কংগ্ৰেছৰ অন্যায় সিন্ধু জল চুক্তি, এতিয়া কৃষকে পাব ন্যায়! দেশবাসীৰ মাজত প্ৰচাৰৰ পদক্ষেপ কেন্দ্ৰৰ

জনসাধাৰণৰ মাজত সিন্ধু জল চুক্তি সন্দৰ্ভত এক প্ৰচাৰ কাৰ্যসূচী চলোৱাৰ বাবে সাজু হৈছে চৰকাৰে। এই কাৰ্যসূচীৰ জৰিয়তে সিন্ধু জল চুক্তি কিয় স্থগিত ৰখা হ’ল আৰু এই পদক্ষেপৰ দ্বাৰা ভাৰতে নিজাকৈ কি কি সুবিধা লাভ কৰিব পাৰে, সেই বিষয়ে জনসাধাৰণৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰা হ’ব।

কংগ্ৰেছৰ অন্যায় সিন্ধু জল চুক্তি, এতিয়া কৃষকে পাব ন্যায়! দেশবাসীৰ মাজত প্ৰচাৰৰ পদক্ষেপ কেন্দ্ৰৰ

সিন্ধু জল চুক্তি সন্দৰ্ভত চৰকাৰৰ বিশেষ পদক্ষেপ

Published: 

30 Jun 2025 14:37 PM

জম্ম-কাশ্মীৰৰ পহলগামত সংঘটিত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ভাৰতে বাতিল কৰে পাকিস্তানৰ সৈতে কৰা সিন্ধু জল চুক্তি। ভাৰতৰ এই তাৎক্ষণিক পদক্ষেপ পাকিস্তানৰ বিৰুদ্ধে অত্যন্ত শক্তিশালী কূটনৈতিক সিদ্ধান্ত হিচাপে বিবেচিত হৈছে। এতিয়া চৰকাৰে জনসাধাৰণৰ মাজত এই চুক্তি সন্দৰ্ভত এক প্ৰচাৰ কাৰ্যসূচী চলোৱাৰ বাবে সাজু হৈছে। এই কাৰ্যসূচীৰ জৰিয়তে সিন্ধু জল চুক্তি কিয় স্থগিত ৰখা হ’ল আৰু এই পদক্ষেপৰ দ্বাৰা ভাৰতে নিজাকৈ কি কি সুবিধা লাভ কৰিব পাৰে, সেই বিষয়ে জনসাধাৰণৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰা হ’ব।

দেশৰ জনসাধাৰণতে সিন্ধু জল চুক্তিক অন্যায় হিচাপে বিবেচনা কৰে, সেই উদ্দেশ্যেই চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। তথ্য অনুসৰি এই কাৰ্যসূচীৰ জৰিয়তে বিশেষকৈ এই চুক্তিৰ পানী ভৱিষ্যতে উত্তৰ ভাৰতৰ যিকেইখন ৰাজ্যত ব্যৱহাৰ কৰাৰ সম্ভাৱনা আছে, সেই ৰাজ্যসমূহলৈ এক বাৰ্তা প্ৰেৰণ কৰা হ’ব। এই কাৰ্যসূচী জম্মু-কাশ্মীৰ, ৰাজস্থান, পঞ্জাৱ, হাৰিয়ানাৰ দৰে ৰাজ্যৰ পৰা আৰম্ভ হ’ব বুলি জানিব পৰা গৈছে।

প্ৰকাশিত খবৰ অনুসৰি বহুকেইজন জ্যেষ্ঠ কেন্দ্ৰীয় মন্ত্ৰীক এই প্ৰচাৰ কাৰ্যসূচীৰ জৰিয়তে জনসাধাৰণৰ মাজলৈ বাৰ্তা প্ৰেৰণৰ দায়িত্ব দিয়া হৈছে। এই কেন্দ্ৰীয় মন্ত্ৰীসকলে অতি সহজ ভাষাত ৰাইজৰ মাজলৈ গৈ এই সন্ধি স্থগিত ৰখাৰ উদ্দেশ্যে আৰু ভৱিষ্যতে ইয়াৰ পৰা ভাৰতে লাভ কৰিব পৰা উপকাৰৰ বিষয়ে বাখ্যা দাঙি ধৰিব। কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহান, জল শক্তি মন্ত্ৰী চি আৰ পাটিল আৰু পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱকে ধৰি বহুকেইজন মন্ত্ৰীয়ে এই কাৰ্যসূচীত অংশ ল’ব।

