সকলোৱে আগুৱাই যাবলৈ প্ৰেৰণা লাভ কৰক: নৱবৰ্ষৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী মোদীয়ে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও নৱবৰ্ষ উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে। বছৰৰ প্ৰথমটো পুৱাই এক্সত পোষ্ট কৰি দেশবাসীক ২০২৬ চনৰ নৱবৰ্ষৰ শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰী মোদীয়ে।এই নতুন বছৰে যাতে সকলোৰে জীৱনলৈ সুখ কঢ়িয়াই আনে তাৰ কামনা কৰে।

নৱবৰ্ষৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে
আজিৰ পৰা আৰম্ভ হৈছে নৱবৰ্ষ। ২০২৬ চনটোক উৎসাহেৰে আদৰণি জনাইছে সকলোৱে। ইজনে সিজনক প্ৰেৰণ কৰিছে শুভেচ্ছা । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও নৱবৰ্ষ উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে। বছৰৰ প্ৰথমটো পুৱাই এক্সত পোষ্ট কৰি দেশবাসীক ২০২৬ চনৰ নৱবৰ্ষৰ শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰী মোদীয়ে।এই নতুন বছৰে যাতে সকলোৰে জীৱনলৈ সুখ কঢ়িয়াই আনে তাৰ কামনা কৰে।
নাগৰিকলৈ শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে
প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত লিখিছে, “সকলোকে ২০২৬ চনৰ শুভেচ্ছা জনাইছো! আগন্তুক বছৰটোৱে আপোনালোকৰ বাবে সুস্বাস্থ্য আৰু সমৃদ্ধি, আপোনালোকৰ প্ৰচেষ্টাত সফলতা, আৰু আপোনালোকৰ সকলো কামতে পূৰ্ণতা কঢ়িয়াই আনক। আমাৰ সমাজত শান্তি আৰু সুখৰ বাবে প্ৰাৰ্থনা কৰিছো।”
2026 की आप सभी को बहुत-बहुत शुभकामनाएं। कामना करते हैं कि यह वर्ष हर किसी के लिए नई आशाएं, नए संकल्प और एक नया आत्मविश्वास लेकर आए। सभी को जीवन में आगे बढ़ने की प्रेरणा दे।
ज्ञानं विरक्तिरैश्वर्यं शौर्यं तेजो बलं स्मृतिः।
स्वातन्त्र्यं कौशलं कान्तिर्धैर्यं मार्दवमेव च ॥ pic.twitter.com/vMhlHe3fGR
— Narendra Modi (@narendramodi) January 1, 2026
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে নৱবৰ্ষ উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। বাৰ্তাযোগে তেওঁ কয় যে, নতুন বছৰটোৱে নতুন শক্তি আৰু ইতিবাচক পৰিৱৰ্তনৰ প্ৰতীক, যিয়ে আত্মনিৰীক্ষণ আৰু নতুন সংকল্পৰ সুযোগ প্ৰদান কৰে। ৰাষ্ট্ৰপতি মুৰ্মুৱে সকলোকে ৰাষ্ট্ৰীয় উন্নয়ন, সামাজিক সম্প্ৰীতি, আৰু পৰিৱেশ সুৰক্ষাৰ প্ৰতি নিজৰ দায়বদ্ধতা শক্তিশালী কৰিবলৈ আহ্বান জনায়।
লগতে ২০২৬ চনে সকলোৰে বাবে শান্তি, সুখ, আৰু সমৃদ্ধি কঢ়িয়াই আনিব আৰু শক্তিশালী আৰু সমৃদ্ধিশালী ভাৰত গঢ়িবলৈ নতুন শক্তিৰ যোগাব বুলি আশা প্ৰকাশ কৰে ৰাষ্ট্ৰপতিয়ে।