স্বামীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপনত অস্বীকাৰ! বিবাহ বিচ্ছেদৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ…

আদালতে স্পষ্ট কৰি দিলে যে এই বিবাহত আৰু কোনো অগ্ৰগতিৰ কোনো সম্ভাৱনা নাই। আদালতে কয় যে স্বামীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ অস্বীকাৰ কৰা আৰু বিবাহ বহিৰ্ভূত সম্পৰ্ক থকাৰ সন্দেহ কৰাটো এক নিষ্ঠুৰতা।

স্বামীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপনত অস্বীকাৰ! বিবাহ বিচ্ছেদৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ...

স্বামী-স্ত্ৰী

Updated On: 

19 Jul 2025 | 04:02 PM

পৰিয়াল আদালতে দিয়া বিবাহ বিচ্ছেদৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল এগৰাকী মহিলা। কিন্তু বম্বে উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে তেওঁৰ এই আবেদন। আদালতে স্পষ্ট কৰি দিলে যে এই বিবাহত আৰু কোনো অগ্ৰগতিৰ কোনো সম্ভাৱনা নাই। আদালতে কয় যে স্বামীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ অস্বীকাৰ কৰা আৰু বিবাহ বহিৰ্ভূত সম্পৰ্ক থকাৰ সন্দেহ কৰাটো এক নিষ্ঠুৰতা। লগতে উচ্চ ন্যায়ালয়ে কয় যে পত্নীৰ এনে আচৰণে স্বামীৰ বাবে মানসিক যন্ত্ৰণাৰ সৃষ্টি কৰে।

কেৱল বিবাহ বিচ্ছেদৰ নিৰ্দেশ মানি লোৱাই নহয়, মাহেকীয়া ভৰণ-পোষণৰ বাবে মহিলাগৰাকীয়ে বিচৰা ১ লাখ টকাৰ দাবীও খাৰিজ কৰে আদালতে। বিয়াৰ পিছত স্বামীৰ সৈতে শাৰীৰিক সম্পৰ্ক নথকাটো কোনো দোষ নহয় বুলি কয় বম্বে উচ্চ ন্যায়ালয়ে। কিন্তু ইয়াৰ বাবে স্বামীক পৰকীয় প্ৰেমৰ সম্পৰ্ক থকাৰ সন্দেহ কৰাটো নিষ্ঠুৰতা। ন্যায়াধীশ ৰেৱতী মোহিতে ডেৰে আৰু ন্যায়াধীশ নীলা গোখলেৰ বিভাগীয় বিচাৰপীঠে বৃহস্পতিবাৰে কয় যে এই গোচৰত মহিলাগৰাকীৰ আচৰণক স্বামীৰ প্ৰতি ‘নিষ্ঠুৰতা’ বুলি গণ্য কৰা হ’ব।

২০১৩ চনত বিবাহপাশত আবদ্ধ হোৱা দম্পতীয়ে ২০১৪ চনৰ ডিচেম্বৰৰ পৰা পৃথকে থাকিবলৈ আৰম্ভ কৰে।২০১৫ চনত পুনেৰ পৰিয়াল আদালতত স্বামীয়ে বিবাহ বিচ্ছেদৰ আবেদন দাখিল কৰে। সেই আবেদন মঞ্জুৰ কৰা হৈছিল। মহিলাগৰাকীয়ে তেওঁৰ আবেদনত উল্লেখ কৰিছে যে তেওঁৰ শহুৰৰ ঘৰৰ লোকে তেওঁক অত্যাচাৰ কৰিছিল যদিও তেওঁ স্বামীক ভাল পায়।

ইফালে পত্নীয়ে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব নিবিচৰাৰ অভিযোগ উত্থাপন কৰি বিবাহ বহিৰ্ভূত প্ৰেমৰ সন্দেহ কৰাৰ লগতে বন্ধু-বান্ধৱ আৰু কৰ্মচাৰীৰ সন্মুখত বিভিন্ন প্ৰকাৰে তেওঁক লজ্জিত কৰাৰ অভিযোগ উত্থাপন কৰে স্বামীয়ে। সেইবাবেই বিবাহ বিচ্ছেদৰ নিৰ্দেশ মানি লৈছিল আদালতে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...