কইনা ঘৰত উথপথপ, দৰা আহি পাবৰ হ’ল, হঠাৎ লাগিল হাহাকাৰ, কইনা নাই ঘৰত

দৰা আহিব বুলি সকলোৱে ৰৈ থাকোঁতেই ঘৰৰ পৰাই নোহোৱা হ'ল কইনা । নাই মানে নাই, ক'ত গ'ল কোনেও একো গমেই নাপালে । ইফালে-সিফালে খবৰ দিয়া হ'ল, বিচাৰ-খোচাৰ চলিল । কিন্তু কইনাৰ কোনো সন্ধান নাই । আহিবলৈ ওলায়ো ৰৈ গ'ল দৰা ।

কইনা ঘৰত উথপথপ, দৰা আহি পাবৰ হল, হঠাৎ লাগিল হাহাকাৰ, কইনা নাই ঘৰত

প্ৰতীকী ছবি

Published: 

26 May 2025 | 11:21 AM

উদুলি-মুদুলি বিয়াঘৰ । আলহী-অতিথি আহিছে, ৰভাতলিত সকলোৰে উথপথপ । সন্ধিয়ালৈ আহিব দৰা । সাজি-কাচি দৰা অহালৈ সাজু হৈ আছে কইনা । দৰা আদৰিবলৈ কইনা ঘৰৰ মানুহো সাজু । কিন্তু তেনেতে ঘটিল এটা অকল্পনীয় ঘটনা । হাহাকাৰ লাগিল কইনা ঘৰত । দৰা ঘৰলৈ ফোন লগালে কইনাৰ দেউতাকে । দৰা ঘৰতো হাহাকাৰ অৱস্থা । হঠাতে কি ঘটিল কোনেও তলকিবই নোৱাৰিলে ।

দৰা আহিব বুলি সকলোৱে ৰৈ থাকোঁতেই ঘৰৰ পৰাই নোহোৱা হ’ল কইনা । নাই মানে নাই, ক’ত গ’ল কোনেও একো গমেই নাপালে । ইফালে-সিফালে খবৰ দিয়া হ’ল, বিচাৰ-খোচাৰ চলিল । কিন্তু কইনাৰ কোনো সন্ধান নাই । আহিবলৈ ওলায়ো ৰৈ গ’ল দৰা ।

বিয়া ঘৰ এৰি কইনাৰ দেউতাক পালেগৈ থানা । আৰক্ষীক অভিযোগ দাখিল কৰিলে জীয়েক নোহোৱা হোৱাৰ । আৰক্ষীয়ে জনোৱা মতে, শনিবাৰে আছিল বিয়া । সমগ্ৰ পৰিয়ালটোৱে উলহ-মালহেৰে বিয়াৰ কাম-কাজ কৰি দৰা আহিব বুলি বাট চাই ৰোৱাৰ সময়তে ঘৰৰ পৰাই অন্তৰ্ধান হ’ল কইনা । দেউতাকে জীয়েকৰ পছন্দ মতেই বিয়াৰ সকলো যোগাৰ কৰিছিল ।

শনিবাৰে দুপৰীয়া পৰিয়ালৰ লোকসকলে দৰা আদৰিবলৈ যো-জা কৰিছিল । তাৰ মাজতে সকলোৱে লক্ষ্য কৰিলে যে বহু সময় ধৰি কইনাক দেখা নাই । বিচাৰ-খোচাৰ চলিল যদিও কোনো শুংসূত্ৰ নাপালে । তেওঁলোকে জানিব পাৰিলে যে ঘৰি এৰি পলায়ন কৰিছে কইনাই । তাৰ পাছতেই কইনাৰ দেউতাক আৰু পৰিয়ালৰ লোক আৰক্ষীৰ কাষ চাপে । পৰিয়ালৰ লোক সমস্যাত পৰিল, এই খবৰ দৰা ঘৰক কেনেকৈ জনাই? বহু ভবা-চিন্তা কৰি দৰাৰ দেউতাকক খবৰটো দিলে কইনাৰ দেউতাকে ।

সেইসময়ত বৰযাত্ৰীসহ দৰা কইনাৰ ঘৰলৈ আহিবলৈ সাজু হৈছিল মাত্ৰ । তেনেতে এই খবৰ শুনি সকলো আচৰিত হৈ পৰে । আৰক্ষীয়ে কইনাৰ দেউতাৰ অভিযোগৰ ভিত্তিত গোচৰ দাখিল কৰিছে । আৰক্ষীয়ে মেনুৱে আৰু ইলেক্ট্ৰিক চাৰ্ভিলেঞ্চৰ দ্বাৰা যুৱতীগৰাকীৰ সন্ধান চলাই আছে যদিও বৰ্তমানলৈকে কোনো সন্ধান লাভ কৰা নাই ।

বিহাৰৰ কেমুৰৰ চৈনপুৰ থানাৰ অন্তৰ্গত হাটা চহৰত সংঘটিত হৈছে এই ঘটনা । আপুনি নিশ্চয় ‘শাদী মেঁ জৰুৰ আনা’ ছবিখন চাইছে । হাটা চহৰত যেন বাস্তৱত ঘটিল সেই চিনেমাখনত দেখুওৱা কইনা পলাই যোৱাৰ ঘটনাটো ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...