ৰিজৱান আৰু পাৰভেজ কোন? বৈৰী ৰাষ্ট্ৰ পাকিস্তানক কি তথ্য প্ৰদান কৰিছিল…

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ এজন। হাৰিয়ানাৰ নুহ জিলাৰ পৰা গ্ৰেপ্তাৰ হোৱা এইজন যুৱক ৰিজৱান বুলি চিনাক্ত হৈছে। তেওঁ অধিবক্তা হিচাপে কৰ্মৰত।

ৰিজৱান আৰু পাৰভেজ কোন? বৈৰী ৰাষ্ট্ৰ পাকিস্তানক কি তথ্য প্ৰদান কৰিছিল...

হাৰিয়ানাৰ যুৱক

Published: 

27 Nov 2025 | 12:03 PM

পাকিস্তানী চোৰাংচোৱা সংস্থাৰ বাবে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত শেহতীয়াকৈ আৰক্ষীয়ে আন এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। হাৰিয়ানাৰ নুহ জিলাৰ পৰা গ্ৰেপ্তাৰ হোৱা এই যুৱকজন মহম্মদ ৰিজৱান খান (২৪) বুলি চিনাক্ত হৈছে। এই একেই গোচৰত চলিত বৰ্ষত এতিয়ালৈকে এয়া তৃতীয়টো গ্ৰেপ্তাৰ।  খাৰখাৰী গাঁৱৰ যুৱ অধিবক্তা জুবাইৰৰ পুত্ৰ ৰিজৱানৰ বিৰুদ্ধে দেশদ্ৰোহ আৰু চোৰাংচোৱাগিৰি কৰাৰ অভিযোগ উত্থাপন হৈছে। বুধবাৰ (২৬নৱেম্বৰ)য়ে আৰক্ষীয়ে প্ৰদান কৰিছে এই তথ্য।

আৰক্ষীৰ তথ্য অনুসৰি, ৰিজৱানে পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আই (ISI)ৰ সৈতে বিভিন্ন গোপন তথ্য শ্বেয়াৰ কৰিছিল। ইয়াৰ ভিত্তিতে দিল্লীৰ পৰা নিয়া (NIA), চি আই এ, টাৱাডুৰ যৌথ অভিযানত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। জানিব পৰা মতে, মাজনিশা ৰিজৱানক আৰক্ষীয়ে আটক কৰে আৰু পাছদিনা পুৱা দিল্লীলৈ লৈ আনে। তেওঁৰ পৰা লেপটপ,বিভিন্ন নথি-পত্ৰ জব্দ কৰিছে আৰক্ষীয়ে। ইফালে ৰিজৱানৰ পৰিয়ালৰ লোকে কৈছে যে, তেওঁলোকৰ পুত্ৰ অপৰাধী নহয়। ভালদৰে তদন্ত কৰিলে সকলো তথ্য ওলাই পৰিব বুলি কয় তেওঁলোকে।

আৰক্ষীয়ে ৰিজৱানৰ সহযোগী অধিবক্তা মুশ্বাৰফ ওৰফে পাৰভেজকো আটক কৰিছে। পাৰভেজক আটক কৰা সন্দৰ্ভত পিতৃয়ে কয় যে, ২৪ নৱেম্বৰৰ নিশা তেওঁৰ পুত্ৰ পাৰভেজক আৰক্ষীয়ে আটক কৰি লৈ যায়। তেওঁৰ ৪ জন পুত্ৰ। বৰপুত্ৰই ভাৰতীয় সেনাবাহিনীত কৰ্মৰত। সৰু পুত্ৰ মুশ্বাৰফ ওৰফে পাৰভেজ এজন অধিবক্তা। তেওঁ কয় যে, ৰিজৱানৰ সৈতে পাৰভেজৰ দুবছৰ ধৰি বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল। কিন্তু তেওঁলোকৰ আস্থা আছে যে পুত্ৰই কোনো দেশ বিৰোধী কাম নকৰে। ইয়াৰোপৰি পাকিস্তানত তেওঁলোকৰ কোনো আত্মীয় নাই বা তেওঁলোকে কেতিয়াও পাকিস্তান ভ্ৰমণ কৰা নাই।

উল্লেখ্য যে, হাৰিয়ানাৰ নুহ জিলাত একাংশই পাকিস্তানী চোৰাংচোৱাক সহায় কৰি আহিছে। চলিত বৰ্ষত এতিয়ালৈকে ৩ জন গ্ৰেপ্তাৰ হৈছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

 

অন্য খবৰ পঢ়কঃ ইঞ্জিনিয়াৰ হোৱা বাবে দিছিল বিয়া! এমাহ পাছত ভয়ংকৰ কাণ্ড, উদ্ধাৰ ন-বিবাহিতাৰ মৃতদেহ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...