বিপদত লালু পুত্ৰ তেজস্বী! ৰুজু হ’ল দুটাকৈ গোচৰ, প্ৰধানমন্ত্ৰী সন্দৰ্ভত কৰিছিল এনে পোষ্ট
উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰত তেজস্বী যাদৱৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। মহাৰাষ্ট্ৰৰ গাডচিৰোলিৰ বিজেপি বিধায়ক মিলিন্দ ৰামজী নৰোটেৰ অভিযোগত তেজস্বী যাদৱৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে।

তেজস্বী যাদৱৰ বিৰুদ্ধে গোচৰ ৰুজু
বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা আৰ জে ডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱ পৰিছে বিপদত। মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে তেওঁৰ বিৰুদ্ধে দুখন ৰাজ্যত ৰুজু হৈছে গোচৰ। প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে সামাজিক মাধ্যমত আপত্তিজনক পোষ্ট কৰাৰ অভিযোগত তেজস্বী যাদৱৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰা হৈছে। নিজা সামাজিক মাধ্যম একাউণ্টত এটা কাৰ্টুন শ্বেয়াৰ কৰিছিল তেজস্বী যাদৱে। এই কাৰ্টুনটোত তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ গয়া ৰেলীক ‘জুমলৌ কি দুকান’ বুলি অভিহিত কৰিছিল।
এতিয়া এই পোষ্টৰ বাবে উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰত তেজস্বী যাদৱৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। মহাৰাষ্ট্ৰৰ গাডচিৰোলিৰ বিজেপি বিধায়ক মিলিন্দ ৰামজী নৰোটেৰ অভিযোগত তেজস্বী যাদৱৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে। ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১৯৬(১)(ক)(বি), ৩৫৬(২)(৩),৩৫২,৩৫৩(২) আদি বিভিন্ন ধাৰাত গাডচিৰোলি থানাত এই গোচৰ ৰুজু কৰা হৈছে।
আনহাতে, উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰত ভাৰতীয় জনতা পাৰ্টিৰ মহানগৰ সভাপতি শিল্পী গুপ্তাৰ অভিযোগত তেজস্বী যাদৱৰ বিৰুদ্ধে আন এক গোচৰ ৰুজু কৰা হৈছে। অভিযোগকাৰী শিল্পী গুপ্তাৰ মতে, দেশৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে তেজস্বী যাদৱৰ অশ্লীল মন্তব্যত সমগ্ৰ দেশ ক্ষুব্ধ হৈ পৰিছে আৰু সেয়ে তেজস্বী যাদৱৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা ল’ব লাগে।
উল্লেখ্য যে শুকুৰবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে বিহাৰ ভ্ৰমণৰ সময়ত গয়াত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে গয়াত কালি কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰে। তেজস্বী যাদৱে প্ৰধানমন্ত্ৰী মোদীৰ এই গয়া ভ্ৰমণ সন্দৰ্ভত নিজা ছ’চিয়েল মিডিয়া একাউণ্টত এটা কাৰ্টুন শ্বেয়াৰ কৰিছিল।
आज गया में लगेगी झूठ और जुमलों की दुकान!
प्रधानमंत्री जी, गया में बिना हड्डी की जुबान से आज झूठ और जुमलों का हिमालय खड़ा करेंगे लेकिन बिहार के न्यायप्रिय जनता दशरथ मांझी की तरह उनके झूठ और जुमलों के इन विशाल पहाड़ों को तोड़ देगी।
11 साल अपनी और 20 वर्षों की एनडीए सरकार के 20… pic.twitter.com/X1KRhb80pY
— Tejashwi Yadav (@yadavtejashwi) August 22, 2025
এই কাৰ্টুনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গয়া ৰেলীক “বয়ানবাজী কি দুকান” বুলি অভিহিত কৰে। এক্সত শ্বেয়াৰ কৰা এই পোষ্টটোত প্ৰধানমন্ত্ৰী মোদীক দোকানী হিচাপে দেখুওৱা হৈছে। দোকানখনৰ চাইনবৰ্ডত লিখা আছে, “বয়ানবাজী কি মহশূৰ দুকান”। ইয়াৰ লগতে দিয়া এটা পোষ্টত তেজস্বী যাদৱে মোদীক বিহাৰত ২০ বছৰীয়া এন ডি এৰ লগতে তেওঁৰ ১১ বছৰীয়া শাসনৰ হিচাপ দিবলৈ দাবী কৰে।
তেজস্বীয়ে লিখিছে, “আজি গয়াত মিথ্যাচাৰ আৰু মিছা প্ৰতিশ্ৰুতিৰ দোকান এখন স্থাপন কৰা হ’ব! প্ৰধানমন্ত্ৰী মহোদয়, আজি গয়াত আপুনি আপোনাৰ হাড়বিহীন জিভাৰে মিথ্যাচাৰ আৰু মিছা প্ৰতিশ্ৰুতিৰে হিমালয় সৃষ্টি কৰিব, কিন্তু বিহাৰৰ ন্যায়প্ৰেমী ৰাইজে দশৰথ মাঝীৰ দৰে আপোনাৰ মিথ্যাচাৰ আৰু মিছা প্ৰতিশ্ৰুতিৰ এই বিশাল পাহাৰ ধ্বংস কৰিব।”