসৰি ভাৰতীয় নাগৰিকে এতিয়া ২ প্ৰকাৰৰ হ্ৰস্বম্যাদী ভিছা ফ্ৰী প্ৰৱেশৰ সুবিধা ল’ব পাৰিব।
নতুন নিয়ম অনুসৰি ভাৰতীয় যাত্ৰীসকলৰ বিভিন্ন গোটৰ বাবে ২ প্ৰকাৰৰ ভিছা ফ্ৰী এণ্ট্ৰী প্ৰৱৰ্তন কৰা হৈছে। ভাৰতীয় নাগৰিকে ভিছাৰ বাবে আবেদন নকৰাকৈ ১৪ দিন পর্যন্ত পৰ্যটনৰ বাবে ফিলিপাইনছত থাকিব পাৰিব৷
কোনে বিনামূলীয়াকৈ ভিছা প্ৰৱেশ কৰিব পাৰিব?
- যিকোনো ভাৰতীয় নাগৰিক যিয়ে কেৱল পৰ্যটনৰ বাবে ফিলিপাইনছ ভ্ৰমণ কৰিব।
- পাছপ’ৰ্ট যি থকাৰ পিছত কমেও ছমাহৰ বাবে বৈধ হৈ থাকিব।
- নিশ্চিত বাসস্থানৰ প্ৰমাণ।
- থকাৰ সময়ত খৰচ বহন কৰিব পৰাকৈ পৰ্যাপ্ত ধনৰ প্ৰমাণ (যেনে, বেংক ষ্টেটমেণ্ট বা নিয়োগৰ প্ৰমাণপত্ৰ)।
- নিশ্চিত ৰিটাৰ্ণ বা অনৱাৰ্ড টিকট।
- পূৰ্বে ফিলিপাইনছত কোনো অপৰাধমূলক অনুপ্ৰৱেশৰ ইতিহাস থাকিব নোৱাৰিব।
ভিছা ফ্ৰী এণ্ট্ৰী যোগ্যতা পূৰণ নকৰা ভাৰতীয় যাত্ৰীসকলে ই-ভিছা পথ ব্যৱহাৰ কৰি যাব পাৰিব। অফিচিয়েল ই-ভিছা পৰ্টেলৰ জৰিয়তে উপলব্ধ ৯ (এ) অস্থায়ী ভিজিটৰ ভিছাত ৩০ দিনৰ বাবে একক প্ৰৱেশ প্ৰব্ৰজনৰ অনুমতি দিয়া হয়।
কোনকেইখন দেশত ভাৰতীয়ই ভিছা নোহোৱাকৈ প্ৰৱেশ কৰিব পাৰে?
ফিলিপাইনছৰ পূৰ্বে ভাৰতীয়সকলৰ মুঠ ৫৮খন দেশত ভিছামুক্ত প্ৰৱেশৰ ব্যৱস্থা আছে। হেনলি পাছপ’ৰ্ট সূচকাংক অনুসৰি ভাৰতীয় নাগৰিকে ভিছা অবিহনে ৫৮খন দেশ ভ্ৰমণ কৰিব পাৰে। এই দেশসমূহৰ ভিতৰত ইণ্ডোনেছিয়া আৰু মৰিচাছৰ দৰে দেশসমূহো অন্তৰ্ভুক্ত। আফ্ৰিকাৰ বহু দেশো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উপৰিও আফ্ৰিকাত কেনিয়া আৰু জিম্বাবুৱেৰ দৰে ঠাইত ভাৰতীয়ৰ বাবে ভিছা ফ্ৰী প্ৰৱেশৰ সুবিধা আছে। ওচেনিয়াত ফিজি, মাইক্ৰ’নেছিয়া, পালাউ দ্বীপপুঞ্জ, ভানুআটু আদি দেশো এই তালিকাত আছে।
সম্পূৰ্ণ তালিকাখন চাওক
এংগোলা
বাৰ্বাডোছ
ভূটান
বলিভিয়া
ব্ৰিটিছ ভাৰ্জিন দ্বীপপুঞ্জ
বুৰুণ্ডি
কম্বোডিয়া
কেপ ভাৰ্ডে দ্বীপপুঞ্জ
কোমোৰো দ্বীপপুঞ্জ
কুক দ্বীপ
জিবুতি
ডমিনিকা
ইথিওপিয়া
ফিজি
গ্ৰেনাডা
গিনি-বিচাউ
হাইটি
ইণ্ডোনেছিয়া
ইৰাণ
জামাইকা
জৰ্ডান
কাজাখাস্তান
কেনিয়া
কিৰিবাটি
লাওছ
মাকাও
মাদাগাস্কাৰ
মালয়েছিয়া
মালদ্বীপ
মাৰ্শ্বেল দ্বীপপুঞ্জ
মৰিচাছ
মাইক্ৰ’নেছিয়া
মংগোলিয়া
ম্যানমাৰ
মন্টচেৰাট
মোজাম্বিক
নামিবিয়া
নেপাল
নিউৱে
পালাউ আইচলেণ্ড
কাটাৰ
ৰুৱাণ্ডা
চামোয়া
স্নেগাল
ছিচেলছ
ছিয়েৰা লিয়ন
ছোমালিয়া
শ্ৰীলংকা
চেন্ট লুচিয়া
চেন্ট কিটছ আৰু নেভিছ
চেন্ট ভিনচেন্ট
তাঞ্জানিয়া
থাইলেণ্ড
টিমৰ-লেষ্টে
ট্ৰিনিদাদ আৰু ট’বাগো
টুভালু
ভানুআটু
জিম্বাবুৱে