স্বামীয়ে বিক্ৰী কৰা সম্পত্তিৰ ওপৰত থাকে পত্নীৰ অধিকাৰ, উচ্চ ন্যায়ালৰ ৰায়…
এই আইন অনুসৰি পত্নীয়ে ভৰণ-পোষণৰ অধিকাৰ বিবাহৰ সময়ৰ পৰাই লাভ কৰে। যেতিয়া ভৰণ-পোষণৰ গোচৰ দাখিল কৰা হয় তেতিয়া ই আংশিক অধিকাৰ (Inchoate) হৈ পৰে আৰু যেতিয়া আদালতে মেইণ্টেনেন্সৰ নিৰ্দেশ দিয়ে তেতিয়া ই সম্পত্তিৰ ওপৰত চাৰ্জ (Charge) হিচাপে কাৰ্যকৰী হয়।

প্ৰতীকি ফটো
স্বামীয়ে সম্পত্তি বিক্ৰী কৰি পোৱা ধনৰ অংশ লাভ কৰাৰ অধিকাৰ পত্নীৰ আছে। এটা গুৰুত্বপূৰ্ণ গোচৰত কেৰালা উচ্চ ন্যায়ালয়ৰ পূৰ্ণ বিচাৰপীঠে দিছে এই ৰায়। আদালতে কয় যে, হিন্দু দম্পতীৰ ক্ষেত্ৰত যদি বিবাহ বিচ্ছেদৰ সময়ত ভৰণ-পোষণৰ গোচৰ ৰুজু কৰাৰ পিছত সম্পত্তি বিক্ৰী কৰা হয় বা সম্পত্তিৰ ক্ৰেতাই বিক্ৰেতাৰ পত্নীৰ দাবীৰ বিষয়ে ইতিমধ্যে জানে তেন্তে বিক্ৰী কৰা সম্পত্তিৰ ধনৰ অংশ পত্নীয়ে বিচাৰিব পাৰে।
ন্যায়াধীশ সুশ্ৰুত অৰবিন্দ ধৰ্মাধিকাৰী, ন্যায়াধীশ পি.ভি. কুনাহিকৃষ্ণন আৰু ন্যায়াধীশ জি গিৰিশৰ বিচাৰপীঠে কয় যে, এনে ক্ষেত্ৰত পত্নীৰ ভৰণ-পোষণৰ অধিকাৰ ট্রান্সফাৱ অৱ প্রপার্টি আইনৰ ৩৯ নং ধাৰা আৰু হ Hindu Adoptions and Maintenance Act (HAMA )ৰ ২৮ নং ধাৰাৰ যোগেদি সুৰক্ষিত হৈ থাকে । এই ধাৰাসমূহৰ মতে যিকোনো চলনশীল সম্পত্তি হস্তান্তৰ হ’লেও তৃতীয় পক্ষৰ ৰক্ষণাবেক্ষণৰ অধিকাৰ লাভ কৰিব।
এই আইন অনুসৰি পত্নীয়ে ভৰণ-পোষণৰ অধিকাৰ বিবাহৰ সময়ৰ পৰাই লাভ কৰে। যেতিয়া ভৰণ-পোষণৰ গোচৰ দাখিল কৰা হয় তেতিয়া ই আংশিক অধিকাৰ (Inchoate) হৈ পৰে আৰু যেতিয়া আদালতে মেইণ্টেনেন্সৰ নিৰ্দেশ দিয়ে তেতিয়া ই সম্পত্তিৰ ওপৰত চাৰ্জ (Charge) হিচাপে কাৰ্যকৰী হয়। আদালতৰ মতে, যদিহে স্বামীয়ে ভৰণ-পোষণৰ বাবে আইনী প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছত নিজৰ সম্পত্তি বিক্ৰী কৰে, তেন্তে সেই বিক্ৰীৰ পৰা পোৱা ধনক পত্নীৰ ভৰণ-পোষণৰ অধিকাৰৰ অংশ হিচাপে গণ্য কৰা হ’ব।
