ইৰাণ আক্ৰমণত আমেৰিকাই ব্যৱহাৰ কৰিছিল নেকি ভাৰতীয় আকাশমাৰ্গ! পোহৰলৈ আহিল সত্য

ইৰাণৰ বিৰুদ্ধে আক্ৰমণ চলাবলৈ আমেৰিকাৰ যুদ্ধ বিমানে ভাৰতীয় আকাশমাৰ্গ ব্যৱহাৰ কৰা বুলি একাংশ লোকে ছ’চিয়েল মিডিয়া যোগে দাবী কৰিছিল। ছ’চিয়েল মিডিয়া হেণ্ডেল যোগে কৰি অহা এনে দাবীক দেওবাৰে ভাৰতে ভুৱা বুলি উল্লেখ কৰি এনে দাবী নাকচ কৰে।

ইৰাণ আক্ৰমণত আমেৰিকাই ব্যৱহাৰ কৰিছিল নেকি ভাৰতীয় আকাশমাৰ্গ! পোহৰলৈ আহিল সত্য

আমেৰিকাই ব্যৱহাৰ কৰা নাছিল ভাৰতৰ আকাশমাৰ্গ

Updated On: 

23 Jun 2025 | 11:17 AM

ইজৰাইল আৰু ইৰাণৰ সামৰিক সংঘৰ্ষই সম্প্ৰতি ধাৰণ কৰিছে অত্যন্ত ভয়ংকৰ ৰূপ। এই সংঘৰ্ষৰ মাজতে আমেৰিকাই ইৰাণৰ তিনিটা পাৰমাণৱিক ঘাটিৰ স্থানত আক্ৰমণ চলাই যুদ্ধৰ পৰিস্থিতি অধিক ভয়ংকৰ কৰি তোলে। ইফালে ইৰাণৰ বিৰুদ্ধে আক্ৰমণ চলাবলৈ আমেৰিকাৰ যুদ্ধ বিমানে ভাৰতীয় আকাশমাৰ্গ ব্যৱহাৰ কৰা বুলি একাংশ লোকে ছ’চিয়েল মিডিয়া যোগে দাবী কৰিছিল। ছ’চিয়েল মিডিয়া হেণ্ডেল যোগে কৰি অহা এনে দাবীক দেওবাৰে ভাৰতে ভুৱা বুলি উল্লেখ কৰি এনে দাবী নাকচ কৰে।

এক্সত এক পোষ্ট যোগে পিআইবি ফেক্ট চেকে এই বিষয়ে সদৰী কৰিছে। পোষ্টটোত পিআইবি ফেক্ট চেকে উল্লেখ কৰিছে যে অপাৰেচন মিডনাইট হামাৰৰ সময়ত ইৰাণৰ বিৰুদ্ধে আক্ৰমণৰ বাবে আমেৰিকাই ভাৰতীয় আকাশমাৰ্গ ব্যৱহাৰ কৰিছিল বুলি কেইবাটাও ছ’চিয়েল মিডিয়া একাউণ্টে দাবী কৰিছে। এই দাবী ভুৱা বুলি পিআইবি ফেক্ট চেকে লগতে স্পষ্ট কৰি দিয়ে।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো (পি আই বি)ৰ ফেক্ট চেক ইউনিটে কয় যে অপাৰেচন মিডনাইট হামাৰৰ সময়ত ভাৰতীয় আকাশমাৰ্গ আমেৰিকাই ব্যৱহাৰ কৰা নাছিল। পিআইবি ফেক্ট চেকে কয়, “কেইবাটাও ছ’চিয়েল মিডিয়া একাউণ্টে দাবী কৰিছে যে অপাৰেচন মিডনাইট হামাৰৰ সময়ত ইৰাণৰ বিৰুদ্ধে আক্ৰমণৰ বাবে আমেৰিকাই ভাৰতীয় আকাশমাৰ্গ ব্যৱহাৰ কৰিছিল। এই দাবী ভুৱা।”

 

পিআইবিৰ এই ফেক্ট চেক ইউনিটে লগতে কয় যে অপাৰেচন মিডনাইট হামাৰৰ সময়ত আমেৰিকাই ভাৰতৰ আকাশমাৰ্গ ব্যৱহাৰ কৰা জইণ্ট চীফ অৱ ষ্টাফৰ অধ্যক্ষ জেনেৰেল ডেন কেনে সংবাদমেলত আমেৰিকাৰ বিমানসমূহে আক্ৰমণৰ বাবে কোন পথ ব্যৱহাৰ কৰিছিল সেই বিষয়ে উল্লেখ কৰা বুলিও পিআইবিৰ এই ফেক্ট চেক ইউনিটে পোষ্টটোত লগতে উল্লেখ কৰে।

উল্লেখ্য যে যোৱা ১৩ জুনৰ পৰা চলি থকা ইজৰাইল আৰু ইৰাণৰ সংঘাতত আমেৰিকাই প্ৰত্যক্ষভাৱে প্ৰৱেশ কৰি শনিবাৰে নিশা ইৰাণৰ তিনিটা পাৰমাণৱিক ঘাটিক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। এই ঘাটিসমূহৰ ভিতৰত আছে ফৰ্ডো, নাটানজ আৰু ইছফাহান। মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ট্ৰুথ ছ’চিয়েলত এই বিষয়ে নিশ্চিত কৰি আক্ৰমণত ফৰ্ডো পাৰমাণৱিক সেৱা এতিয়া সম্পূৰ্ণৰূপে ধ্বংস হৈছে বুলিও দাবী কৰিছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...