এটা যুগৰ অন্ত, অৱসৰ ল’ব ভাৰতৰ ‘ফ্লাইং কফিন’ MiG-21 য়ে, এই যুঁজাৰু বিমানখনৰ অভিলেখ চাওক…

৬০ বছৰতকৈ অধিক সময় সেৱা আগবঢ়োৱাৰ পাছত ফ্লাইং কফিন নামেৰে পৰিচিত MiG-21 যুঁজাৰু বিমানখনে অৱসৰ ল’বলৈ ওলাইছে। এক কথাত ক’ব পাৰি যে, ভাৰতীয় বায়ুসেনাত এটা যুগৰ অন্ত পৰিল৷

এটা যুগৰ অন্ত, অৱসৰ ল’ব ভাৰতৰ ফ্লাইং কফিন MiG-21 য়ে, এই যুঁজাৰু বিমানখনৰ অভিলেখ চাওক...

MiG-21

Published: 

01 Sep 2025 18:14 PM

অৱশেষত সেৱাৰ পৰা অব্যাহতি ল’ব MiG-21 যুঁজাৰু বিমানে। এই যুঁজাৰু বিমানখনে ছয় দশকৰো অধিক সময় দেশৰ সামৰিক বাহিনীক সেৱা আগবঢ়াই আহিছে। ৬০ বছৰতকৈ অধিক সময় সেৱা আগবঢ়োৱাৰ পাছত ফ্লাইং কফিন নামেৰে পৰিচিত MiG-21 যুঁজাৰু বিমানখনে অৱসৰ ল’বলৈ ওলাইছে। এক কথাত ক’ব পাৰি যে, ভাৰতীয় বায়ুসেনাত এটা যুগৰ অন্ত পৰিল৷

এই বিমানখনে ২৬ ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে অৱসৰ হ’ব। আৰু তাৰ মাত্ৰ ১ মাহৰ আগতে বিকানেৰৰ নল এয়াৰ বেছৰ পৰা শেষবাৰৰ বাবে উৰা মাৰিছিল মিগ-২১ যুঁজাৰু বিমানখনে। এই ঐতিহাসিক বিমানখনৰ উৰণৰ নেতৃত্ব দিছিল স্বয়ং বায়ুসেনাৰ মুৰব্বী বায়ু প্ৰধান মাৰ্শ্বাল এ পি সিঙে।

এই যুদ্ধ বিমানৰ ইতিহাসৰ লগত দুটা ডাঙৰ অধ্যায় জড়িত হৈ আছে। কাৰণ ১৯৭১ চনৰ যুদ্ধৰ পৰা ২০১৯ চনলৈকে পাকিস্তানৰ এফ-১৬ বিমান ধ্বংস কৰাৰ কৃতিত্ব আছে এই বিমানখনৰ। আনহাতে এই বিমানখনৰ একাধিক দুৰ্ঘটনাৰ খবৰ পাহৰি যোৱা উচিত নহয়। ৪০০ৰো অধিক দুৰ্ঘটনাত ২০০ৰো অধিক পাইলট আৰু ৫০ জনতকৈ অধিক সাধাৰণ নাগৰিকৰ প্ৰাণহানি হৈছে।

১৯৬৩ চনত ভাৰতীয় বায়ুসেনাৰ প্ৰথমখন ছুপাৰছনিক যুদ্ধ বিমান হিচাপে MiG-21 অন্তৰ্ভুক্ত কৰা হৈছিল। বিগত ৬০ বছৰত ভাৰতে ৮৭০ খনতকৈও অধিক MiG-21 বিমান ব্যৱহাৰ কৰিছে। এই যুঁজাৰু বিমানখনে অহা ২৬ ছেপ্টেম্বৰত চণ্ডীগড় বিমান ঘাটিত আনুষ্ঠানিকভাৱে সেৱাৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে বায়ুসেনাই। ইয়াৰ ঠাই ল’ব থলুৱাভাৱে নিৰ্মিত তেজছ মাৰ্ক-১ এ আৰু ফ্ৰান্সৰ পৰা আমদানি কৰা ৰাফেলৰ দৰে আধুনিক যুঁজাৰু বিমানে।

পূজাৰ বতৰত জেলেপীৰ সোৱাদ লয় নে? পিছে ভাৰতলৈ ক’ৰপৰা আহিছিল জেলেপী, জানেনে?
অতিকৈ ভাগ্যৱান এই ৩ ৰাশিৰ লোক, সহজে লাভ কৰে সফলতা!
এই ৫টা অভ্যাসে অকালতে বৃদ্ধ কৰি তুলিব পাৰে আপোনাক! জানক...
ছেপ্টেম্বৰত লক্ষ্মী-নাৰায়ণ যোগ! কপাল ফুলিব এই ৩ ৰাশিৰ...