Independence Day Celebration 2025 Live: দিল্লীৰ লালকিল্লাৰ পৰা অসমৰ খানাপাৰালৈকে স্বাধীনতা দিৱস উদযাপন
Independence Day Parade 2025 Live Updates: আজি দেশে পালন কৰিছে স্বাধীনতা দিৱস। ১৯৪৭ চনত আজিৰ দিনটোতে দেশে স্বাধীনতা লাভ কৰিছিল। এই দিনটোত লালকিল্লাত প্ৰধানমন্ত্ৰীয়ে পতাকা উত্তোলন কৰে।

স্বাধীনতা দিৱস
আজি ভাৰতৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস। ১৯৪৭ চনত আজিৰ দিনটোতেই ভাৰতে স্বাধীনতা লাভ কৰিছিল। ২০০ বছৰীয়া ব্ৰিটিছ শাসনৰ পৰা আমাৰ দেশ মুক্ত হৈছিল। স্বাধীনতা সংগ্ৰামৰ ত্যাগ, দেশৰ প্ৰগতি আৰু ঐক্যৰ প্ৰতীক এই দিৱস। প্ৰধানমন্ত্ৰী মোদীয়ে লালকিল্লাৰ প্ৰাচীৰৰ পৰা উত্তোলন কৰিব ত্ৰিৰংগ। ২১ বন্দুকৰ চেলুট কৰা হ’ব। ইয়াৰ পিছত তেওঁ জাতিটোক সম্বোধন কৰিব।
মোদীয়ে একেৰাহে দ্বাদশবাৰৰ বাবে লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰিব।এইবাৰ থিম ‘নিউ ইণ্ডিয়া’। ইয়াৰ উদ্দেশ্য ২০৪৭ চনৰ ভিতৰত ভাৰতক সমৃদ্ধিশালী, সুৰক্ষিত আৰু স্বাৱলম্বী কৰি তোলা। এইবাৰ স্বাধীনতা দিৱসত প্ৰায় ৫০০০ অতিথিক আমন্ত্ৰণ জনোৱা গৈছে।ইয়াৰ ভিতৰত থাকিব বিশেষ অলিম্পিক ২০২৫ৰ খেলুৱৈ, কৃষক, সৰ্পঞ্চ, যুৱ সাহিত্যিক আৰু স্বচ্চতা কৰ্মী আদি।
এই অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৮৫ গৰাকী চৰপঞ্চে অংশ গ্ৰহণ কৰিব।লালকিল্লা আৰু ইয়াৰ আশে-পাশে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। ১১ হাজাৰৰো অধিক নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে। আজিৰ অনুষ্ঠানত দেখা যাব সেনাৰ বীৰত্ব।
LIVE NEWS & UPDATES
-
মোদীয়ে আৰু কয়…
মোদীয়ে ভাষণত কয় যে,দেশৰ সীমান্তৱৰ্তী অঞ্চলৰ জনগাঁথনি সলনি কৰাৰ একাংশই চেষ্টা কৰিছে।অনুপ্ৰৱেশকাৰীয়ে দেশৰ ভগ্নী-কন্যাক লক্ষ্য কৰি লৈছে। আমি অনুপ্ৰৱেশকাৰীত ভাৰত গতাই দিব নোৱাৰো। ইয়াৰ বাবে উচ্চ শক্তিৰ জনগাঁথনি অভিযান আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
-
খানাপাৰাৰ পৰা ৰাজ্যবাসীক সম্বোধন মুখ্যমন্ত্ৰীৰ
৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত জাতীয় পতাকা উত্তোলন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তাৰ পাচতেই ৰাজ্যবাসীক উদ্দেশ্যি ভাষণ প্ৰদান মুখ্যমন্ত্ৰীৰ।
-
-
RSS বিশ্বৰ সৰ্ববৃহৎ এন জি অ’-মোদী
আৰ এছ এছৰ ওপৰত মন্তব্য মোদীৰ। তেওঁ কয় যে, RSS বিশ্বৰ সৰ্ববৃহৎ এন জি অ’।আৰ এছ এছে ১০০ বছৰীয়া গৌৰৱময় সেৱা আগবঢ়াইছে। সংঘৰ ১০০ বছৰীয়া সেৱাক লৈ দেশ গৌৰৱান্বিত। ই জাতি গঠনৰ বাবে কাম কৰে।
-
মেদবহুলতা আমাৰ দেশৰ সংকট…