তথ্য অনুসৰি জনসাধাৰণে চুক্তিখন বাতিল কৰাৰ সুফল সহজে বুজিব পৰাকৈ হিন্দী, ইংৰাজী, পাঞ্জাৱী আদি ভাষাত পুস্তিকাও প্ৰস্তুত কৰা হৈছে। পুস্তিকাখনৰ জৰিয়তে এফালে কৃষকসকলক তেওঁলোকৰ পথাৰ আৰু শস্যৰ বাবে এতিয়া পানীৰ অভাৱ নহ’ব বুলি কোৱা হ’ব আৰু আনফালে সাধাৰণ লোকসকলক এই পানী ব্যৱহাৰ কৰি বিদ্যুৎ উৎপাদনৰ সম্ভাৱনা যে অধিক হ’ব, সেই বিষয়ে কোৱা হ’ব।

ইফালে কংগ্ৰেছ চৰকাৰে ১৯৬০ চনত এই চুক্তি কৰি ভাৰতৰ কৃষকৰ লগত অন্যায় কৰিছিল আৰু লগতে ভাৰতৰ পানী তথা ধন চুক্তিৰ অধীনত পাকিস্তানক দিছিল বুলিও জনসাধাৰণৰ মাজত উল্লেখ কৰা হ’ব। উল্লেখ্য যে ভাৰতে সিন্ধু নদীৰ পানীৰ উন্নত ব্যৱহাৰ কৰাৰ বাবে দীৰ্ঘম্যাদী কৌশল প্ৰস্তুত কৰিছে। ইয়াৰ ভিতৰত আছে ১৬০ কিলোমিটাৰ দৈৰ্ঘ্যৰ খাল নিৰ্মাণ যাতে চেনাবক ৰবি, বিয়াছ আৰু ছটলেজ নদী ব্যৱস্থাৰ সৈতে সংযোগ কৰিব পৰা যায়।

এইদৰে জম্মু-কাশ্মীৰৰ পৰা পঞ্জাৱ, হাৰিয়ানা আৰু ৰাজস্থানলৈ পানী কঢ়িয়াই নিয়াৰ পৰিকল্পনা কৰা হৈছে। একেদৰে চৰকাৰে ৰাজস্থানৰ শ্ৰীগংগানগৰৰ সৈতে সিন্ধুৰ পানী সংযোগ কৰাৰ পৰিকল্পনা কৰিছে আৰু তিনি বছৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ইয়াৰ বাবে জম্মু-কাশ্মীৰ, পঞ্জাৱ, হাৰিয়ানা আৰু ৰাজস্থানৰ ১৩টা বৰ্তমানৰ খাল ব্যৱস্থা সংযোগ কৰা হ’ব। ইয়াৰ ফলত এই অঞ্চলসমূহত পানীৰ সমস্যা দূৰ কৰাৰ লগতে ভাৰতে নিজ দেশৰ পানী একচেটিয়াকৈ ব্যৱহাৰ কৰিবলৈ সক্ষম হ’ব।

মৃতকৰ ভোজ খোৱা ভাল নে বেয়া? ক'লে প্ৰেমানন্দ মহাৰাজে...
নিমিষতে নাইকীয়া হ'ব শুকান কাহ, গ্ৰহণ কৰক এইসমূহ ঘৰুৱা উপায়...
গ্ৰীষ্মকালত গেছৰ সমস্যাৰ পৰা উপশম পাবলৈ খাওক এইবোৰ ফল
ছালৰ যত্নৰ পৰা বাচনৰ দাগ আঁতৰ কৰালৈ,,, কণীৰ বাকলিৰ উপকাৰিতা...