শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Assam News: অমিত শ্বাহৰ অসম ভ্ৰমণৰ পৰা নৰেন্দ্ৰ মোদীৰ জাপান ভ্ৰমণলৈ দিনটোৰ শীৰ্ষ খবৰ

Manas Borah
Manas Borah | Published: 30 Aug 2025 00:00 AM

আজি বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। গুৱাহাটীত ৰাজভৱনৰ নৱনিৰ্মিত ব্ৰহ্মপুত্ৰ উইং উদ্বোধন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। লগতে চাওক দিনটোৰ শীৰ্ষ খবৰ

গুৱাহাটীত ৰাজভৱনৰ নৱনিৰ্মিত ব্ৰহ্মপুত্ৰ উইং উদ্বোধন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। ইয়াৰ লগতে ৪৫ কোটি টকা ব্যয় সাপেক্ষে দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত স্থাপন কৰা ৰাষ্ট্ৰীয় চাইবাৰ ফৰেনছিক লেবৰেটৰীও ভাৰ্চুৱেলী উদ্বোধন কৰে অমিত শ্বাহে। ইয়াৰ লগতে আন কেবাটাও প্ৰকল্পৰ শুভাৰম্ভ আৰু শিলান্যাস কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।

গুৱাহাটীৰ পৰাই ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ অমিত শ্বাহৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ প্ৰয়াত মাতৃ সন্দৰ্ভত কৰা কটু মন্তব্যৰ বাবে ৰাহুলক ক্ষমা খুজিবলৈ কয় গৃহমন্ত্ৰীগৰাকীয়ে। তাৰোপৰি ৰাহুল গান্ধীয়ে দেশত ঘৃণাৰ ৰাজনীতি আৰম্ভ কৰিছে বুলিও অভিযোগ কৰে শ্বাহে। ৰাহুলৰ ভোটাৰ অধিকাৰ যাত্ৰাক ঘুচপেঠী বাচাও অভিযান বুলি কটাক্ষ।

লগতে চাওক দিনটো শীৰ্ষ খবৰ