“অবকী বাৰ মোদী চৰকাৰ”ৰ পৰা “মোদীৰ গ্যাৰাণ্টী”লৈ, জনপ্ৰিয় নেতা হিচাপে মোদীৰ যাত্ৰা…
বিশ্লেষকৰ মতে, ২০২৪ চনত তৃতীয়বাৰৰ বাবে দেশৰ নেতৃত্ব লোৱা প্ৰধানমন্ত্ৰী মোদীক এগৰাকী শক্তিশালী নেতা হিচাপে গঢ়ি তুলিলে দেশৰ জনসাধাৰণে। ইয়াৰ আঁৰত আছিল ভাৰতীয় জাতীয়তাবাদ আৰু প্ৰগতিৰ সঠিক মিশ্ৰণ।

নৰেন্দ্ৰ মোদী
বুধবাৰে ৭৫ বছৰ সম্পূৰ্ণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কেন্দ্ৰত ভাৰতৰ দ্বিতীয় সৰ্বাধিক দীৰ্ঘদিনীয়া প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱা মোদীয়ে ইতিমধ্যে এক ঐতিহাসিক মাইলৰ খুঁটি অতিক্ৰম কৰিছে। বিশ্লেষকৰ মতে, ২০২৪ চনত তৃতীয়বাৰৰ বাবে দেশৰ নেতৃত্ব লোৱা প্ৰধানমন্ত্ৰী মোদীক এগৰাকী শক্তিশালী নেতা হিচাপে গঢ়ি তুলিলে দেশৰ জনসাধাৰণে। ইয়াৰ আঁৰত আছিল ভাৰতীয় জাতীয়তাবাদ আৰু প্ৰগতিৰ সঠিক মিশ্ৰণ।
নৰেন্দ্ৰ মোদীৰ প্ৰধানমন্ত্ৰীৰ আসনলৈ এই যাত্ৰা আৰম্ভ হৈছিল ২০১৩ চনৰ ছেপ্টেম্বৰ মাহত। সেই সময়ত ৰাষ্ট্ৰীয় ৰাজনীতিত এই নিৰ্ণায়ক পৰিৱৰ্তন দেখা গৈছিল। সন্মুখত আছিল ২০১৪ চনৰ লোকসভা নিৰ্বাচন। দেশৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে আনুষ্ঠানিকভাৱে নৰেন্দ্ৰ মোদীৰ নাম ঘোষণা কৰিছিল বিজেপিয়ে। ইয়াৰ পাছতে সমগ্ৰ দেশত দেখা গ’ল মোদীৰ ঢৌ।
নৰেন্দ্ৰ মোদী
সেই সময়ত কংগ্ৰেছ অৱস্থা একেবাৰে বেয়া। দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু অৰ্থনৈতিক মন্দাৱস্থা আদি ইচ্যুবোৰে আগুৰি ধৰিছিল কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এক। এনে পৰিস্থিতিত দেশৰ জনসাধাৰণৰ বাবে নৰেন্দ্ৰ মোদী এজন শক্তিশালী আৰু দক্ষ বিকল্প নেতা হিচাপে পৰিগণিত হয়।
এই বিপুল গণ সমৰ্থনেৰে ২০১৪ চনৰ লোকসভা নিৰ্বাচনী যুঁজত নামি পৰে বিজেপি। দেশত মোদীৰ ঢৌ। সেই সময়তে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ শ্লোগান আছিল “অবকী বাৰ মোদী চৰকাৰ” আৰু “আচ্ছে দিন আনে ৱালে হ্যে”। সেই মতে, দেশৰ জনসাধাৰণে কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ চৰকাৰৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ পৰা মুক্ত হোৱাৰ আশাৰে আস্থা ৰাখিছিল মোদীৰ ওপৰত। ফলত বিজেপিয়ে ২৮২খন আসন লাভ কৰিলে। সংসদত নিজাববীয়াকৈ প্ৰথমবাৰৰ সংখ্যাগৰিষ্ঠতা লাভ কৰিলে বিজেপিয়ে আৰু নৰেন্দ্ৰ মোদী প্ৰথমবাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হ’ল।
অসমৰ মখ্যমন্ত্ৰীৰ সৈতে নৰেন্দ্ৰ মোদী
একেদৰে ২০১৯ চনত দেশৰ জনসাধাৰণে দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ সুযোগ দিলে নৰেন্দ্ৰ মোদীক। সেইবাৰো এনডিএ তথা বিজেপিৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী আছিল নৰেন্দ্ৰ মোদী। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰচাৰৰ শ্লোগান আছিল “ফিৰ এক বাৰ মোদী চৰকাৰ” আৰু “মোদী হ্যে তো মোমকিন হ্যে”। এই দুয়োটা শ্লোগানৰ জৰিয়তে দেশৰ ভোটাৰ ৰাইজৰ আস্থা লাভ আৰু তেওঁলোকক সংগঠিত কৰি ৰখাত সফল হ’ল বিজেপি। পৰিণতিত দলটোৱে ৩০৩খন আসন লাভ কৰি অধিক সংখ্যাগৰিষ্ঠতাৰে পুনৰ ক্ষমতালৈ আহে আৰু দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হয় নৰেন্দ্ৰ মোদী।
ইয়াৰ পাছত ২০২৪ চনৰ লোকসভা নিৰ্বাচন আহিল। “মোদীৰ গ্যাৰাণ্টী”লৈ নিৰ্বাচনী যুঁজত নামিল বিজেপি। কিন্তু এই নিৰ্বাচনটো আছিল বিজেপিৰ বাবে প্ৰত্যাহ্বানমূলক। বিজেপিৰ লক্ষ্য আছিল ৪০০ আসন অতিক্ৰম কৰাৰ। যোৱা দুটা নিৰ্বাচনত লাভ কৰা বৃহৎ জয়ে বিজেপি দলটোক ৪০০ আসন লক্ষ্য নিৰ্ধাৰণত উৎসাহিত কৰিলে। বিজেপিৰ শ্লোগান আছিল “অব কী বাৰ ৪০০ পাৰ”। ইয়াৰ সমান্তৰালভাৱে বিজেপিয়ে দিছিল মোদীৰ নিশ্চয়তা।
নৰেন্দ্ৰ মোদী
এইবাৰে মোদীৰ জনপ্ৰিয়তাই বৰ বিশেষ কাম নিদিলে। ২০২৪ চনৰ নিৰ্বাচনটোত বিজেপিয়ে মাত্ৰ ২৪০ খন আসন লাভ কৰে। যাৰ বাবে মিত্ৰ দলসমূহৰ ওপৰত অধিক নিৰ্ভৰ কৰিবলগীয়া হ’ল বিজেপিয়ে। অৱশেষত এনডিএয়ে চৰকাৰ গঠন কৰিলেও শক্তিশালী অৱস্থান লোৱাত সক্ষম হ’ল বিৰোধী। কিন্তু তৃতীয়বাৰৰ প্ৰধানমন্ত্ৰী হোৱাৰ পৰা কোনোৱে ৰখাব নোৱাৰিলে নৰেন্দ্ৰ মোদীক।
নিৰ্বিবাদে নেতা হিচাপে নৰেন্দ্ৰ মোদীক সমৰ্থন কৰিলে সকলো বিৰোধীয়ে। এইদৰে ভাৰতৰ দ্বিতীয় সৰ্বাধিক দীৰ্ঘদিনীয়া প্ৰধানমন্ত্ৰী হোৱালৈ নৰেন্দ্ৰ মোদীৰ প্ৰতি সমৰ্থন অক্ষত থাকিল।