মোদীয়ে কয় যে, মেদবহুলতা দেশৰ এতিয়া সংকট হৈ পৰিছে। সেয়ে চৰকাৰে সকলো পৰিয়ালক ১০ শতাংশ তেল কমকৈ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছো।মেদবহুলতাৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিব।
-
প্ৰধানমন্ত্ৰী বিকশিত ৰোজগাৰ যোজনা
প্ৰধানমন্ত্ৰী বিকশিত ৰোজগাৰ যোজনা ঘোষণা মোদীৰ। ইয়ৰ অধীনত ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলে ১৫ হাজাৰ টকাৰ সাহাৰ্য লাভ কৰিব। আজিৰ পৰা এই আঁচনি কাৰ্যকৰী হৈছে।
-
জনতাই পাব ডাঙৰ উপহাৰ
দেৱালীত জনতাক ডাঙৰ উপহাৰ দিব চৰকাৰে। এই ঘোষণা প্ৰধানমন্ত্ৰীৰ। তেওঁ কয় যে, এইবাৰ দীপাৱলীত জি এছ টি সংস্কাৰ কৰা হ’ব আৰু কৰ বহু পৰিমাণে হ্ৰাস পাব। দৈনন্দিন বস্তুবোৰ সস্তা হৈ পৰিব। সাধাৰণ মানুহৰ বাবে লোৱা হ’ব এই পদক্ষেপ।
#WATCH | Delhi: Prime Minister Narendra Modi says, "This Diwali, I am going to make it a double Diwali for you… Over the past eight years, we have undertaken a major reform in GST… We are bringing next-generation GST reforms. This will reduce the tax burden across the… pic.twitter.com/2hAPP0CFtH
— ANI (@ANI) August 15, 2025
-
সংকটৰ সময়ত চকুপানী টুকিব নালাগে..
মোদীয়ে কয় যে, সংকটৰ সময়ত কান্দিব নালাগে। আমি সাহসৰ শাৰী দীঘলীয়া কৰিব লাগে। কাৰোবাৰ শাৰী চুটি কৰিবলৈ চেষ্টা কৰিব নালাগে। আমি দ্ৰুতভাৱে আগবাঢ়িব বিচাৰো। দিনক দিনে স্বাৰ্থ বাঢ়ি গৈছে।
-
কৃষকৰ ওপৰত কি ক’লে মোদীয়…
মোদীয়ে কয় যে, দাসত্বই আমাৰ দৰিদ্ৰ কৰি তুলিছিল। দাসত্বেও আমাক নিৰ্ভৰশীল কৰি তুলিছে, আনৰ ওপৰত আমাৰ নিৰ্ভৰশীলতা বাঢ়ি গৈ থাকিল। স্বাধীনতাৰ পিছত লাখ লাখ মানুহৰ পেট ভৰা ডাঙৰ কথা আছিল। কিন্তু তেজ ঘাম এক কৰি দিছিল। আজিও এটা জাতিৰ প্ৰতি আত্মসন্মানৰ আটাইতকৈ ডাঙৰ মাপকাঠী হ’ল আত্মনিৰ্ভৰশীলতা। উন্নত ভাৰতৰ ভিত্তিও ‘আত্মনিৰ্ভৰশীল ভাৰত’।
-
পাকিস্তানক সকীয়নি মোদীৰ…
মোদীয়ে কয় যে, পাকিস্তানৰ এতিয়ালৈকে টোপনি অহা নাই। পাকিস্তানত হোৱা ধ্বংসলীলা ইমানেই ভয়ংকৰ আছিল যে নিতৌ ন ন তথ্য পোহৰলৈ আহিছে। ২ এপ্ৰিলৰ পিছত আমি আমাৰ সেনাবাহিনীক মুক্ত হাত দিছিলো। তেওঁলোকে কৌশল, লক্ষ্য আৰু সময় নিৰ্ধাৰণ কৰে। পাছত আমাৰ সেনাই বহু দশক ধৰি নকৰা কাম কৰে। শত্ৰুৰ ভূমিত প্ৰৱেশ কৰি সন্ত্ৰাসবাদীৰ মুখ্য কাৰ্যালয় ভাঙি পেলায়।
-
প্ৰাকৃতিক দুৰ্যোগে আমাৰ পৰীক্ষা লৈ আছে…
মোদীয়ে কয় যে, প্ৰকৃতিয়ে আমাৰ পৰীক্ষা লৈ আছে। যোৱা কেইদিনমানৰ পৰা আমি প্ৰাকৃতিক দুৰ্যোগ, ভূমিস্খলন, ডাৱৰ বিস্ফোৰণ আদিৰ সন্মুখীন হৈছো। সকলো ভুক্তভোগীৰ প্ৰতি সমবেদনা। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে পূৰ্ণ শক্তিৰে একেলগে কাম কৰি আছে উদ্ধাৰ কাম, সাহায্যৰ কাম আৰু পুনৰ সংস্থাপনৰ কাম।
