হিমাচল-উত্তৰাখণ্ডত প্ৰকৃতিৰ তাণ্ডৱঃ ডাৱৰ বিস্ফোৰণ-বানৰ কবলত পৰি প্ৰাণ হেৰুৱালে ৩ জনে, কেইবাজনো সন্ধানহীন
বৰষুণ, ডাৱৰ বিস্ফোৰণ আৰু বানৰ প্ৰকোপত ৰাজ্য দুখনৰ পৰিস্থিতি দুৰ্বিষহ হৈ পৰিছে। এই দুৰ্যোগত মাণ্ডীত ৩ জন লোকৰ মৃত্যু হৈছে। প্ৰশাসনে জানিবলৈ দিয়া মতে, এই পৰ্যন্ত প্ৰায় ৬ জন লোক নিৰুদ্দেশ হৈ আছে। ডেৰাডুনত ডাৱৰ বিস্ফোৰণ সংঘটিত হোৱাৰ ফলস্বৰূপে ব্যাপক ধ্বংসলীলা দেখিবলৈ পোৱা গৈছে।

হিমাচল আৰু উত্তৰাখণ্ডত প্ৰকৃতিৰ তাণ্ডৱ
দুই পাহাৰীয়া ৰাজ্য হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডত পুনৰ এবাৰ প্ৰকৃতিয়ে সৃষ্টি কৰিছে ভয়াৱহ অৱস্থাৰ। বৰষুণ, ডাৱৰ বিস্ফোৰণ আৰু বানৰ প্ৰকোপত ৰাজ্য দুখনৰ পৰিস্থিতি দুৰ্বিষহ হৈ পৰিছে। যোৱা ২৪ ঘণ্টা ধৰি অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ ফলত হিমাচলৰ মাণ্ডী জিলাৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। মুষলধাৰ বৰষুণে জিলাখনৰ নদী তথা নলাসমূহৰ জলস্তৰ হঠাতে বৃদ্ধি কৰাৰ ফলস্বৰূপে বানৰ কবলত পৰিছে বিস্তীৰ্ণ অঞ্চল। এই দুৰ্যোগত মাণ্ডীত ৩ জন লোকৰ মৃত্যু হৈছে। ইফালে ধৰমপুৰতো বহু অঞ্চল বানৰ কবলত পৰিছে।
মাণ্ডীৰ বহু স্থানত বানৰ ফলত পথ ভাঙি ভাঙি পৰা বুলি খবৰ পোহৰলৈ আহিছে। ধাৰাসাৰ বৰষুণ আৰু বানপানীৰ ফলত অঞ্চলটোত সৃষ্টি হৈছে অসহনীয় অৱস্থাৰ। ইতিমধ্যে দুৰ্যোগ ব্যৱস্থাপনাৰ দল এই স্থান উপস্থিত হৈছে যদিও বেয়া বতৰৰ বাবে সাহায্য তথা উদ্ধাৰ অভিযানত সমস্যাৰ সন্মুখীন হৈছে।
প্ৰশাসনে জানিবলৈ দিয়া মতে, এই পৰ্যন্ত প্ৰায় ৬ জন লোক নিৰুদ্দেশ হৈ আছে। আৰক্ষী আৰু এছডিআৰএফৰ দলে নিৰুদ্দিষ্ট লোকসকলৰ সন্ধান অব্যাহত ৰাখিছে। ইফালে বানৰ সমান্তৰালকৈ ভূমিস্খলনেও এতিয়া নমাই আনিছে বিপদ। মাণ্ডী-কুল্লু ঘাইপথৰ বহু স্থানত ভূমিস্খলন সংঘটিত হোৱাৰ ফলস্বৰূপে যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে।
ধৰমপুৰতো বৰষুণ আৰু বানে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। পথ আৰু দলং ভাঙি পৰাৰ ফলত বহু গ্ৰাম্য অঞ্চল এতিয়া সংযোগ বিছিন্ন হৈ পৰিছে। অঞ্চলটোৰ স্থানীয় লোকসকলৰ বাসগৃহ এতিয়া পানীয়ে বুৰাই পেলোৱাৰ ফলত অবৰ্ণনীয় পৰিস্থিতিৰ সন্মুখীন হৈছে। বানৰ প্ৰকোপত ধৰমপুৰত প্ৰায় স্তব্ধ হৈ পৰিছে দৈনন্দিন জনজীৱন।
হিমাচলৰ লগতে উত্তৰাখণ্ডতো প্ৰকৃতিয়ে চলাইছে তাণ্ডৱ। ৰাজ্যখনৰ ডেৰাডুনত ডাৱৰ বিস্ফোৰণ সংঘটিত হোৱাৰ ফলস্বৰূপে ব্যাপক ধ্বংসলীলা দেখিবলৈ পোৱা গৈছে। ডাৱৰ বিস্ফোৰণৰ ফলত সহস্ত্ৰধৰাত নদীৰ জলপৃষ্ঠও বৃদ্ধি পাইছে। এই দুৰ্যোগৰ প্ৰভাৱ সমীপৱৰ্তী অঞ্চলসমূহতো দেখা গৈছে। এনে অৱস্থাৰ ফলস্বৰূপে ছালোনা পথ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে।
সহস্ত্ৰধৰাত মাজনিশা সংঘটিত হয় এই ডাৱৰ বিস্ফোৰণ। ইয়াৰ পিছতে দুৰ্যোগৰ পৰা ৰক্ষা পাবলৈ স্থানীয় লোকসকলে নিশাৰ পৰা পথত আশ্ৰয় ল’বলগা হৈছে। ইতিমধ্যে স্থানীয় প্ৰশাসন ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ তথা সাহায্য অভিযান তীব্ৰতৰ কৰি তুলিছে। ক্ষতিগ্ৰস্ত স্থানত আবদ্ধ হৈ থকা লোকসকলক নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে।
ইয়াৰ সমান্তৰালকৈ প্ৰশাসনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে সকলো বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰ বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে। ধাৰাসাৰ বৰষুণৰ বাবে তামছা নদীৰ জলপৃষ্ঠ ব্যাপক বৃদ্ধি পায় আৰু ইয়াৰ পিছতে সৃষ্টি হোৱা বানে ৪–৫জন লোকক উটুৱাই নিয়া বুলি খবৰ পোহৰলৈ আহিছে।