অন্য মহিলাৰ সৈতে সম্পৰ্ক! প্ৰথমে স্বামীক কৰিলে অচেতন, পাছত সংঘটিত ভয়ংকৰ কাণ্ড…

বিগত সময়চোৱাত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। ইয়াৰ মাজতে পুনৰ এগৰাকী মহিলাই প্ৰাণ ল'লে নিজ স্বামীৰ। জানিব পৰা মতে, লোকজনৰ অন্য এগৰাকী মহিলাৰ সৈতে অবৈধ সম্পৰ্ক আছিল।

অন্য মহিলাৰ সৈতে সম্পৰ্ক! প্ৰথমে স্বামীক কৰিলে অচেতন, পাছত সংঘটিত ভয়ংকৰ কাণ্ড...

প্ৰতীকী ফটো (AI)

Published: 

14 Jul 2025 17:40 PM

বিগত সময়চোৱাত দেশত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। বিশেষকৈ অবৈধ সম্পৰ্কৰ লগত জড়িত ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। পুনৰ এনে ঘটনা পোহৰলৈ আহিছে য’ত এগৰাকী মহিলাই নিজ স্বামীক হত্যা কৰে। নিহত ব্যক্তিজনৰ নাম মহম্মদ মুমতাজ। এই লোকজন আছিল বিহাৰৰ বিহাৰৰ মুজাফ্ফৰপুৰ জিলাৰ বাসিন্দা। যোৱা ৭ জুলাইত ব্যক্তিজন হত্যাৰ বলি হৈছিল। তাৰ পাছতে আৰক্ষীয়ে বিষয়টো তদন্ত কৰি আছিল আৰু এতিয়া ইয়াৰ নতুন মোৰ পোহৰলৈ আহিছে।

আৰক্ষীৰ তথ্য অনুসৰি লোকজনক তেওঁৰ পত্নীয়ে হত্যা কৰিছে। অভিযুক্ত পত্নীৰ নাম ছাবা পাৰবীন। কাজী মহম্মদপুৰ থানাৰ আৰক্ষীয়ে অভিযুক্ত পত্নীক গ্ৰেপ্তাৰ কৰি নিজৰ জিম্মাত লৈছে। আৰক্ষীৰ জেৰাৰ সময়ত ইতিমধ্যে নিজৰ অপৰাধ স্বীকাৰ কৰিছে মহিলাগৰাকীয়ে। এই হত্যাকাণ্ডৰ গোচৰৰ তদন্তৰ সময়তে আৰক্ষীয়ে মৃতকৰ সন্তানক জেৰা কৰে। শিশুকেইটাৰ জেৰাৰ ভিত্তিত আৰক্ষীয়ে মৃতকৰ পত্নীৰ ওপৰত সন্দেহ প্ৰকাশ কৰে। ইয়াৰ পিছত আৰক্ষীয়ে মহম্মদ মুমতাজৰ পত্নীক জেৰা কৰে আৰু তেতিয়াই পোহৰলৈ আহে সমগ্ৰ ঘটনা।

আৰক্ষীৰ জেৰাৰ সময়ত মৃতকৰ পত্নীয়ে স্বীকাৰ কৰে যে তেওঁ স্বামীক হত্যা কৰিছিল। অভিযুক্ত পত্নীয়ে জনোৱা মতে, প্ৰথমে তেওঁ স্বামীক অচেতন কৰি লৈছিল, ইয়াৰ বাবে স্বামীক হাতুৰীৰে আক্ৰমণ কৰিছিল। ইয়াৰ পিছত চোকা অস্ত্ৰৰে স্বামীক হত্যা কৰে। অভিযুক্ত পত্নীয়ে কয় যে তেওঁৰ স্বামীৰ আন এগৰাকী মহিলাৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল। এই কথাত তেওঁ ক্ষোভিত হৈ পৰিছিল, যাৰ বাবে এই নৃশংস কাণ্ড সংঘটিত কৰে।

এই ঘটনা সংঘটিত কৰাৰ পাছতে মহিলাগৰাকীয়ে তেওঁলোকৰ ঘৰত স্থাপন কৰা চিচিটিভি ফুটেজৰ ডিভিআৰ, মোবাইল আদিকে ধৰি অন্য সামগ্ৰী লুকাই থৈছিল। পাছত অভিযুক্ত পত্নীয়ে দিয়া তথ্যৰ ভিত্তিত আৰক্ষীয়ে ঘৰৰ পিছফালে থকা হাবিখনৰ পৰা ঘৰটোত স্থাপন কৰা চিচিটিভি কেমেৰাটোৰ ডিভিআৰ, মোবাইলকে ধৰি অন্যান্য সামগ্ৰী উদ্ধাৰ কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি অভিযুক্ত পত্নীয়ে স্বীকাৰ কৰিছে যে প্ৰথমে স্বামীক হাতুৰীৰে আক্ৰমণ কৰি অচেতন কৰিছিল আৰু তাৰ পাছতে ছুৰীৰে আক্ৰমণ কৰি হক্যা কৰিছিল। এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ বৰ্তমান তদন্ত অব্যাহত আছে।

 

অন্য খবৰ পঢ়কঃ দিল্লীৰ যমুনা নদীৰ পাৰত উদ্ধাৰ উত্তৰ-পূবৰ যুৱতীৰ মৃতদেহ! দীৰ্ঘদিন ধৰি হৈ আছিল নিৰুদ্দেশ…

অনবৰতে হামিয়াই থকাটো কিহৰ লক্ষণ জানেনে?
শিৱক অৰ্পন কৰক এই বস্তু! পূৰণ হ'ব মনৰ সকলো কামনা...
শাওনৰ সোমবাৰত ভুলতো নকৰিব এই কাম! শিৱ হ'ব অসন্তুষ্ট...
ডিম্বাশয়ত কৰ্কট ৰোগ হ'লে প্ৰথমতে দেখা দিয়ে এইসমূহ লক্ষণ! আওকান নকৰিব