Happy Mother’s day: কেনেদৰে জনাব মাতৃক শুভেচ্ছা, প্ৰেৰণ কৰিব বিশেষ বাৰ্তা

এই মাতৃৰ ত্যাগ, কষ্ট স্বীকাৰ কৰিবলৈ যে এই দিৱসেই যথেষ্ঠ নহয়। প্ৰতিটো দিনেই সন্তানৰ বাবে হব লাগে মাতৃ দিৱস। মাতৃৰ চকুতেই যেন আছে সংসাৰৰ সমস্ত সুখ।

Happy Mothers day: কেনেদৰে জনাব মাতৃক শুভেচ্ছা, প্ৰেৰণ কৰিব বিশেষ বাৰ্তা

মাতৃ দিৱসৰ শুভেচ্ছা

Updated On: 

12 May 2024 | 11:33 AM

আজি ১২ মে’, মাতৃ দিৱস। মাতৃক শ্ৰদ্ধা আৰু সন্মান জনোৱাৰ উদ্দেশ্যে এটা দিন ঠিক কৰি লৈ প্ৰতিবছৰে মাতৃ দিৱস পালন কৰি অহা হৈছে। প্ৰ*তি বছৰৰ মে মাহৰ দ্বিতীয়টো দেওবাৰে এই দিৱস পালন কৰা হয়। ‘মা’ এক এনে শব্দ য’ত সোমাই থাকে মমতা, উদ্বেগ, সংশয়, সপোন আদিৰ সমাহাৰ। এই মাতৃৰ ত্যাগ, কষ্ট স্বীকাৰ কৰিবলৈ যে এই দিৱসেই যথেষ্ঠ নহয়। প্ৰতিটো দিনেই সন্তানৰ বাবে হব লাগে মাতৃ দিৱস। মাতৃৰ চকুতেই যেন আছে সংসাৰৰ সমস্ত সুখ। মাতৃ মমতাময়ী, মাতৃ কৰুণাময়ী।  এই মাতৃৰ বাবেই আমি এই ধৰাৰ সুখ লোৱাৰ সৌভাগ্য পাইছো। প্ৰতিগৰাকী মাতৃলৈ প্ৰণিপাত।

ইতিহাসঃ 
মাতৃ দিৱস পালন কৰিবলৈ কোনো নিৰ্দিষ্ট তাৰিখ নাই। প্ৰতি বছৰৰ মে মাহৰ দ্বিতীয়টো দেওবাৰে এই দিৱস পালন কৰি অহা হৈছে। মাতৃ দিৱসৰ আৰম্ভণি আন্না জাৰ্ভিছে নামৰ এগৰাকী মহিলাই ২০ শতিকাতেই কৰিছিল। অৱশ্যে ইয়াক আনুষ্ঠানিকভাৱে ১৯১৪ চনৰ ৯ মে’ৰ পৰা পালন কৰি অহা হৈছে। আমেৰিকাৰ তৎকালীন ৰাষ্ট্ৰপতি উড্ৰ’ উইলছনে ইয়াৰ আৰম্ভণী কৰিছিল। সেই সময়তে আমেৰিকাৰ সংসদত আইন গৃহীত কৰি সিদ্ধান্ত লোৱা হৈছিল যে প্ৰতি বছৰৰ মে মাহৰ দ্বিতীয়টো দেওবাৰে এই দিৱস পালন কৰা হ’ব।
মাতৃৰ বাবে শুভেচ্ছা
*  এগৰাকী মাতৃৰ বাহু আন সকলোতকৈ বেছি আৰামদায়ক –  প্ৰিন্সেছ ডায়েনা।
* মাতৃ: মানৱ জাতিৰ ওঁঠৰ আটাইতকৈ ধুনীয়া শব্দ – কাহলিল জিব্ৰাণ
*   আইৰ সমান হ’ব কোন, নৈৰ সমান ব’ব কোন। মা তোমালৈ শুভেচ্ছা।
*মা তোমাৰ অবিহনে এই জীৱন অসম্পূৰ্ণ। তোমাৰ কষ্ট, ত্যাগ, প্ৰেৰণাই এই জীৱন উপহাৰ দি হৈছে।  তোমাৰ প্ৰতি থকা শ্ৰদ্ধা, মৰম মই ভাষাৰে বুজাব নোৱাৰো। মাতৃ দিৱসৰ শুভেচ্ছা।
* “মাতৃ এনে এক শব্দ যিয়ে আন সকলোৰে ঠাই ল’ব পাৰে কিন্তু যাৰ ঠাই আন কোনোৱে ল’ব নোৱাৰে।” – কাৰ্ডিনেল মেৰমিলোড
* মাতৃ দিৱসৰ শুভেচ্ছা জনালোঁ। তোমাৰ প্ৰেমে আমাক প্ৰতিদিনে অনুপ্ৰাণিত কৰে।
মাতৃৰ বাবে মেছেজ
 *  মৰমৰ মা।  এই বিশেষ দিনটোত তুমি কৰা সকলো ত্যাগ আৰু নিঃচৰ্ত মৰমৰ বাবে ধন্যবাদ জনাইছো। মাতৃ দিৱসৰ শুভেচ্ছা জনালো।
* মা তুমি সঁচাকৈ অতুলনীয়। তোমাক মোৰ জীৱনত পাই মই কৃতজ্ঞ। মোৰ পথ প্ৰদৰ্শক পোহৰ হোৱাৰ বাবে আৰু মোক সদায় বিশ্বাস কৰাৰ বাবে ধন্যবাদ। মাতৃ দিৱসৰ শুভেচ্ছা জনালো।
* এই মাতৃ দিৱসত মই কেৱল মোৰ নিজৰ মাকে নহয়,  নিজৰ পৰিয়ালৰ প্ৰতি নিজকে উৎসৰ্গা কৰা সকলো মাতৃক সন্মান জনাব বিচাৰো। মাতৃৰ প্ৰেম আমাৰ পৃথিৱীৰ ভেটি।
উল্লেখ কৰা প্ৰয়োজন যে, মাতৃৰ বাবে থকা মৰম বা শ্ৰদ্ধা ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। মাতৃৰ ওচৰত আমি চিৰ ঋণী।  ওপৰত উল্লেখ কৰা বাৰ্তা সমূহ কেৱল এটা সৰু উদাহৰণহে। মাতৃৰ প্ৰতি থকা বিভিন্ন জনৰ মনৰ অনুভৱ কেৱল মাত্ৰ কেইটামান শব্দৰে প্ৰকাশ কৰিব নোৱাৰি। কেৱল এটা কথাই কব লাগিব, এই মাতৃয়ে হৈছে সৰ্বোচ্চ শক্তি। মাতৃ শান্তিৰ প্ৰতীক, মাতৃ শক্তিৰ প্ৰতীক…
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...