আপুনিও লটাৰী টিকট ক্ৰয় কৰে নেকি? সাৱধান থাকক, হ’ব পাৰে বিপদ…

লটাৰী টিকট ক্ৰয় কৰা একাংশ মানুহৰ চখ। বহুতে ভাগ্য পৰীক্ষা কৰিবলৈ লটাৰী টিকট ক্ৰয় কৰা দেখা যায়। কিন্তু আজিকালি বজাৰত বহু ভুৱা লটাৰী টিকট বিক্ৰী হয় যাৰ বাবে সাৱধান হোৱা ভাল।

আপুনিও লটাৰী টিকট ক্ৰয় কৰে নেকি? সাৱধান থাকক, হব পাৰে বিপদ...

লটাৰী

Updated On: 

10 Dec 2025 | 05:20 PM

বহুতে ভাগ্য পৰীক্ষা কৰিবলৈ লটাৰীৰ টিকট ক্ৰয় কৰে। টিকট ক্ৰয়ৰ পাছতে সকলোৰে মনত এটাই চিন্তা, পুৰস্কাৰ লাভ কৰিবনে নাই? কিন্তু আপুনি ক্ৰয় কৰা লটাৰীটো প্ৰকৃত হয় নে নহয় সেয়া কেতিয়াবা পৰীক্ষা কৰিছেনে? কাৰণত বজাৰত বহু সময়ত ভুৱা লটাৰী টিকট বিক্ৰী হয়। শেহতীয়াকৈ ভুৱা লটাৰী টিকট বিক্ৰী কৰা কাউন্টাৰৰ স্থান উদ্ধাৰ কৰিছে আৰক্ষীয়ে। গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। পশ্চিম বংগৰ পুৰুলীৰ জয়পুৰ থানা এলেকাত সংঘটিত হৈছে এই ঘটনা।

চি আই ডিৰ সূত্ৰ অনুসৰি, জয়পুৰ আৰক্ষী থানাৰ অন্তৰ্গত চকবজাৰৰ বাসিন্দা মন্টু মুডী নামৰ লোকেজনে লটাৰী টিকট বিক্ৰী কৰি আছিল। ইয়াৰ মাজতে চি আই ডিয়ে খবৰ লাভ কৰে যে অঞ্চলটোত ভুৱা লটাৰী টিকট বিক্ৰী কৰি থকা হৈছে। তাৰ পাছতেই সোমবাৰে চোৰাংচোৱা সংস্থাটোৰ বিষয়াসকলে সেই টিকট কাউণ্টাৰত অভিযান চলায়। তালাচীৰ সময়ত উদ্ধাৰ কৰে কেইবাটাও ভুৱা টিকট। ইয়াৰ পিছতে মণ্টু মুডী আৰু তেওঁৰ পুত্ৰ ৰাকেশ মুডীক গ্ৰেপ্তাৰ কৰা হয়।

মঙলবাৰে আটকাধীন লোক দুজনক জিলা আদালতত হাজিৰ কৰোৱা হয়। ন্যায়াধীশে তেওঁলোকক ৪ দিনৰ চি আই ডি জিম্মাত প্ৰেৰণ কৰে। চি আই ডিৰ সূত্ৰ অনুসৰি এই ভুৱা টিকটৰ চক্ৰ সমগ্ৰ জিলাতে বিয়পি পৰিছে। ধৃত লোকসকলক জিম্মাত লৈ তেওঁলোকে এই ভুৱা টিকট ক’ৰ পৰা কিনিলে সেই কথা জানিবলৈ চেষ্টা কৰা হ’ব। ধৃত পিতৃ-পুত্ৰক জেৰা কৰি এই কাণ্ডৰ মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ কৰা হ’ব বুলি চি আই ডিয়ে কয়।

এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বে বিভিন্ন সময়ত ভুৱা লটাৰী টিকট বিক্ৰী কৰাৰ অভিযোগ পোহৰলৈ আহিছে। লটাৰী টিকট ক্ৰয় কৰাৰ পাছত পুৰস্কাৰ লাভ নকৰিলেও কাৰো মনত সন্দেহ নহয়। ভাবি লয়, ভাগ্যই লগ নিদিলে। ইয়াৰে সুযোগ লৈ একাংশই দেশৰ বিভিন্ন প্ৰান্তত এনে কাণ্ড চলাই আহিছে। গতিকে লটাৰী টিকট ক্ৰয় কৰাৰ আগত সাৱধান হোৱা ভাল।

অন্য খবৰ পঢ়কঃ কেতিয়াৰ পৰা বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা আৰু কিমান হ’ব লাভ? জানক সকলো

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...