-
তেজ আৰু পানী একেলগে ব’ব নোৱাৰে…
লালকিল্লাৰ পৰা পাকিস্তানক সকীয়াই দিয়ে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয়, ভাৰতে পাৰমাণৱিক শক্তিৰ ভাবুকিত ভয় নাখায়। আমি কোনো ধৰণৰ ব্লেকমেইল সহ্য নকৰো। উপযুক্ত প্ৰত্যুত্তৰ দিয়া হ’ব। সিন্ধু জল চুক্তিৰ দ্বাৰা পাকিস্তানত স্পষ্ট কৰি দিছো যে তেজ আৰু পানী এলেলগে ব’ব নোৱাৰে।
#WATCH | PM Narendra Modi says, "…For 75 years, the Constitution of India has been showing us the path like a lighthouse…"
Video: DD #IndependenceDay pic.twitter.com/im58m5YuOU
— ANI (@ANI) August 15, 2025
-
শ্যাম প্ৰসাদ মুখাৰ্জীক শ্ৰদ্ধাঞ্জলি
মোদীয়ে কয় যে, আজি আমি ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ ১২৫ সংখ্যক জন্ম জয়ন্তীও উদযাপন কৰিছো। ভাৰতৰ সংবিধানৰ বাবে প্ৰাণ আহুতি দিয়া তেওঁ আছিল এজন মহান ব্যক্তি।
-
অপাৰেশ্যন সেন্দূৰত অংশ লোৱা জোৱানক চেল্যুট
অপাৰেশ্যন সেন্দূৰত অংশ লোৱা জোৱানসকলক চেল্যুট মোদীৰ। তেওঁ কয় যে আমাৰ সাহসী জোৱানসকলে সন্ত্ৰাসবাদীক তেওঁলোকে কল্পনা কৰাতকৈও ডাঙৰ শাস্তি দিছে। নিজৰ ধৰ্ম সুধি সন্ত্ৰাসবাদীয়ে হত্যা কৰিছিল। সন্তানৰ সন্মুখতে পিতৃক হত্যা কৰা হৈছিল। সমগ্ৰ ভাৰত ক্ষোভেৰে ভৰি পৰিছিল। এই কাণ্ডই বিশ্বক স্তম্ভিত কৰি তুলিছিল।
-
মোদীয়ে ভাষণত কি কয়,
মোদীয়ে কয় যে, ১৯৪৭ চনত অসীম সম্ভাৱনা, কোটি কোটি মানুহৰ শক্তিৰে আমাৰ দেশ স্বাধীন হৈছিল। দেশৰ আকাংক্ষাবোৰ ওপৰলৈ গৈছিল আৰু প্ৰত্যাহ্বান অধিক হৈ পৰিছিল। পূজ্য বাপুৰ নীতি অনুসৰণ কৰি সংবিধান সভাৰ সদস্যসকলে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ভাৰতৰ সংবিধানে যোৱা ৭৫ বছৰে লাইটহাউচ হৈ আমাক বাট দেখুৱাই আহিছে।
-
মোদীৰ ভাষণ
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে স্বাধীনতাৰ এই মহান উৎসৱ ১৪০ কোটি সংকল্পৰ উৎসৱ। এই এক গৌৰৱৰ মুহূৰ্ত। সকলোৰে হৃদয় এতিয়া উৎসাহেৰে ভৰি পৰে। ভাৰতৰ প্ৰতিটো কোণৰ পৰাই হওক, সেয়া মৰুভূমি হওক বা হিমালয়ৰ শৃংগ, সাগৰৰ পাৰ বা ঘন জনবসতিপূৰ্ণ অঞ্চল, সকলো ঠাইৰ পৰা মাত্ৰ এটা প্ৰতিধ্বনি, মাত্ৰ এটা শ্লোগান, মাত্ৰ এটা প্ৰশংসা, আমাৰ মাতৃভূমিৰ প্ৰশংসা আছে যি আমাৰ বাবে আমাৰ জীৱনতকৈও প্ৰিয়।
Addressing the nation on Independence Day. https://t.co/rsFUG7q6eP
— Narendra Modi (@narendramodi) August 15, 2025
-
দ্বাদশবাৰৰ বাবে দেশবাসীক সম্বোধন
