Exercise Agni Warrior 2024 : সাহস, ক্ষমতা বৃদ্ধিৰ বাবে ছিংগাপুৰৰ সৈতে ভাৰতৰ যৌথ সামৰিক অনুশীলন…
২০২৪ চনৰ ২৮ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ তিনিদিনীয়াকৈ আয়োজন কৰা হৈছিল ভাৰতীয় সেনা আৰু ছিংগাপুৰ সশস্ত্ৰ বাহিনীৰ এই যৌথ সামৰিক অনুশীলন । এই অনুশীলনত ছিংগাপুৰ আৰ্টিলাৰীৰ ১৮২ জন আৰু ভাৰতীয় সেনাৰ দলটোত আৰ্টিলাৰী ৰেজিমেণ্টৰ ১১৪ জন জোৱানে অংশগ্ৰহণ কৰে ।

যৌথ সামৰিক অনুশীলন অগ্নি ৱাৰিয়ৰৰ ত্ৰয়োদশ সংস্কৰণৰ অন্ত পৰিল। ভাৰতীয় সেনা আৰু ছিংগাপুৰ সশস্ত্ৰ বাহিনীৰ যৌথ সামৰিক অনুশীলন শনিবাৰে দেওলালি (মহাৰাষ্ট্ৰ)ৰ ফায়াৰিং ৰেঞ্জত সামৰণি পৰে। ২০২৪ চনৰ ২৮ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ তিনিদিনীয়াকৈ আয়োজন কৰা হৈছিল ভাৰতীয় সেনা আৰু ছিংগাপুৰ সশস্ত্ৰ বাহিনীৰ এই যৌথ সামৰিক অনুশীলন । এই অনুশীলনত ছিংগাপুৰ আৰ্টিলাৰীৰ ১৮২ জন আৰু ভাৰতীয় সেনাৰ দলটোত আৰ্টিলাৰী ৰেজিমেণ্টৰ ১১৪ জন জোৱানে অংশগ্ৰহণ কৰে ।
XAW-2024 ৰ উদ্দেশ্য আছিল ৰাষ্ট্ৰসংঘৰ চনদৰ অধীনত বহুজাতিক শক্তি হিচাপে অনুশীলন আৰু পদ্ধতিগতভাৱে পাৰস্পৰিক বুজাবুজি বৃদ্ধি কৰা। এই অনুশীলনত দুয়োখন সেনাৰ আৰ্টিলাৰীয়ে যৌথ আক্ৰমণৰ কৌশল, যিকোনো প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাৰ কৌশল আৰু নতুন অস্ত্ৰ-শস্ত্ৰ ব্যৱহাৰ কৌশল প্ৰদৰ্শন কৰে।
Exercise Agni Warrior, #XAW24
The 13th edition of #Exercise Agni Warrior, #XAW24, a bilateral exercise between the #IndianArmy and the Singapore Armed Forces, #SAF is being held at Devlali Field Firing Ranges, #DFFR, #Maharashtra from 28 to 30 November 2024.
The bilateral… pic.twitter.com/0WCWByhlC8
— ADG PI – INDIAN ARMY (@adgpi) November 30, 2024
এই অনুষ্ঠানত আৰ্টিলাৰীৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল আদোশ কুমাৰ, কমাণ্ডেণ্ট স্কুল অৱ আৰ্টিলাৰী লেফটেনেণ্ট জেনেৰেল এন এছ ছাৰ্না আৰু ছিংগাপুৰৰ সশস্ত্ৰ বাহিনীৰ মুখ্য আৰ্টিলাৰী বিষয়া কৰ্ণেল অং চিউ পেং উপস্থিত থাকে। বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণকাৰী জোৱানসকলক উচ্চ পৰ্যায়ৰ পেছাদাৰী দক্ষতা আৰু বিশেষজ্ঞতা প্ৰদৰ্শন কৰাৰ বাবে প্ৰশংসা কৰে।
এই অনুশীলনত ব্যাপক যৌথ প্ৰস্তুতি, সমন্বয়, ইজনে সিজনৰ সামৰ্থ্য, পদ্ধতি আৰু ভাৰত আৰু ছিংগাপুৰৰ আৰ্টিলাৰী প্ৰক্ৰিয়াৰ মাজত উমৈহতীয়া আন্তঃপৃষ্ঠৰ বিকাশৰ বিষয়ে বুজাই দিয়া হৈছিল। ইয়াৰ ফলত ছিংগাপুৰৰ সশস্ত্ৰ বাহিনীৰ সৈনিক আৰু ভাৰতীয় সৈনিক সকলে সহযোগিতাৰে এই যৌথ অনুশীলনত অংশগ্ৰহণ কৰে । অনুশীলনৰ সময়ত দুয়োপক্ষই নিৰ্দিষ্ট প্ৰযুক্তি ব্যৱহাৰ কৰিছিল আৰু যৌথ প্ৰশিক্ষণৰ অংশ হিচাপে উত্তম পদ্ধতিৰ ভাগ-বতৰা কৰিছিল।