শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বিধানসভাত পেঞ্চনৰ বাবে আবেদন প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ, অনুমোদন হ’লেই পাব ইমান ধন

ইতিমধ্যে প্ৰাক্তন উপ-ৰাষ্ট্ৰপতিগৰাকীৰ পেঞ্চনৰ আবেদনৰ কথা নিশ্চিত কৰিছে বিধানসভাৰ অধ্যক্ষই। এই আবেদন অনুমোদন হ’লে প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে বিধানসভাৰ বিধায়কসকলে লাভ কৰা নিৰ্দিষ্ট পৰিমাণৰ পেঞ্চন লাভ কৰিব।

বিধানসভাত পেঞ্চনৰ বাবে আবেদন প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ, অনুমোদন হ’লেই পাব ইমান ধন
পেঞ্চনৰ বাবে আবেদন কৰিছে জগদীপ ধনখড়েImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 30 Aug 2025 14:50 PM

যোৱা ২২ জুলাইত আকস্মিকভাৱে দেশৰ উপ-ৰাষ্ট্ৰপতি পদ ত্যাগ কৰিছিল জগদীপ ধনখড়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হাতত দিয়া নিজ পদত্যাগ পত্ৰত জগদীপ ধনখড়ে স্বাস্থ্যজনিত কাৰণত এই সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰিছিল লক্ষণীয়ভাৱে পদত্যাগৰ পিছৰে পৰা প্ৰাক্তন উপৰাষ্ট্ৰগৰাকীয়ে ৰাজহুৱাকৈ আত্মপ্ৰকাশ কৰা নাই পদত্যাগৰ পিছত জগদীপ ধনখড়ে কোনো ধৰণৰ মন্তব্যও প্ৰকাশ কৰা নাই ইফালে ধনখড়ৰ পদত্যাগ আৰু তাৰ পিছৰে পৰা তেওঁ ৰাজহুৱা আত্মপ্ৰকাশৰ পৰা বিৰত থকাক লৈ কংগ্ৰেছসহ বিৰোধীয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে।

এনে ক্ৰিয়াপ্ৰতিক্ৰিয়াৰ মাজতে এতিয়া জগদীপ ধনখড়ে ৰাজস্থান বিধানসভাত পেঞ্চনৰ বাবে আবেদন কৰিছে। বিধানসভা সচিবালয়ে ইতিমধ্যে জগদীপ ধনখড়ৰ আবেদন অনুমোদনৰ প্ৰক্ৰিয়া আৰম্ভ কৰা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে জগদীপ ধনখড়ে ১৯৯৩ চনত কংগ্ৰেছৰ টিকটত কিশনগড় আসনৰ পৰা ৰাজস্থান বিধানসভালৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।

ৰাজস্থান বিধানসভাৰ অধ্যক্ষ বাসুদেৱ দেৱনানীয়ে ইতিমধ্যে প্ৰাক্তন উপ-ৰাষ্ট্ৰপতিগৰাকীৰ পেঞ্চনৰ আবেদনৰ কথা নিশ্চিত কৰিছে আৰু এই আবেদনৰ কাৰ্য প্ৰক্ৰিয়া অব্যাহত আছে বুলি সদৰী কৰে। এই আবেদন অনুমোদন লে প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে ৰাজস্থান বিধানসভাৰ বিধায়কসকলে লাভ কৰা নিৰ্দিষ্ট পৰিমাণৰ পেঞ্চন লাভ কৰিব

তথ্য অনুসৰি, ৰাজস্থানত এগৰাকী প্ৰাক্তন বিধায়কে পেঞ্চন হিচাপে ৩৫ হাজাৰ টকা লাভ কৰে। যদি প্ৰাক্তন বিধায়কজনৰ বয়স ৭০ বছৰৰ অধিক হয়, তেতিয়া তেওঁ ২০% অতিৰিক্ত পেঞ্চন আৰু ৮০ বছৰ বয়সত ৩০% অতিৰিক্ত পেঞ্চন লাভ কৰে বৰ্তমান জগদীপ ধনখড়ৰ বয়স ৭৪ বছৰ, গতিকে ২০% অতিৰিক্ত পেঞ্চনৰ সৈতে তেওঁ প্ৰায় ৪২ হাজাৰ টকাৰ পেঞ্চন লাভ কৰিব।

উল্লেখ্য যে ধনখড়ে ৰাজনৈতিক জীৱনত বহু পদত অধিষ্ঠিত হৈ আহিছে। ১৯৮৯ চনৰ পৰা ১৯৯১ চনলৈ তেওঁ ঝুনঝুনু লোকসভা সমষ্টিৰ পৰা জনতা দলৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল ১৯৯৩ চনত তেওঁ কংগ্ৰেছৰ পৰা কিশনগড়ৰ বিধায়ক নিৰ্বাচিত হয়। ইয়াৰ পিছত ২০১৯ চনৰ পৰা ২০২২ চনলৈ তেওঁ পশ্চিম বংগৰ ৰাজ্যপাল আৰু ২০২২ চনৰ পৰা ২০২৫ চনলৈ ভাৰতৰ উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।