সকলো মুছলমানক বাংলাদেশী হিচাপে জ্ঞান কৰে, হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগ মাহমুদ মাদানীৰ

অসমত ইচ্ছাকৃতভাৱে উচ্চতম ন্যায়ালয়ৰ নীতি-নিৰ্দেশনাক আওকাণ কৰি নিৰ্বাচনৰ সময় ওচৰ চাপি অহাৰ লগে লগে বলপূৰ্বক উচ্ছেদ কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিজন মুছলমানক "বাংলাদেশী" হিচাপে জ্ঞান কৰি আহিছে। মাহমুদ মাদানীৰ বিস্ফোৰক মন্তব্য।

সকলো মুছলমানক বাংলাদেশী হিচাপে জ্ঞান কৰে, হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগ মাহমুদ মাদানীৰ

হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ মাদানীৰ

Updated On: 

05 Sep 2025 19:15 PM

জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি মাহমুদ মাদানীয়ে ভাৰতত অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে চলি থকা উচ্ছেদ অভিযানক সমৰ্থন আগবঢ়াই কয় যে কোনো “বিদেশী” বা “বাংলাদেশী” নাগৰিক দেশত থাকিব নালাগে। লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিজন মুছলমানক “বাংলাদেশী” হিচাপে জ্ঞান কৰা বুলিও সমালোচনা কৰে মাদানীয়ে।

“কোনো বাংলাদেশী, বিদেশী ভাৰতত থাকিব নালাগে…তেওঁ (অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই) প্ৰতিজন মুছলমানক বাংলাদেশী হিচাপে জ্ঞান কৰিছে…তেওঁ মোক বাংলাদেশলৈ পঠোৱাৰ কথা কৈছে, যিয়ে তেওঁৰ মানসিকতা প্ৰকাশ কৰিছে…তেওঁ (হিমন্ত বিশ্ব শৰ্মাই) দাবী কৰিছে যে তেওঁ নায়ক আৰু মই শূন্য।” এ এন আইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মাদানীয়ে কয়।

তেওঁ আৰু উল্লেখ কৰে যে নিৰ্বাচনৰ পূৰ্বে অসমত বলপূৰ্বক উচ্ছেদ চলি আছে; ইফালে এই বিষয়ত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাও মানি চলা হোৱা নাই। নিবনুৱা সমস্যা আৰু দুৰ্নীতিৰ পৰা সাধাৰণ মানুহৰ দৃষ্টি আঁতৰোৱাৰ চেষ্টা কৰা বুলি অসম চৰকাৰক সমালোচনা কৰে মাদানীয়ে।

“অসমত ইচ্ছাকৃতভাৱে উচ্চতম ন্যায়ালয়ৰ নীতি-নিৰ্দেশনাক আওকাণ কৰি নিৰ্বাচনৰ সময় ওচৰ চাপি অহাৰ লগে লগে বলপূৰ্বক উচ্ছেদ কৰা হৈছে। তেওঁলোকে (অসম চৰকাৰে) নিবনুৱা সমস্যা, দুৰ্নীতিৰ ওপৰত প্ৰশ্ন উত্থাপন হোৱাটো নিবিচাৰে আৰু প্ৰকৃত বিষয়ৰ পৰা দৃষ্টি আঁতৰ কৰিব বিচাৰে। তেওঁলোকে এইটো এটা বিশেষ সম্প্ৰদায়ৰ বিষয় কৰি ল’ব বিচাৰে আৰু তেওঁলোকৰ (অসম চৰকাৰ)ৰ বিৰুদ্ধে মোৰ অভিযোগ এইটোৱেই আছিল, গাইডলাইন অনুসৰণ কৰি এই অভিযান চলাব লাগে…বাংলাদেশীক বিতাড়নৰ প্ৰক্ৰিয়া চলি আছে, যিটো উচ্ছেদ এলেকাত মানি চলা নাই,” তেওঁ কয়।

মাদানীয়ে বৰ্তমান সময়ত ৰাজনৈতিক পৰিভাষাৰ স্তৰকো সম্বোধন কৰে। তেওঁ কয় যে এই বিষয়সমূহ বৰ্তমান গুৰুত্বপূৰ্ণ নহয়, আনকি প্ৰধানমন্ত্ৰী মোদীয়েও গুৰুত্ব নিদিয়ে। তেওঁ কয় আমি সকলোৱে সংযম কৰা উচিত। প্ৰধানমন্ত্ৰীয়েও ইয়াৰ প্ৰতি গুৰুত্ব নিদিয়ে, আনকি প্ৰধানমন্ত্ৰী এই বিষয়ে সচেতনো নহয়।

ইয়াৰ পূৰ্বে মৌলানা মাদানীয়ে অসম ভ্ৰমণ কৰি চৰকাৰৰ এই উচ্ছেদ প্ৰক্ৰিয়াৰ বিৰুদ্ধে মাত মাতিছিল আৰু ইয়াক “দুৰ্ভাগ্যজনক আৰু বেদনাদায়ক” বুলি অভিহিত কৰিছিল। “ৰাজ্যত উচ্ছেদ অভিযান চলি আছে…ইয়াক যি ধৰণেৰে কৰা হৈছে সেয়া দেখি দুখ লাগে। যদি আপুনি ভ্ৰমণ কৰে আৰু এয়া চায়, ব্যৱস্থাটো দেখিলে আপোনাৰো দুখ লাগিব। বিশেষকৈ এটা ব্যৱস্থাৰ অধীনত সম্প্ৰদায় আৰু দেশ গঠন হোৱাটোৱে মোক কষ্ট দিছিল। যদি ব্যৱস্থা উলংঘা কৰি কোনো কাম কৰা হয়, যদি ইয়াক উপেক্ষা কৰি ভৰিৰে মোহাৰি পেলোৱা হয় তেন্তে সেয়া দুৰ্ভাগ্যজনক আৰু বেদনাদায়ক। ইয়াক যিমানেই গৰিহণা দিয়া হয়, সিমানেই কম” বুলি সংবাদ মাধ্যমক সম্বোধন কৰি মাদানীয়ে কয়।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৱশ্যে জমিয়ত উলামা-ই-হিন্দৰ সভাপতি মৌলানা মাহমুদ মাদানীৰ দাবীক খণ্ডন কৰে। মুখ্যমন্ত্ৰী শৰ্মাই কয়, “মদানী কোন? মদানী ঈশ্বৰ নেকি? কংগ্ৰেছ থকালৈকেহে মাদানীৰ সাহস আছিল। বিজেপিৰ সময়ত মাদানীৰ সাহসৰ কোনো প্ৰমাণ নাই। বেছি কৰিলে মাদানীক জেললৈ পঠিয়াই দিম। মই মুখ্যমন্ত্ৰী, মাদানী নহয়।”

শনি দেৱৰ পূজাত নকৰিব এই ৩ টা বস্তুৰ ব্যৱহাৰ, নহ’লে সৰ্বনাশ!
জটিল স্বাস্থ্যজনিত সমস্যাৰ এটা সৰল প্ৰতিকাৰ, কিয় দৈনিক নৰিসংহ পাত খাব লাগে?
কেঁচা পিঁয়াজৰ এনে গুণাৱলীৰ কথা জানেনে? জানিলে আপুনিও নিতে ল’ব খাবলৈ
চাণক্য নীতি: সন্মানীয় আৰু সফল হ'বলৈ থাকিব লাগিব এই ৪টা গুণ