ডুবাই এয়াৰ শ্ব’ৰ দুৰ্ঘটনাত শ্বহীদ নমাংশ শ্যালক নমন, কিদৰে ভূ-পতিত হৈছিল তেজছ!

ভয়ংকৰ দুৰ্ঘটনাত শ্বহীদ হয় বিমানখনৰ পাইলট উইং কমাণ্ডাৰ নমাংশ শ্যাল। শ্বহীদ নমাংশ হিমাচল প্ৰদেশৰ কাংগৰাৰ বাসিন্দা আছিল। এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে সমগ্ৰ দেশে শ্বহীদ জোৱানজনৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰিছে। শোকস্তব্ধ হৈ পৰিছে দেশ।

ডুবাই এয়াৰ শ্ব’ৰ দুৰ্ঘটনাত শ্বহীদ নমাংশ শ্যালক নমন, কিদৰে ভূ-পতিত হৈছিল তেজছ!

তেজছ দুৰ্ঘটনাত শ্বহীদ নমাংশ শ্যাল

Updated On: 

22 Nov 2025 | 09:28 AM

শুকুৰবাৰে ডুবাইত এয়াৰ শ্ব’ত অংশ লোৱাৰ সময়তে এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছিল ভাৰতীয় বায়ুসেনাৰ এখন তেজছ বিমান। আকাশী কলা প্ৰদৰ্শনৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হৈ ভূ-পতিত হৈছিল বিমানখন। এই ভয়ংকৰ দুৰ্ঘটনাত শ্বহীদ হয় বিমানখনৰ পাইলট উইং কমাণ্ডাৰ নমাংশ শ্যাল। শ্বহীদ নমাংশ হিমাচল প্ৰদেশৰ কাংগৰাৰ বাসিন্দা আছিল। এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে সমগ্ৰ দেশে শ্বহীদ জোৱানজনৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰিছে। শোকস্তব্ধ হৈ পৰিছে দেশ।

ঘটনাৰ পিছতে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং চুখুৱে নমাংশ শ্যালৰ মৃত্যুত শোক প্ৰকাশ কৰে। এক্সত এক পোষ্ট যোগে তেওঁ লিখিছে, “ডুবাই এয়াৰ শ্ব’ত তেজছ বিমান দুৰ্ঘটনাত হিমাচল প্ৰদেশৰ কাংগৰাৰ সাহসী সন্তান নমাংশ শ্যালৰ মৃত্যুৰ খবৰ অত্যন্ত দুখজনক আৰু হৃদয়বিদাৰক।”

নমাংশৰ মৃত্যুত দেশে এগৰাকী সাহসী আৰু নিষ্ঠাবান পাইলট হেৰুৱাইছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনায়। “বীৰ পুত্ৰ নমাংশ শ্যালৰ অদম্য সাহস, নিষ্ঠা আৰু ৰাষ্ট্ৰীয় সেৱাৰ প্ৰতি নিষ্ঠাক প্ৰণাম জনাইছো।”- এইদৰে কয় মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং চুখুৱে।

বিয়লি সংঘটিত হয় এই দুৰ্ঘটনা

শুকুৰবাৰে বিয়লি প্ৰায় ৩:৪০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। ডুবাইৰ আল মাকটুম বিমানবন্দৰত চলি আছিল এই এয়াৰ শ্ব’। ডেমো ফ্লাইটৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হয় তেজছ যুঁজাৰু বিমানখন। এই এয়াৰ শ্ব’ উপভোগৰ বাবে উক্ত স্থানত সমবেত হৈছিল হাজাৰ হাজাৰ লোক। এয়াৰ শ্ব’ত অংশ লোৱা তেজছ বিমানখনে উৰা মৰাৰ কিছু সময় পিছতে ঘটে অভাৱনীয় ঘটনা।

আত্মৰক্ষাৰ সুযোগ নাপালে পাইলেটে

দ্ৰুতগতিৰে আকাশত উৰি থকা যুদ্ধ বিমানখন হঠাতে পৰিবলৈ ধৰে আৰু পূৰ্ণ গতিৰে মাটিত খুন্দা মাৰে। তাৰ পাছত জোৰেৰে বিস্ফোৰণ ঘটে বিমানখনৰ আৰু মুহূৰ্ততে সেইস্থানত জুই তথা ধোঁৱাই আগুৰি ধৰে। এই সমগ্ৰ ঘটনা ইমান কম সময়ৰ ভিতৰত সংঘটিত হয় যে পাইলটে আত্মৰক্ষাৰ কোনো সুযোগেই নাপালে।

কি ক’লে ভাৰতীয় বায়ুসেনাই?

এই ঘটনাত পাইলট নমাংশ শ্যলৰ মৃত্যু নিশ্চিত কৰি ভাৰতীয় বায়ুসেনাই এই অপূৰণীয় ক্ষতিৰ বাবে শোক প্ৰকাশ কৰে। লগতে এনে এক শোকাকুল সময়ত শোকসন্তপ্ত পৰিয়ালটোৰ সৈতে দৃঢ়তাৰে থিয় দিছে বলি উল্লেখ কৰে বায়ুসেনাই। ঘটনাৰ কাৰণ নিৰ্ণয়ৰ বাবে এখন তদন্ত আদালত গঠন কৰা হৈছে বুলিও বায়ুসেনাই সদৰী কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...