কইনা ঘৰত উথপথপ, দৰা আহি পাবৰ হ’ল, হঠাৎ লাগিল হাহাকাৰ, কইনা নাই ঘৰত
দৰা আহিব বুলি সকলোৱে ৰৈ থাকোঁতেই ঘৰৰ পৰাই নোহোৱা হ'ল কইনা । নাই মানে নাই, ক'ত গ'ল কোনেও একো গমেই নাপালে । ইফালে-সিফালে খবৰ দিয়া হ'ল, বিচাৰ-খোচাৰ চলিল । কিন্তু কইনাৰ কোনো সন্ধান নাই । আহিবলৈ ওলায়ো ৰৈ গ'ল দৰা ।

প্ৰতীকী ছবি
উদুলি-মুদুলি বিয়াঘৰ । আলহী-অতিথি আহিছে, ৰভাতলিত সকলোৰে উথপথপ । সন্ধিয়ালৈ আহিব দৰা । সাজি-কাচি দৰা অহালৈ সাজু হৈ আছে কইনা । দৰা আদৰিবলৈ কইনা ঘৰৰ মানুহো সাজু । কিন্তু তেনেতে ঘটিল এটা অকল্পনীয় ঘটনা । হাহাকাৰ লাগিল কইনা ঘৰত । দৰা ঘৰলৈ ফোন লগালে কইনাৰ দেউতাকে । দৰা ঘৰতো হাহাকাৰ অৱস্থা । হঠাতে কি ঘটিল কোনেও তলকিবই নোৱাৰিলে ।
দৰা আহিব বুলি সকলোৱে ৰৈ থাকোঁতেই ঘৰৰ পৰাই নোহোৱা হ’ল কইনা । নাই মানে নাই, ক’ত গ’ল কোনেও একো গমেই নাপালে । ইফালে-সিফালে খবৰ দিয়া হ’ল, বিচাৰ-খোচাৰ চলিল । কিন্তু কইনাৰ কোনো সন্ধান নাই । আহিবলৈ ওলায়ো ৰৈ গ’ল দৰা ।
বিয়া ঘৰ এৰি কইনাৰ দেউতাক পালেগৈ থানা । আৰক্ষীক অভিযোগ দাখিল কৰিলে জীয়েক নোহোৱা হোৱাৰ । আৰক্ষীয়ে জনোৱা মতে, শনিবাৰে আছিল বিয়া । সমগ্ৰ পৰিয়ালটোৱে উলহ-মালহেৰে বিয়াৰ কাম-কাজ কৰি দৰা আহিব বুলি বাট চাই ৰোৱাৰ সময়তে ঘৰৰ পৰাই অন্তৰ্ধান হ’ল কইনা । দেউতাকে জীয়েকৰ পছন্দ মতেই বিয়াৰ সকলো যোগাৰ কৰিছিল ।
শনিবাৰে দুপৰীয়া পৰিয়ালৰ লোকসকলে দৰা আদৰিবলৈ যো-জা কৰিছিল । তাৰ মাজতে সকলোৱে লক্ষ্য কৰিলে যে বহু সময় ধৰি কইনাক দেখা নাই । বিচাৰ-খোচাৰ চলিল যদিও কোনো শুংসূত্ৰ নাপালে । তেওঁলোকে জানিব পাৰিলে যে ঘৰি এৰি পলায়ন কৰিছে কইনাই । তাৰ পাছতেই কইনাৰ দেউতাক আৰু পৰিয়ালৰ লোক আৰক্ষীৰ কাষ চাপে । পৰিয়ালৰ লোক সমস্যাত পৰিল, এই খবৰ দৰা ঘৰক কেনেকৈ জনাই? বহু ভবা-চিন্তা কৰি দৰাৰ দেউতাকক খবৰটো দিলে কইনাৰ দেউতাকে ।
সেইসময়ত বৰযাত্ৰীসহ দৰা কইনাৰ ঘৰলৈ আহিবলৈ সাজু হৈছিল মাত্ৰ । তেনেতে এই খবৰ শুনি সকলো আচৰিত হৈ পৰে । আৰক্ষীয়ে কইনাৰ দেউতাৰ অভিযোগৰ ভিত্তিত গোচৰ দাখিল কৰিছে । আৰক্ষীয়ে মেনুৱে আৰু ইলেক্ট্ৰিক চাৰ্ভিলেঞ্চৰ দ্বাৰা যুৱতীগৰাকীৰ সন্ধান চলাই আছে যদিও বৰ্তমানলৈকে কোনো সন্ধান লাভ কৰা নাই ।
বিহাৰৰ কেমুৰৰ চৈনপুৰ থানাৰ অন্তৰ্গত হাটা চহৰত সংঘটিত হৈছে এই ঘটনা । আপুনি নিশ্চয় ‘শাদী মেঁ জৰুৰ আনা’ ছবিখন চাইছে । হাটা চহৰত যেন বাস্তৱত ঘটিল সেই চিনেমাখনত দেখুওৱা কইনা পলাই যোৱাৰ ঘটনাটো ।