কি হৈছিল নিশা? পত্নী -সন্তানসহ উদ্ধাৰ একেটা পৰিয়ালৰ ৪টা মৃতদেহ…

এক ভয়ংকৰ কাণ্ডই জোকাৰি গৈছ এটা অঞ্চল। আজি পুৱা একেটা পৰিয়ালৰ ৪ জন সদস্যৰ মৃতদেহ উদ্ধাৰ হয়। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

কি হৈছিল নিশা? পত্নী -সন্তানসহ উদ্ধাৰ একেটা পৰিয়ালৰ ৪টা মৃতদেহ...

নিমিষতে শেষ এটা পৰিয়াল

Published: 

23 Nov 2025 | 01:35 PM

এক ভয়ংকৰ কাণ্ডই জোকাৰি গৈছে এটা অঞ্চল। দেওবাৰ (২৩ নৱেম্বৰ)য়ে পুৱা এটা ঘৰত উদ্ধাৰ হয় একেটা পৰিয়ালৰ ৪ জন সদস্যৰ মৃতদেহ। নিহতসকলৰ ভিতৰত আছে স্বামী, স্ত্ৰী আৰু তেওঁলোকৰ দুই কিশোৰ সন্তান । এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডৰ ডুমুকা জিলাৰ হান্সডিহা থানা এলেকাৰ অন্তৰ্গত বৰদেহী গাঁৱত। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

ঘটনা সন্দৰ্ভত লাভ কৰা তথ্য অনুসৰি, আজি পুৱা বীৰেন্দ্ৰ মাঞ্জি, তেওঁৰ পত্নী, এটি কন্যা সন্তান আৰু এটি  পুত্ৰ সন্তানৰ মৃতদেহ ৰহস্যজনক পৰিস্থিতিত উদ্ধাৰ হয়। ঘৰৰ ভিতৰত পত্নী আৰু সন্তান দুটিৰ মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে ঘৰৰ কিছু দূৰৈত থকা পথাৰত স্বামী বীৰেন্দ্ৰ মাঞ্জিৰ মৃতদেহ উদ্ধাৰ হয়।

জানিব পৰা মতে, বীৰেন্দ্ৰ মাঞ্জিয়ে নৃশংসতাৰ সকলো সীমা অতিক্ৰম কৰি প্ৰথমে পত্নী আৰু দুই সন্তানক হত্যা কৰে, আৰু পাছত নিজে পথাৰলৈ গৈ জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰে। অৱশ্যে এয়া সন্দেহ কৰিছে স্থানীয় ৰাইজে। মৰণোত্তৰ পৰীক্ষা আৰু তদন্তৰ অন্তত মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব।

স্থানীয় লোকে জনাই যে, বীৰেন্দ্ৰ আছিল এজন মাছ বেপাৰী। মাত্ৰ দুদিন পূৰ্বে তেওঁ শহুৰেকৰ ঘৰৰ পৰা পত্নী আৰু সন্তানৰ সৈতে উভতি আহিছিল। কিন্তু তাৰ পাছতে দেওবাৰে পুৱা আটাইকেইজনৰ মৃতদেহ উদ্ধাৰ হয়। স্থানীয় লোকে ঘৰৰ ভিতৰত প্ৰথমে মহিলাগৰাকী আৰু সন্তান দুটিৰ মৃতদেহ প্ৰত্যক্ষ কৰে। তাৰ কিছু সময় পাছতেই বীৰেন্দ্ৰৰ মৃতদেহ পথাৰত উদ্ধাৰ হয়।

স্থানীয় লোকে জনোৱা অনুসৰি, যোৱা কিছুদিনৰ পৰা স্বামী-স্ত্ৰীৰ মাজত বিবাদ চলি আছিল। সম্ভৱতঃ এই বিবাদৰ পৰিণতিতে বীৰেন্দ্ৰই প্ৰমে পত্নী- সন্তানক হত্যা কৰে আৰু পাছত নিজে চৰম সিদ্ধান্ত গ্ৰহণ কৰে। ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।

 

অন্য খবৰ পঢ়কঃ পুত্ৰ বগা আৰু ধুনীয়া হোৱাৰ বাবে স্বামীৰ সন্দেহ! নিশা পত্নীৰ লগত সংঘটিত গাৰ নোম শিয়ৰি উঠা কাণ্ড…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...