বিভাগীয় বিচাৰপীঠে উত্থাপন কৰা দুটা প্ৰশ্নৰ উত্তৰত কেৰালা উচ্চ ন্যায়ালয়ে এই ৰায় দিয়ে। এগৰাকী মহিলাই স্বামীৰ বিৰুদ্ধে পৰিয়াল আদালতত ভৰণ-পোষণৰ গোচৰ ৰুজু কৰে। বৈবাহিক আবেদনত এজন ব্যক্তিয়ে মহিলাগৰাকীৰ স্বামীৰ পৰা সম্পত্তি ক্ৰয় কৰা বুলি উল্লেখ কৰিছিল, যিটো পিছত পৰিয়াল আদালতে পিছত তেওঁক দিছিল।
পৰিয়াল আদালতে ব্যক্তিজনৰ দাবী খাৰিজ কৰি পত্নীগৰাকীয়ে সম্পত্তি হস্তান্তৰ আইনৰ ৩৯ নং ধাৰাত সম্পত্তিৰ ওপৰত ভৰণ-পোষণৰ অধিকাৰী বুলি ৰায় দিয়ে। পৰিয়াল আদালতে ৰমানকুটী পুৰুষোত্তম বনাম আম্মিনিকুটিৰ (১৯৯৭) গোচৰৰ ৰায়দানৰ উদাহৰণ হিচাপে উল্লেখ কৰে।
ক্ৰেতাই বিভাগীয় বিচাৰপীঠৰ ওচৰত আবেদন জনাই দাবী কৰে যে স্বামীৰ সম্পত্তিৰ লাভৰ পৰা পত্নীক পোহপাল দিয়াৰ কোনো স্পষ্ট ব্যৱস্থা হামা আইনত নাই, সেয়েহে ইয়াত সম্পত্তি হস্তান্তৰ আইনখনৰ ৩৯ নং ধাৰা প্ৰযোজ্য নহয়।
বিভিন্ন ৰায়দানত থকা বিৰোধী মতামত লক্ষ্য কৰি বিভাগীয় বিচাৰপীঠে বিষয়টো পূৰ্ণ বিচাৰপীঠলৈ প্ৰেৰণ কৰে। পূৰ্ণ বিচাৰপীঠে সম্পত্তি হস্তান্তৰ আইনৰ ৩৯ নং ধাৰা আৰু হামা আইনৰ ৪, ১৮, ২১, ২৩, ২৭ আৰু ২৮ নং ধাৰা পৰীক্ষা কৰি ৰায় দিয়ে। যদিও সম্পত্তি হস্তান্তৰ আইনৰ ৩৯ নং ধাৰাই সম্পত্তিৰ ওপৰত প্ৰত্যক্ষভাৱে অধিকাৰৰ সৃষ্টি নকৰে, যদিহে ভৰণ-পোষণৰ অধিকাৰ থাকে, তেন্তে সেই অধিকাৰ হস্তান্তৰ হোৱাৰ পিছতো সম্পত্তি সুৰক্ষিত হয় । হামা আইনৰ ৪ নং ধাৰাত কোৱা হৈছে যে আইনখনৰ সংহিতাকৰণৰ পিছত প্ৰাচীন ধৰ্মীয় বিধানসমূহ প্ৰযোজ্য নহয়। আদালতে আৰু কয় যে, হামাৰ ২৭ নং ধাৰাটোৱেই একমাত্ৰ ধাৰা য’ত কিছুমান বিশেষ পৰিস্থিতিত সম্পত্তিৰ ওপৰত অধিকাৰ সৃষ্টি কৰিব পাৰি—যেনে ইচ্ছাপত্ৰ, আদালতৰ আদেশ বা চুক্তি।
উচ্চ ন্যায়ালয়ৰ ৰায়দানত স্পষ্ট কৰি দিয়া হৈছে যে ভৰণ-পোষণৰ গোচৰৰ সময়ত সম্পত্তি বিক্ৰী কৰি পত্নীক ভৰণ-পোষণৰ দায়িত্বৰ পৰা স্বামীয়ে সাৰি যাব নোৱাৰে। পত্নীয়েও সম্পত্তিৰ লাভৰ পৰা নিজৰ ভৰণ-পোষণৰ দাবী আদায় কৰিব পাৰে।