আজৱ ঘটনা! ৪১ বাৰকৈ সাপে কামুৰিলে এগৰাকী যুৱতীক, চিকিৎসকে ক’লে- প্ৰতিবাৰেই…
যুৱতীগৰাকীক চিকিৎসা কৰা চিকিৎসকসকলে কয় যে চিকিৎসাৰ দৃষ্টিকোণৰ পৰা এনে পৰিস্থিতি বিৰল। যদিও এই মুহূৰ্তত ছোৱালীজনীৰ স্বাস্থ্য সুস্থিৰ বুলি কোৱা হৈছে, কিন্তু পৰিয়ালে ইয়াক অলৌকিক ঘটনা বুলি গণ্য কৰিছে। একে সময়তে এই ছোৱালীজনীক কিয় বাৰে বাৰে সাপে লক্ষ্য কৰি আছে সেই কথাও গাঁৱত চৰ্চাৰ বিষয় হৈ পৰিছে।

উত্তৰ প্ৰদেশৰ বাৰাবংকি জিলাত সংঘটিত হৈছে এক আজৱ কাণ্ড। যিয়ে পৰিয়ালৰ লোকৰ লগতে চিকিৎসক আৰু গাঁওবাসীক আচৰিত কৰি তুলিছে। জৱাহৰপুৰ গাঁৱৰ এগৰাকী যুৱতীক এতিয়ালৈকে ৪১ বাৰ সাপে কামুৰিছে যদিও প্ৰতিবাৰেই চিকিৎসাৰ অন্তত প্ৰাণ ৰক্ষা পৰে। পৰিয়ালৰ লোকে দাবী কৰে যে সাপটোৱে বাৰে বাৰে কেৱল এই ছোৱালীজনীক লক্ষ্য কৰি লয়, আনহাতে ই কেতিয়াও পৰিয়ালৰ বাকী সদস্যসকলৰ ক্ষতি নকৰে।
বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৫ বজাত পুনৰ সাপে দংশন কৰে গাঁওখনৰ বাসিন্দা মুনাভৱাৰ আলীৰ কন্যা ৰহমাতুল বানোক। পৰিয়ালৰ লোকে ততাতৈয়াকৈ কমিউনিটি হেল্থ চেণ্টাৰ দেৱালৈ লৈ যায় আৰু শুকুৰবাৰে সন্ধিয়া ৬:৩৫ বজাত তেওঁক ভৰ্তি কৰা হয়। কিশোৰীগৰাকীক অচেতন অৱস্থাত চিকিৎসকৰ তত্বাৱধানত ৰখা হৈছে।
ভুক্তভোগীৰ ভাতৃ আজাদে কয় যে “ইয়াৰ আগতে মোৰ ভগ্নীক বিভিন্ন সময়ত ৪০ বাৰ সাপে কামুৰিছে। আমি চিকিৎসাৰ বাবে লক্ষ্ণৌৰ ৰাম মনোহৰ লোহিয়া হাস্পতাল এণ্ড ট্ৰমা চেণ্টাৰলৈ লৈ গৈছিলো, কিন্তু প্ৰতিবাৰেই তেওঁ বাচি গৈছিল। এইটো কিতাপ বা কাহিনী যেন লাগিব পাৰে, কিন্তু এয়া আমাৰ বাস্তৱ।”
ইফালে যুৱতীগৰাকীক চিকিৎসা কৰা চিকিৎসকসকলে কয় যে, চিকিৎসাৰ দৃষ্টিকোণৰ পৰা এনে পৰিস্থিতি বিৰল। যদিও এই মুহূৰ্তত ছোৱালীজনীৰ স্বাস্থ্য সুস্থিৰ বুলি কোৱা হৈছে, কিন্তু পৰিয়ালে ইয়াক অলৌকিক ঘটনা বুলি গণ্য কৰিছে। একে সময়তে এই ছোৱালীজনীক কিয় বাৰে বাৰে সাপে লক্ষ্য কৰি আছে সেই কথাও গাঁৱত চৰ্চাৰ বিষয় হৈ পৰিছে। চিকিৎসালয়খনৰ অধীক্ষকে কয় যে এই ছোৱালীজনীক বহুবাৰ আমাৰ ওচৰলৈ অনা হৈছে।
তেওঁ কয় যে, প্ৰতিবাৰেই ছোৱালীজনীৰ পৰিয়ালৰ লোকে সাপে কামোৰাৰ কথা কয়, কিন্তু এগৰাকী ছোৱালীয়ে ৪১ বাৰ সাপে কামোৰাটোৱে মনত সন্দেহৰ সৃষ্টি কৰে।