ফুচকাৰ লোভ হৈ পৰিল কালমৃত্যুৰ কাৰণ! দুই পুত্ৰ সন্তানৰ লগতে প্ৰাণ হেৰুৱালে পিতৃয়ে

মৃতকৰ পৰিয়ালে জানিবলৈ দিয়া মতে তিনিওজনেই নিশা মেলা চাবলৈ গৈছিল। মেলা দৰ্শন কৰি থাকোঁতে তেওঁলোকে সেই স্থানতে এখন দোকানত ৰৈ ফুচকা খাইছিল। ইয়াৰ পিছত তেওঁলোক ঘৰলৈ উভতে আৰু একেলগে নিশাৰ আহাৰো গ্ৰহণ কৰে।

ফুচকাৰ লোভ হৈ পৰিল কালমৃত্যুৰ কাৰণ! দুই পুত্ৰ সন্তানৰ লগতে প্ৰাণ হেৰুৱালে পিতৃয়ে

ফুচকা খাই মৃত্যু তিনিজনৰ (প্ৰতিনিধিত্বমূলক ছবি)

Published: 

03 Oct 2025 | 06:35 PM

ফুচকা বহুলোকৰে প্ৰিয় খাদ্যবস্তু পিছে এই ফুচকা হৈ পৰিছে তিনিজন লোকৰ মৃত্যুৰ কাৰণ কালৰূপী ফুচকাই মুহূৰ্ততে এটা পৰিয়াললৈ নমাই আনিছে কাল অমানিশা এই ঘটনা সংঘটিত হৈছে বিহাৰৰ ৰাজধানী পাটনাত মেলা চাবলৈ গৈ ফুচকা খোৱাৰ পিছতে ইজনৰ পিছত সিজন একেটা পৰিয়ালৰ তিনিজন সদস্যই পাটনাত শোকাৱহভাৱে প্ৰাণ হেৰুৱাইছে দুই পুত্ৰৰ লগতে পিতৃয়েও ফুচকা খোৱাৰ পিছতে চিৰদিনৰ বাবে চকু মুদিছে। এই ঘটনাই এতিয়া সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ

প্ৰকাশিত খবৰ অনুসৰি পাটনাৰ পালিগঞ্জত যোৱা নিশা এই লোককেইজন হঠাতে অসুস্থ হৈ পৰে। তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ পিছত প্ৰথম অৱস্থাত স্থানীয় চিকিৎসাৰ চেষ্টা কৰা হৈছিল। কিন্তু পৰিস্থিতি ক্ৰমাৎ অধিক ভয়াৱহ হৈ পৰে আৰু কিছুসময়ৰ পিছতে এটি শিশুৰ মৃত্যু ঘটে।

মৃতকৰ পৰিয়ালে জানিবলৈ দিয়া মতে তিনিওজনেই পালিগঞ্জৰ চণ্ডাউছত এখন মেলা চাবলৈ গৈছিল। মেলা দৰ্শন কৰি থাকোঁতে তেওঁলোকে সেই স্থানতে এখন দোকানত ৰৈ ফুচকা খাইছিল। ইয়াৰ পিছত তেওঁলোক ঘৰলৈ উভতে আৰু একেলগে নিশাৰ আহাৰো গ্ৰহণ কৰে কিন্তু গভীৰ নিশা তিনিওজনে হঠাতে পেটৰ তীব্ৰ বিষ অনুভৱ কৰে

ইয়াৰ পিছতে ক্ৰমাৎ তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটে। এটি সন্তানৰ ঘৰতে মৃত্যু ঘটাৰ পিছত পৰিয়ালৰ লোকে পিতৃ আৰু সৰু পুত্ৰক পালিগঞ্জ মহকুমা চিকিৎসালয়লৈ লৈ যায় অৱশ্যে চিকিৎসালয় কৰ্তৃপক্ষই স্বাস্থ্যৰ দোহাই দি উন্নত চিকিৎসাৰ বাবে পাটনা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে।

কিন্তু আজি পুৱা চিকিৎসাধীন অৱস্থাতে দুই পিতাপুত্ৰৰ মৃত্যু হয়। মৃত লোককেইনক ক্ৰমে পিতৃ নীৰজ ছৌ আৰু তেওঁৰ দুই পুত্ৰ ক্ৰমে নিৰ্মল কুমাৰ (৮) আৰু নিৰ্ভয় কুমাৰ (৪) বুলি চিনাক্ত কৰা হৈছে। মৃত্যুৰ কাৰণ সন্দৰ্ভত এতিয়াও কোনো স্পষ্ট তথ্য প্ৰকাশ কৰা হোৱা নাই। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে প্ৰাথমিক তদন্ত অনুসাৰে খাদ্যৰ বিষক্ৰিয়াৰ ফলত তেওঁলোকৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ পিছতহে সম্পূৰ্ণ ছবি স্পষ্ট হ’ব বুলি অৱশ্যে আৰক্ষীয়ে সদৰী কৰে। এই সন্দৰ্ভত আৰক্ষীয়ে সম্প্ৰতি অধিক তদন্ত অব্যাহত ৰাখিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...