বাঘ খেদিবলৈ যাওঁতেই একে জাঁপে কামুৰিলে বনকৰ্মীৰ ডিঙিত…তাৰ পিছত কি হ’ল ?

বাঘ আৰু বনকৰ্মীৰ মাজত ভয়ংকৰ সংঘাত । বাঘৰ মুখত পৰি গুৰুতৰভাৱে আহত বনকৰ্মী । একে জাঁপে বনকৰ্মীৰ ডিঙিত কামুৰিলে বনৰজাই । চাওক সবিশেষ-

বাঘ খেদিবলৈ যাওঁতেই একে জাঁপে কামুৰিলে বনকৰ্মীৰ ডিঙিত...তাৰ পিছত কি হল ?

বাঘৰ আক্ৰমণ

Published: 

10 Feb 2025 | 02:07 PM

মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত আমাৰ বাবে নতুন বিষয় নহয় । বছৰৰ পাছত বছৰ ধৰি এই সংঘাত বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে । হাতী আৰু মানুহৰ সংঘাত, বাঘ আৰু মানুহৰ সংঘাতৰ উপৰিও আন কেতবোৰ বন্য জীৱৰ সৈতেও মানুহৰ প্ৰায়েই সংঘাত হোৱা দেখা যায় । জনাঞ্চললৈ ওলাই অহা বন্যজীৱ যদি কেতিয়াবা মানুহৰ আক্ৰমণৰ বলি হয়, আন কেতিয়াবা আকৌ বন্যজীৱৰ আক্ৰমণৰ সন্মুখীন হয় মানুহ । এইদৰেই চলি আছে এই সংঘাত । কিন্তু এই সংঘাত ৰোধৰ সুদূৰপ্ৰসাৰী উপায় এতিয়াও মানুহে লাভ কৰা নাই । এই প্ৰতিবেদনত আমি মানুহ আৰু বনৰজাৰ সংঘাতৰ এক কাহিনী বৰ্ণনা কৰিবলৈ লৈছোঁ ।

গাঁওখনত কালি এটা বাঘে বিচৰণ কৰা দেখা পালে ৰাইজে । লগে লগে হৈ-চৈ লাগিল মানুহৰ মাজত । গাঁৱত বাঘ ওলোৱাৰ খবৰ চৌদিশে বিয়পি পৰিল । বাঘৰ ভয়ত আতংকিত হৈ পৰিল গাঁওবাসী । খবৰ দিয়া হ’ল বন বিভাগক । বন বিভাগৰ লোক আহিল । বাঘৰ খোজ অনুসৰণ কৰি এটা স্থানত পতা হ’ল জাল । যাতে বাঘ ধৰিব পাৰে । নাই ৰাতি বাঘ জালত নপৰিল ।

আজি পুৱা বনকৰ্মী নামিল বাঘৰ সন্ধানত । বাঘ বিচাৰি ফুৰোঁতেই এডৰা সৰিয়হৰ মাজৰ পৰা জাঁপ মাৰি ওলাই আহিল বনৰজা । জাঁপ মাৰিয়ে ধৰিলে এজন বনকৰ্মীৰ ডিঙিত । তাৰ পাছত বনজা আৰু বনকৰ্মীৰ মাজত চলিল এখন তয়া-ময়া ৰণ । বনকৰ্মীজনে অপ্ৰাণ চেষ্টা চলালে বাঘৰ কৱলৰ পৰা মুক্ত হ’বলৈ । বাঘেও নেৰা হ’ল বনকৰ্মীক ।

লগত থকা আন দুজনমান বনকৰ্মীৰে লাঠিৰে কোবাই বাঘটোক খেদাবলৈ চেষ্টা কৰিলে । কিন্তু নাই, কোনোমতেই লৰচৰ নহয় বনৰজা । অৱশেষত বহু চেষ্টাৰ মূৰত বাঘৰ কৱলৰ পৰা মুক্ত কৰা হ’ল বনকৰ্মীজনক । গুৰুতৰভাৱে আহত বনকৰ্মীজনক ভৰ্তি কৰোৱা হয় ওচৰৰে এখন হাস্পতালত । বৰ্তমান জীৱন-মৃত্যুৰ সৈতে যুঁজি আছে তেওঁ ।

বনকৰ্মীক এৰি বাঘটো কাষৰে জংঘললৈ যায় । বনকৰ্মীৰ মতে বাঘটোক ধৰিবলৈ হ’লে ট্ৰেংকুলাইজ কৰিব লাগিব । মুকলি পথাৰত বাঘ ধৰাতো অসম্ভৱ । ট্ৰেংকুলাইজ কৰাৰ বাবে কিছু সময়ৰ প্ৰয়োজন হ’ব । কিন্তু এই সময়ৰ ভিতৰত বাঘটোৱে আৰু কোনো লোকক আক্ৰমণ কৰিব পাৰে বুলি শংকিত হৈছে গাঁওবাসী । এই ঘটনাটো সংঘটিত হৈছে পশ্চিমবংগৰ মৈপীঠত ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...