দ্বাদশবাৰৰ বাবে স্বাধীনতা দিৱসৰ ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তাৰ পাছতে তেওঁ দেশক সম্বোধন কৰে। তেওঁ কয় যে,দেশত একতাৰ মনোভাৱ শক্তিশালী হৈ উঠিছে। এয়া সামূহিক সাফল্য আৰু গৌৰৱৰ মুহূৰ্ত। আজি আমি ত্ৰিৰঙৰ ৰঙেৰে তিতিছো।
-
লালকিল্লাত পতাকা উত্তোলন কৰিলে দেশৰ প্ৰধানমন্ত্ৰীয়ে…
একেৰাহে ১২ সংখ্যক পতাকা উত্তোলন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লগতে এম আই-১৭ হেলিকপ্টাৰৰ জৰিয়তে ফুলৰ অৰ্পন কৰা হয়। এতিয়া তেওঁ দেশক উদ্দেশ্য কৰি ভাষণ দিব। সকলোলৈ স্বাধীনতা দিৱসপ শুভেচ্ছা।
#WATCH | Delhi: Prime Minister Narendra Modi hoists the national flag at the Red Fort. #IndependenceDay
(Video Source: DD) pic.twitter.com/UnthwfL72O
— ANI (@ANI) August 15, 2025
-
লালকিল্লাত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
লালকিল্লাত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে তেওঁক স্বাগতম জনায়। লগতে তেওঁক গাৰ্ড অৱ অনাৰ দিয়া হয়। কিছু সময় পাছতে কৰিব পতাকা উত্তোলন।
Prime Minister Narendra Modi arrives at the Red Fort to lead the nation in celebrating #IndependenceDay
Pics: DD pic.twitter.com/nqJ6MMzIRF
— ANI (@ANI) August 15, 2025
-
মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ…
লালকিল্লাত পতাকা উত্তোলন কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজঘাটত উপস্থিত হৈ মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনায়। ইয়াৰ পিছত তেওঁ লালকিল্লালৈ ৰাওনা হ’ব। পাছত তেওঁ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন কৰিব।
-
লালকিল্লাৰ ভিডিঅ’…
স্বাধীনতা দিৱস উদযাপনৰ পূৰ্বে লালকিল্লাৰ ভিডিঅ’। কিছুসময় পাছতেই দেশবাসীক সম্বোধন কৰিব মোদীয়ে। ইতিমধ্যে লালকিল্লাত সকলো প্ৰস্তুতি সম্পন্ন হৈছে। নিৰাপত্তা ব্যৱস্থা কটকটীয়া হৈছে। দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা এই অনুষ্ঠানলৈ অতিথি আহিব।
#WATCH दिल्ली: 79वां स्वतंत्रता दिवस समारोह शुरू होने से पहले लाल किले से वीडियो।
ऑपरेशन सिंदूर के पोस्टर और बैनर भी यहां की सजावट का हिस्सा हैं। pic.twitter.com/sw4L7mwqgI
— ANI_HindiNews (@AHindinews) August 15, 2025
-
মোদীৰ শুভেচ্ছা…
আজি দেশে পালন কৰিছে ৭৯ সংখ্যক স্বাধীনতা দিৱস। এই সময়চোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক স্বাধীনতা দিৱসৰ শুভেচ্ছা প্ৰেৰণ কৰে। তেওঁ কয় যে এই শুভ অনুষ্ঠানটোৱে সকলো দেশবাসীৰ জীৱনলৈ নতুন উদ্যম আৰু নতুন উজ্জ্বলতা কঢ়িয়াই আনক,যাতে এখন উন্নত ভাৰতৰ নিৰ্মাণে এক নতুন গতি লাভ কৰে, তাৰ কামনা কৰোঁ। জয় হিন্দ!